ETV Bharat / sports

শিক্ষক দিৱস 2024 উদযাপন: ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰসকল - TEACHERS DAY 2024

author img

By ETV Bharat Sports Team

Published : Sep 5, 2024, 7:02 PM IST

Former Indian cricketers: 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস হিচাপে ৷ এজন ব্যক্তিৰ জীৱনত শিক্ষকসকলে পালন কৰা ভূমিকাৰ বাবে এই বিশেষ দিনটোৰ জৰিয়তে জনোৱা হয় কৃতজ্ঞতা ৷ সেয়েহে ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰসকলৰ কাহিনীৰে যুগুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ৷

TEACHERS DAY 2024
কপিলদেৱ, অনিল কুম্বলে আৰু ৰবি শাস্ত্ৰী (ANI)

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে পালন কৰা হয় শিক্ষক দিৱস হিচাপে ৷ এই বিশেষ দিনটো ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে পালন কৰা হয় । লগতে এজন ব্যক্তিৰ জীৱনত শিক্ষকসকলে পালন কৰা ভূমিকাৰ বাবে এই বিশেষ দিনটোৰ জৰিয়তে জনোৱা হয় কৃতজ্ঞতা ৷

ক্ৰীড়াই হওঁক বা মনোৰঞ্জনে হওঁক, শিক্ষা অথবা স্বাস্থ্য সকলো ক্ষেত্ৰতে এগৰাকী শিক্ষকে সদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমাৰ ক্ৰিকেট-উন্মাদ দেশখনত এনে বহুতো কিংবদন্তি ক্ৰিকেটাৰ আছে, যিয়ে দেশৰ হৈ ক্ৰিকেট খেলাৰ পিছত ৰাষ্ট্ৰীয় দলবোৰক মুখ্য প্ৰশিক্ষক হিচাপে পথ প্ৰদৰ্শন কৰিছিল । একপ্ৰকাৰে তেওঁলোকেও শিক্ষকসকলৰ দৰে একে ভূমিকাই পালন কৰিছিল ৷

তেনে কেইগৰাকীমান ভাৰতীয় দলৰ প্ৰশিক্ষক হৈছে-

কপিলদেৱ: 1983 চনৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক আৰু এগৰাকী মহান অলৰাউণ্ডাৰ কপিলদেৱক 1999 চনত ৰাষ্ট্ৰীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । 1999 চনৰ ছেপ্টেম্বৰৰ পৰা 2000 চনৰ ছেপ্টেম্বৰলৈকে তেওঁৰ কাৰ্যকালত ভাৰতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ'বলগা হৈছিল । দুৰ্ভাগ্যবশতঃ কপিলদেৱৰ বিৰুদ্ধে উত্থাপিত মেচ ফিক্সিং অভিযোগে ক্ৰিকেট জগতক জোকাৰি গৈছিল । ফলস্বৰূপে কপিলদেৱে এই পদৰ পৰা পদত্যাগ কৰে ।

অনিল কুম্বলে: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ(আই পি এল) দুটা দলৰ সৈতে কাম কৰা প্ৰাক্তন ভাৰতীয় স্পিনাৰজনক 2016 চনত ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । মুখ্য প্ৰশিক্ষকজনে তেতিয়া অধিনায়ক বিৰাট কোহলীৰ সৈতে হোৱা মতভেদৰ পিছত উক্ত পদত এবছৰ কাম কৰিয়েই পদত্যাগ কৰিছিল ।

সন্দীপ পাটিল: ইংলেণ্ডৰ বিৰুদ্ধে 1996 চনত অনুষ্ঠিত শৃংখলাৰ পূৰ্বে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্যে, ভাৰতীয় দলটোৱে টেষ্ট আৰু এদিনীয়া শৃংখলাত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ ইয়াৰ পিছতে পাটিলক এই পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

মদন লাল: প্ৰাক্তন ভাৰতীয় দ্ৰুত বলাৰ মদন লালক 1996 চনত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । তেওঁৰ এবছৰীয়া কাৰ্যকালত ভাৰতে ঘৰুৱা শৃংখলাত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল । কিন্তু দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল ।

অংশুমান গায়কোৱাড়: প্ৰয়াত অংশুমান গায়কোৱাড়ৰ প্ৰশিক্ষণ কাৰ্যকালত(1997 ৰ পৰা 1999) ভাৰতে সীমিত অভাৰৰ ক্ৰিকেটত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছিল । আমোদজনকভাৱে অনিল কুম্বলেৰ এখন টেষ্ট মেচত 10 টা উইকেটৰ বিশ্ব অভিলেখো তেওঁৰ সময়তে স্থাপন হৈছিল ৷ গায়কোৱাড়ে এটা কঠিন সময়ত মদন লালৰ স্থান লৈছিল আৰু ভাল কাম কৰিছিল ।

ৰবি শাস্ত্ৰী: প্ৰাক্তন অভিজ্ঞ ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে 2015-16 বৰ্ষত দলৰ সঞ্চালক হিচাপে ভাল কাম কৰিছিল ৷ অধিনায়ক বিৰাট কোহলীৰ সৈতে তেওঁৰ আছিল এক সুন্দৰ সম্পৰ্ক ৷ শাস্ত্ৰীৰ কেৰিয়াৰৰ মুখ্য বিষয়সমূহৰ ভিতৰত আছে- ভাৰতে কম সময়ৰ বাবে(আঠ সপ্তাহ) টেষ্টত শীৰ্ষস্থান পুনৰ দখল কৰা, দুটা বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হোৱা আৰু ঘৰৰ মাটিতে অষ্ট্ৰেলিয়াক 3-0 ত পৰাস্ত কৰা(টি-20 শৃংখলা) ।

ৰাষ্ট্ৰীয় দলটোৱে ঘৰুৱা টেষ্টতো সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ভাৰতীয় দলটো একেৰাহে 14 খন টেষ্টত অপৰাজিত হৈ ৰৈছিল ।

গৌতম গম্ভীৰ: 42 বছৰ বয়সতে গৌতম গম্ভীৰে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ কম বয়সীয়া মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে । গম্ভীৰক ৰাহুল দ্ৰাবিড়ৰ স্থানত নিযুক্তি দিয়া হৈছিল, যাৰ কাৰ্যকাল সদ্য সমাপ্ত টি-20 বিশ্বকাপৰ সৈতে সামৰণি পৰিছিল । দ্ৰাবিড়ে তেওঁৰ পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈয়ে কাৰ্যকালৰ সম্প্ৰসাৰণ হোৱাটো প্ৰত্যাখ্যান কৰিছিল । গৌতম গম্ভীৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ এই পদত নিযুক্তি লাভ কৰে ।

লগতে পঢ়ক: জয়ছোৱাল-পন্ত-আয়াৰ বিফল: মুছিৰ খানৰ দৰ্শনীয় শতকৰে দুলীপ ট্ৰফীৰ খেল - DULEEP TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.