ETV Bharat / sports

আমগুৰিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত পদক বিজয়ী প্ৰিম ৰ'জীক সম্বৰ্ধনা

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:14 PM IST

Taekwondo competition in Jaipur : জয়পুৰত অনুষ্ঠিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰিম ৰ'জী গগৈক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন । বেলিমুখীয়াত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Taekwondo competition in Jaipur
জয়পুৰত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা

আমগুৰি, ১৭ ফেব্ৰুৱাৰী: আমগুৰিৰ বেলিমুখীয়াত ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰা প্ৰিম ৰ'জী গগৈক কালি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ৰাজস্থানৰ জয়পুৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদক আজুৰি অনা বেলিমুখীয়া ডিব্ৰুৱাল গাঁৱৰ প্ৰিম ৰ'জী গগৈক বেলিমুখীয়াত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । সৰুতে বিদ্যালয়লৈ যাবলৈ সংকোচ কৰা প্ৰিম ৰ'জীয়ে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত পদক আজুৰিবলৈ সক্ষম হৈছে ।

এই সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰিম ৰ'জীয়ে সুখৰ ক্ষণত আৱেগিক হৈ পৰে । প্ৰিম ৰ'জীৰ চকুৱেদি বৈ আহে দুধাৰি চকুলো । বেলিমুখীয়া ডিব্ৰুৱাল গাঁৱৰ ৰঞ্জীত গগৈ আৰু সাধনিকা গগৈৰ কন্যা প্ৰিম ৰ'জী গগৈয়ে আমগুৰিস্থিত আচাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াত ৰাজু কোঁ‌ৱৰৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ আছে ।

সদৌ অসম মহিলা সমিতি,আমগুৰি আঞ্চলিক মহিলা সমিতি,নিলাক্ষী মে'মৰিয়েল একাডেমীৰ ৱেলফেয়াৰ ছ'চাইটি,নামতি আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাৰ লগতে বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন ব্য়ক্তিয়ে প্ৰিম ৰ'জীক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । এই সভাতেই প্ৰিম ৰ'জীৰ প্ৰতিভাৰ দিশলৈ চাই চামগুৰিস্থিত নিলাক্ষী মে'মৰিয়েল একাডেমীত দ্বাদশ শ্ৰেণীলৈকে প্ৰিম ৰ'জীক বিনামূলীয়াকৈ অধ্যয়ন কৰাব বুলি একাডেমীৰ ৱেলফেয়াৰ ছ'চাইটিৰ সচিব দিপ্তী বৰুৱাই ঘোষণা কৰে ।

প্ৰিম ৰ'জী কমাৰচুক ডিব্ৰুৱাল প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী । এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আছুৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতাৰ,সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰানী ৰাজকোঁৱৰৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । অনুষ্ঠানটোৰ আঁত ধৰে ইন্দ্ৰানী ৰাজকুমাৰীয়ে ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 500 উইকেট দখল ৰবিচন্দ্ৰন অশ্বিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.