ETV Bharat / sports

টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে ISISৰ ভাবুকি ! - ISIS threats

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:07 PM IST

ISIS threats: জুনত পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদান কৰাৰ খবৰ পোহৰলৈ আহিছে । অৱশ্যে নিউয়ৰ্কৰ নাছাউ প্ৰশাসনে সকলো পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

ISIS threats
ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে ISISৰ ভাবুকি (IANS)

স্পৰ্টছ ডেস্ক,৩০ মে': জুনত আৰম্ভ হ'ব পুৰুষৰ আইচিচি টি-২০ ক্ৰিকেট বিশ্বকাপ । ৯ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত গুৰুত্বপূৰ্ণ মেচখন । কিন্তু তাৰ পূৰ্বে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদান কৰিছে । ইয়াৰ পিচতে নিউয়ৰ্কত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হোচুলে এই সন্দৰ্ভত কয় যে তেওঁ এনৱাইপিডিক নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে ।

নিউয়ৰ্ক চহৰৰ সীমান্তৱৰ্তী নাছাউ কাউণ্টিৰ মুৰব্বী ব্ৰুছ ব্লেকমেনে কয় যে তেওঁলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু । সকলো সাৱধানতা অৱলম্বন কৰা হৈছে । প্ৰতিটো ভাবুকিক গুৰুত্ব সহকাৰে লোৱা হৈছে । এনে ধৰণৰ ভাবুকিক লৈ অধিক চিন্তিত নহয় বুলিও তেওঁ উল্লেখ কৰে ।

ইছলামিক ষ্টেট সন্ত্ৰাসবাদী আইএছআইএছয়ে এই ভাবুকি প্ৰদান কৰিছে । সংগঠনটোৱে ব্ৰিটিছ চেট চাইটত ক্ৰিকেট ষ্টেডিয়ামৰ এখন ফটো পোষ্ট কৰিছিল, যাৰ ওপৰত ড্ৰোণ উৰি আছিল । তাৰ ওপৰত ভাৰত-পাকিস্তান খেলৰ তাৰিখ ৯/০৬/২০২৪ লিখা আছিল । এনবিচি নিউয়ৰ্ক টিভিৰ এক প্ৰতিবেদনত পোষ্টটোৰ এটা স্ক্ৰীণশ্বট প্ৰকাশ কৰা হৈছে ।

নিউয়ৰ্কৰ বিষয়াসকলে আইএছআইএছৰ পোষ্টটোক নস্যাৎ কৰিছে । লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে । প্ৰশাসনৰ মতে নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে । কোনো ৰাজহুৱা সুৰক্ষাৰ ভাবুকি নাই যদিও পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা হৈছে ।

নাছাউ আৰক্ষীৰ মতে প্ৰশাসনে নিউয়ৰ্কলৈ অহা ভাৰতৰ দৰ্শনাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁলোকে কাম কৰি আছে । নাছাউ কাউণ্টিৰ আৰক্ষী আয়ুক্ত পেট্ৰিক ৰাইডাৰে কোৱা মতে কোনো বিশ্বাসযোগ্য ভাবুকি নাই । কিন্তু আৰক্ষীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে নাছাউ ক্ৰিকেট ষ্টেডিয়ামৰ ক্ষমতা ৩০,০০০ । এই ষ্টেডিয়াম টি-২০ বিশ্বকাপৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে । টি-২০ বিশ্বকাপ ১ জুনত ভাৰত আৰু বাংলাদেশৰ মাজত এখন অনুশীলন মেচৰ সৈতে আৰম্ভ হ'ব । তাৰ পিচত ৩ জুনৰ পৰা নিয়মীয়া টুৰ্ণামেণ্ট মেচ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক এই টুৰ্ণামেন্টৰ সম্পূৰ্ণ তথ্য - ICC T20 Cricket World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.