ETV Bharat / sports

পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈয়ে : গঢ়িলে ৫টা ডাঙৰ অভিলেখ - PARIS OLYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 5:17 PM IST

Paris Olympics 2024: ভাৰতীয় খেলুৱৈ মনু ভাকৰ, লক্ষ্য সেন আৰু নুশ আগৰৱালে পেৰিছত ইতিহাস সৃষ্টি কৰাৰ লগতে বহুতো ডাঙৰ অভিলেখ গঢ়িছে । আজি আমি আপোনাক ভাৰতীয় খেলুৱৈসকলৰ দ্বাৰা গঢ়া ৫ টা ডাঙৰ অভিলেখৰ বিষয়ে ক'বলৈ গৈ আছোঁ । সম্পূৰ্ণ বাতৰি পঢ়ক...

Paris Olympics 2024
পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি ভাৰতীয় খেলুৱৈৰ (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ভাৰতে এই পৰ্যন্ত পেৰিছ অলিম্পিকত 3 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ তিনিওটা পদক শ্বুটিঙৰ পৰা আহিছে ৷ পেৰিছ অলিম্পিকত এতিয়ালৈকে ভাৰতে মিশ্ৰিত প্ৰদৰ্শন আগবঢ়াইছে ৷ পেৰিছ অলিম্পিকত ভাৰতে এতিয়ালৈকে যি অভিলেখ গঢ়ি তুলিছে, সেই অভিলেখৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ৷

পেৰিছ অলিম্পিকত ভাৰতে 5 টা ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় :

1/ মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ বাবে ইতিহাস ৰচনা কৰিছিল ৷ ইয়াৰ পূৰ্বে ভাৰতৰ কোনো মহিলা শ্বুটাৰে অলিম্পিক শ্বুটিঙত কোনো পদক লাভ কৰা নাছিল ৷ মনু ভাকৰে কেৱল তৃতীয় স্থানত উপস্থিত হৈ পদক অৰ্জন কৰাই নহয়, পেৰিছ অলিম্পিকত ভাৰতৰ বাবে পদক তালিকাত একাউন্টো মুকলি কৰে ৷

2/ 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত মনু ভাকৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ লগে লগে মনু ভাকৰে একেখন অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ পিচত মনু ভাকৰে 25 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ফাইনেলত চতুৰ্থ স্থান দখল কৰে ৷ একেখন অলিম্পিকতে তিনিখন শ্বুটিং ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয় মনু ৷

লগতে পঢ়ক : কেতিয়া আৰু কোন দিনা অলিম্পিকত জেভলিন থ্ৰ’ কৰিব নীৰজ চোপ্ৰাই ? - Paris Olympics 2024

3/ শ্বুটিঙত ভাৰতৰ কৃতিত্বৰ সৈতে আন এক পদক সংযোজন কৰে স্বপ্নীল কুছালে ৷ স্বপ্নীল কুছালে 50 মিটাৰ ৰাইফল 3 পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ৷ স্বপ্নীল কুছালে 50 মিটাৰ ৰাইফল 3 পজিচন ইভেণ্টত অলিম্পিক পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয় ৷

4/ পেৰিছ অলিম্পিকত ঘোঁৰা চলোৱাত ভাৰতৰ একমাত্ৰ ৰাইডাৰ অনুষ আগৰৱালে ইতিহাসৰ সৃষ্টি কৰিলে ৷ তেওঁ অলিম্পিকত ড্ৰেছেজত অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৷ ড্ৰেছেজ গ্ৰেণ্ড প্ৰিক্স ইণ্ডিভিজুৱেল কোৱালিফায়াৰ ৰাউণ্ডত অনুষ আগৰৱালে নিজৰ ঘোঁৰা ছাৰ কাৰ্মেলো অল্ডৰ সৈতে নৱম স্থান দখল কৰে ৷

5/ ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন অলিম্পিকত পুৰুষৰ একক বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৷ ছেমি ফাইনেল মেচত পৰাজয়ৰ পূৰ্বে পেৰিছ অলিম্পিকত লক্ষ্য সেনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ৷

লগতে পঢ়ক : অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.