ETV Bharat / sports

আমেৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়; নায়কৰ ৰূপত ৰ'ষ্টন চেজ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:25 PM IST

T20 World Cup 2024: টি-২০ বিশ্বকাপ ২০২৪ৰ ৪৬ সংখ্যক খেলত ৱেষ্ট ইণ্ডিজে আমেৰিকাক ৯ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে । কেৰিবিয়ান দলটোৰ হৈ ৰ'ষ্টন চেজে মাত্ৰ ১৯ ৰাণ দি ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । ছাই হ'পে ৩৯ টা বলত ৮২ ৰাণৰ আক্ৰমণাত্মক ইনিংছ খেলে ।

T20 World Cup 2024
আমেৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয় (AP PHOTO)

স্পৰ্টছ ডেস্ক, ২২ জুন : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ মেচত ৱেষ্ট ইণ্ডিজে আমেৰিকাক পৰাস্ত কৰে । ইয়াৰ লগে লগে ৱেষ্ট ইণ্ডিজ দলে ছুপাৰ-৮ পৰ্যায়ৰ প্ৰথমখন মেচত জয়ী হয় । ইয়াৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত ৱেষ্ট ইণ্ডিজ পৰাজয়ৰ সন্মুখীন হৈছিল । অৱশ্যে আমেৰিকাৰ বিৰুদ্ধে খেলত ৱেষ্ট ইণ্ডিজে ৰাণ-ৰেটৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ।

প্ৰথমে বেটিং কৰি আমেৰিকাৰ দলটোৱে ১৯.৫ অভাৰত ১২৮ ৰাণ সংগ্ৰহ কৰিছিল । এণ্ড্ৰিজ গৌছে আমেৰিকাৰ হৈ সৰ্বাধিক ২৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰিও নীতিশ কুমাৰে ২০, ষ্টিভেন টেইলৰে ২ ৰাণ আৰু অধিনায়ক এৰন জনছে ১১ টা বলত ১১ ৰাণ সংগ্ৰহ কৰে । একেদৰে ক'ৰী এণ্ডাৰছনেও ১৫ টা বলত ৭ ৰাণ সংগ্ৰহ কৰে আৰু মিলিন্দ কুমাৰেও ২১ টা বলত ১৯ ৰাণৰ ইনিংছ খেলে ।

ৱেষ্ট ইণ্ডিজৰ বলিং প্ৰদৰ্শন অতি আকৰ্ষণীয় আছিল । য'ত ৰ'ষ্টন চেজে এক আকৰ্ষণীয় স্পেলত ৪ অভাৰত ১৯ ৰাণ দি ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । ইয়াৰ উপৰিও আলজাৰি জোছেফে ৩১ ৰাণত ২ টা, আন্দ্ৰে ৰাছেলে ৩১ ৰাণত ৩ টা আৰু গুডাকেশে এটা উইকেট দখল কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩১ ৰাণৰ টাৰ্গেটৰ পিছে পিছে কেৰিবিয়ান দলটোৱে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে । ৱেষ্ট ইণ্ডিজৰ হৈ ছাই হ'পে সুন্দৰ বেটিং কৰি ৩৯ টা বলত ৮২ ৰাণ সংগ্ৰহ কৰে । যাৰ ফলত দলটোৱে শক্তিশালী ৰাণ-ৰেটেৰে বিজয় সাব্যস্ত কৰে । একে সময়তে নিকোলাছ পুৰাণে ১২ টা বলত অপৰাজিত ২৭ ৰাণ সংগ্ৰহ কৰে । খেলখনত ৰ'ষ্টন চেজক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

সম্প্ৰতি দক্ষিণ আফ্ৰিকাই দুয়োখন মেচত জয়ী হৈ গ্ৰুপ B-ৰ শীৰ্ষত আছে । তাৰ পিচতে ৱেষ্ট ইণ্ডিজ শক্তিশালী ৰাণ-ৰেটৰ বাবে দ্বিতীয় স্থানত আছে । ইংলেণ্ড তৃতীয় স্থানত আছে ।

লগতে পঢ়ক :আজি ছুপাৰ-৮ ত ভাৰত বনাম বাংলাদেশ; মেচৰ এক পূৰ্বলোকন - T20 Cricket World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.