ETV Bharat / sports

ৰোহিত-বিৰাটলৈ ভিষ্টাৰা এয়াৰলাইনছৰ বিশেষ উপহাৰ - Team India Vijay Yatra

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:09 PM IST

Team India Vijay Yatra : টি-২০ বিশ্বকাপৰ চেম্পিয়ন হৈ বৃহস্পতিবাৰে দেশৰ ভূমি স্পৰ্শ কৰে টীম ইণ্ডিয়াই । বৰ্তমান টীম ইণ্ডিয়াৰ বিজয় উৎসৱৰ বাবে সাজু হৈছে মুম্বাই । আনহাতে, টি-২০ বিশ্বকাপ জয়ৰ পিচতে ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ ফৰ্মেটক বিদায় জনাইছে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই । ইফালে বৃহস্পতিবাৰে দিল্লীত উপস্থিত হোৱাৰ পিচত ভিষ্টাৰা বিমানযোগে দিল্লীৰ পৰা মুম্বাইলৈ ৰাওনা হয় ভাৰতীয় দলটোৱে । এই সময়তে ভিষ্টাৰা এয়াৰলাইনছে ৰোহিত-কোহলিক এক বিশেষ উপহাৰ প্ৰদান কৰে ।

Team India Vijay Yatra
দেশত উপস্থিত হোৱাৰ পিচত টীম ইণ্ডিয়াৰ কেইটামান বিশেষ মুহূৰ্ত (ANI Photo)

স্পৰ্টছ ডেস্ক, ৪ জুলাই : সুদীৰ্ঘ সময়ৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত ভাৰতীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । অৱশ্যে এৰাব নোৱৰা পৰিস্থিতিৰ বাবে পাঁচদিনৰ মূৰত বৃহস্পতিবাৰেহে বহু আকাংক্ষিত ট্ৰফী লৈ দেশৰ মাটিত ভৰি দিয়ে টীম ইণ্ডিয়া । পুৱা দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিচতেই হাজাৰ হাজাৰ অনুৰাগীয়ে টীম ইণ্ডিয়াক বিপুল আদৰণি জনায় । ইয়াৰ পিচত টীম ইণ্ডিয়াই প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে আৰু তেওঁ দলটোক অভিনন্দন জনোৱাৰ লগতে খেলুৱৈসকলক সৈতে বাৰ্তালাপ কৰে । এই সময়ছোৱাত দলটোৰ সদস্যসকলে বিশ্বকাপত তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে টীম ইণ্ডিয়াৰ সৈতে ২ ঘণ্টাতকৈও অধিক সময় কটায় ।

উল্লেখ্য, 17 বছৰৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত টি-20 বিশ্বকাপ ট্ৰফী জয় কৰাৰ পিচত টীম ইণ্ডিয়ালৈ উপহাৰৰ বন্যা বৈছে । শেহতীয়াভাৱে ভিষ্টাৰা এয়াৰলাইনছেও দলটোক এক পৃথক শৈলীত এক বিশেষ উপহাৰ দিছে । প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিচত টীম ইণ্ডিয়াই নতুন দিল্লীৰ পৰা মুম্বাইলৈ উৰা মাৰে । ভিষ্টাৰা এয়াৰলাইনছে টীম ইণ্ডিয়াৰ বাবে এক বিশেষ বিমানৰ ব্যৱস্থা কৰে ।

টীম ইণ্ডিয়াই নতুন দিল্লীৰ পৰা মুম্বাইলৈ ভিষ্টাৰা বিমানেৰে উৰা মাৰে । এই ভিষ্টাৰা বিমানখনৰ নম্বৰ হৈছে ইউ কে ১৮৪৫ । বিমানখন ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নামত উৎসৰ্গিত কৰা হয় । উল্লেখ্য, বিৰাটৰ জাৰ্চী নম্বৰ ১৮ আৰু ৰোহিতৰ জাৰ্চী নম্বৰ হৈছে ৪৫ । এই কথা মনত ৰাখিয়ে ভিষ্টাৰাই টীম ইণ্ডিয়াৰ বাবে এই বিশেষ বিমানখনৰ ব্যৱস্থা কৰে ।

টীম ইণ্ডিয়াই বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ পৰা মুম্বাইত বিজয় যাত্ৰা অনুষ্ঠিত কৰিব । এই যাত্ৰা মেৰিন ড্ৰাইভৰ পৰা আৰম্ভ হৈ ৱাংখেড়ে ষ্টেডিয়ামত সামৰণি পৰিব । ইয়াৰ বাবে বহুসংখ্যক অনুৰাগীয়ে ইতিমধ্যে মেৰিন ড্ৰাইভত উপস্থিত হৈছে । আনহাতে, ৱাংখেড়ে ষ্টেডিয়ামত এম চি এয়ে 'প্ৰথমে আহিলে প্ৰথম প্ৰৱেশৰ সুবিধা'ৰ ভিত্তিত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰিছে । বিজয় যাত্ৰাৰ পিচত ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিশাল অনুষ্ঠানৰ বাবে অনুৰাগীসকল ইতিমধ্যে ষ্টেডিয়ামত উপস্থিত হৈছে । সকলোৱে এতিয়া তেওঁলোকৰ বিশ্ব চেম্পিয়ন খেলুৱৈসকলৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.