ETV Bharat / sports

বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ; আৱদ্ধ ভাৰতীয় দল - Indian team Stranded in Barbados

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 12:17 PM IST

Indian team Stranded in Barbados : বাৰ্বাডোছত আৱদ্ধ হৈ আছে টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দল । জয় শ্বাহকে ধৰি বিচিচিআইৰ বিষয়া আৰু অনুৰাগীসকলো দ্বীপটোত আৱদ্ধ হৈ আছে । প্ৰতিকূল বতৰৰ বাবে বিমানবন্দৰত কোনো বিমানে যাত্ৰা কৰিব পৰা নাই । এনে পৰিস্থিতিত আতংকিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকলে ।

Indian team Stranded in Barbados
বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ আৱদ্ধ ভাৰতীয় দল (ANI PHOTO)

স্পৰ্টছ ডেস্ক,১ জুলাই : টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিচতে ৱেষ্ট ইণ্ডিজত বতৰৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে । বাৰ্বাডোছত ঘূৰ্ণীবতাহ বেৰিলৰ প্ৰভাৱ দেখা গৈছে । নেচনেল হাৰিকেন চেণ্টাৰে দেওবাৰে সন্ধিয়া আগজাননী দিছে যে দক্ষিণ-পূব কেৰিবিয়ানৰ ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ঘূৰ্ণীবতাহ বেৰিল বিপদজনক হোৱাৰ আশংকা আছে ।

বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে আটলাণ্টিক ঋতুৰ প্ৰথমটো ধুমুহাই সোমবাৰে ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।ইফালে পৰৱৰ্তী জাননী নোপোৱালৈকে বিমানবন্দৰত সকলো বিমানৰ চলাচল বন্ধ ৰখা হৈছে ।

আনহাতে টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটো দ্বীপটোতে আছে । কিন্তু প্ৰতিকূল বতৰৰ বাবে দ্বীপটোৰ পৰা বিমানৰ চলাচল বন্ধ হৈ থকাত দলটো, অনুৰাগীসকল, বিচিচিআইৰ বিষয়া আৰু সংবাদ মাধ্যমৰ লোকসকল দ্বীপটোত আৱদ্ধ হৈ আছে । লক্ষণীয়ভাৱে প্ৰত্যাশিত জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে ।

সূত্ৰৰ মতে, বিচিচিআইয়ে দিল্লীলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা চলাই আছে । দ্বীপটোলৈ এখন চাৰ্টাৰ বিমানৰ বাবে বিচিচিআইয়ে চেষ্টা চলাই আছে যাতে দলটোক সুৰক্ষিতভাৱে স্বদেশলৈ আনিব পৰা যায় । কিন্তু বিমানবন্দৰটো বন্ধ থকাৰ বাবে কোনো বিমানে ২৪ ঘণ্টা বা তাতকৈ অধিক সময়ৰ বাবে অৱতৰণ কৰিব নোৱাৰিব ।

অৱশ্যে এখন চাৰ্টাৰ বিমান আমেৰিকাৰ পৰা উৰা মাৰিব লাগিব যি হৈছে প্ৰায় ৫ ঘণ্টাৰ দূৰত্ব । অৱশ্যে সাগৰীয় ঘূৰ্ণীবতাহৰ সৈতে ঘণ্টাত ১০০ মাইললৈকে বতাহৰ গতি আৰু পৰৱৰ্তী ১৫ ঘণ্টাৰ বাবে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে কোনো বিমানে কেৰিবিয়ান দ্বীপটোলৈ যাব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে যদি বতৰে সহায় কৰে তেনেহ'লে বিজয়ী ভাৰতীয় দলটোৱে ১ জুলাইৰ নিশালৈ দ্বীপটো এৰিব পাৰিব ।

বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি বিচিচিআইৰ শীৰ্ষ বিষয়াসকলো সুৰক্ষিত ভ্ৰমণৰ অপেক্ষাত দ্বীপটোতে আছে । দক্ষিণ আফ্ৰিকাৰ দলটোৱে অৱশ্যে বিমানবন্দৰ বন্ধ কৰাৰ পূৰ্বে পুৱাই স্বদেশলৈ উৰা মাৰিছে । ইফালে, ক্ৰিকেট অনুৰাগীসকলো উদ্বিগ্ন হৈ পৰিছে । তেওঁলোকৰ বিমান বাতিল কৰা আৰু ৫ জুলাইলৈকে বিমান সংস্থাসমূহৰ কোনো আসন নোহোৱাৰ বাবে বিচলিত হৈছে ।

আনহাতে হোটেলবোৰ উপকূলত থকাৰ বাবে প্ৰতিকূল বতৰৰ ভয়ত কোঠা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই । এয়াৰ কানাডা, আমেৰিকান এয়াৰলাইনছ, কেৰিবিয়ান এয়াৰলাইনছ, ভাৰ্জিন আটলাণ্টিক আৰু জেটব্লুৰ অন্তিম খন বিমানে স্থানীয় সময় অনুসৰি আবেলি ৩.৩০ বজাত দ্বীপটো এৰিছে । বাকী বিমানবোৰ ঘূৰ্ণীবতাহৰ আশংকাত যাত্ৰা কৰিব পৰা নাই ।

লগতে পঢ়ক :টীম ইণ্ডিয়ালৈ গীত উচৰ্গা এ আৰ ৰহমানৰ - AR Rahman song to Team India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.