ETV Bharat / sports

নৱনিযুক্ত প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে শ্ৰীলংকাত উপস্থিত ভাৰতীয় দল - TEAM INDIA REACHED SRI LANKA

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:44 PM IST

IND vs SL : ভাৰতীয় ক্ৰিকেট দলটো উপস্থিত হৈছে শ্ৰীলংকাৰ ভূমিত ৷ ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 3 খন এদিনীয়া আৰু 3 খন টি-20 মেচৰ সূচী লৈ সোমবাৰে উপস্থিত হয় চুবুৰীয়া দ্বীপৰাষ্ট্ৰখনত ৷ 27 জুলাইৰ পৰা অনুষ্ঠিত হ'ব এই শৃংখলাৰ মেচসমূহ ৷

TEAM INDIA REACHED SRI LANKA
বিমানবন্দৰৰ বাহিৰত ভাৰতীয় ক্ৰিকেট দলটো (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 জুলাই: প্ৰায় 17 বছৰৰ পিছত চলিত বৰ্ষত টি-20 বিশ্বকাপৰ খিতাপ দখলৰ পিছত ভাৰতীয় ক্ৰিকেট দলটোৰ মনোবল পূৰ্বতকৈ বৃদ্ধি পাইছে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এক শৃংখলাৰ বাবে ভাৰতীয় দলটো সোমবাৰে উপস্থিত হৈছে দ্বীপৰাষ্ট্ৰখনত ৷ দলটোৱে শ্ৰীলংকা ভ্ৰমণৰ প্ৰাকক্ষণত বিমানবন্দৰত উপস্থিত হোৱাৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত ৷

দলটোৰ নৱনিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে ভাৰতীয় ক্ৰিকেট দলটোৰ সদস্যসকলে বিমানবন্দৰৰ পৰা কৰা প্ৰস্থানৰ এটা ভিডিঅ' পোহৰলৈ আহিছে । ভিডিঅ'টোত মুখ্য প্ৰশিক্ষক গম্ভীৰ, টি-20 শৃংখলাৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু অভিষেক নায়াৰো আছে । একে সময়তে হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছনৰ লগতে শুভমন গিল আৰু ঋষভ পন্তকো বিমানবন্দৰৰ বাহিৰত দেখা গৈছে । টীম ইণ্ডিয়াই শৃংখলাটোৰ পূৰ্বে প্ৰস্তুতিৰ বাবে মঙলবাৰৰ পৰা অনুশীলনত অংশগ্ৰহণ কৰিব ।

ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু টি-20 ৰ নৱনিৰ্বাচিত অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ হ'ব । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত দুয়োগৰাকীয়ে মূল একাদশত কাক স্থান দিব, সেইলৈও দোমোজাত পৰাৰ সম্ভাৱনা আছে ৷

অৱশ্যে আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ দুয়োগৰাকীয়ে একেলগে কাম কৰিছে ৷ চৰ্চা অনুসৰি, টি-20 শৃংখলাৰ অধিনায়কত্বৰ বাবে সূৰ্য গম্ভীৰৰ প্ৰথম পছন্দ আছিল ৷ যাৰ বাবে পৰৱৰ্তী সময়ত বিচিচিআইয়ে যুৱ খেলুৱৈগৰাকীক টি-20 মেচৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে ।

টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিবলগীয়া শৃংখলাটোত আছে 3 খনকৈ টি-20 আৰু এদিনীয়া মেচ ৷ শৃংখলাটোৰ আটাইকেইখন টি-20 মেচ অনুষ্ঠিত হ’ব পাল্লেকেলেত ৷ সূচী অনুসৰি টি-20 শৃংখলাটো 27 জুলাইৰ পৰা আৰম্ভ হৈ 30 জুলাইত শেষ হ'ব । আনহাতে, 2 আগষ্টৰ পৰা কলম্বোত ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া মেচসমূহ অনুষ্ঠিত হ'ব ।

ভাৰত বনাম শ্ৰীলংকাৰ টি-20 সূচী:

  • প্ৰথম টি-20 : 27 জুলাই
  • দ্বিতীয় টি-20 : 28 জুলাই
  • তৃতীয় টি-20 : 30 জুলাই

ভাৰত বনাম শ্ৰীলংকাৰ এদিনীয়া সূচী

  • প্ৰথম এদিনীয়া: 2 আগষ্ট
  • দ্বিতীয় এদিনীয়া: 4 আগষ্ট
  • তৃতীয় এদিনীয়া: 7 আগষ্ট

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতৰ টি-২০ দল:

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল(উপ অধিনায়ক), যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু ছেমচন(উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্দীপ, অৰ্শদীপ সিং, খলিল, মহম্মদ আহমেদ ।

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া দল:

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল(উপ অধিনায়ক), বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), শ্ৰেয়ছ আয়াৰ, শিৱম দুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা ৷

লগতে পঢ়ক: পেৰিছ অলিম্পিক 2024 : এথলেটিকছৰ ইতিহাস, ক্ৰীড়া, ভাৰতীয় দলৰ নামজ্বলা খেলুৱৈ আৰু ইভেণ্টসমূহ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.