ETV Bharat / sports

বাংলাদেশ-আফগানিস্তানৰ মেচত বিধিপথালি বৰষুণৰ : ছেমি ফাইনেলৰ আশা সজীৱ কৰিব কোনে ? - T20 World Cup 2024

T20 World Cup 2024: প্ৰতিকূল বতৰৰ প্ৰত্যাহ্বান নেওচি টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজত বাংলাদেশ-আফগানিস্তান ৷ দল দুটাৰ মাজত অনুষ্ঠিত হৈ আছে ছুপাৰ-৮ ৰ অন্তিমখন খেল । ছেমি ফাইনেলৰ প্ৰৱেশৰ যুঁজত কোন হ'ব সফল ? খেলৰ ফলাফলে নিৰ্ধাৰণ কৰিব চলিত বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ভৱিষ্যত ।

author img

By ANI

Published : Jun 25, 2024, 9:35 AM IST

T20 World Cup 2024
লক্ষ্য ছেমি ফাইনেল; বাংলাদেশ আৰু আফগানিস্তানৰ সংঘৰ্ষ (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৫ জুন : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনৰ পিচত ছুপাৰ-৮ পৰ্যায়ৰ অন্তিমখন মেচ আফগানিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈছে । আৰ্নোছ ভেল গ্ৰাউণ্ডত অনুষ্ঠিত টি-২০ বিশ্বকাপ ২০২৪ ৰ ছুপাৰ-৮ ৰ খেলখনত টছত জয়ী হৈ আফগানিস্তানে নাজমুল হুছেইন শান্তোৰ নেতৃত্বৰ বাংলাদেশক ফিল্ডিঙৰ আহ্বান জনায় । এইখন খেল আফগান দলটোৰ বাবে অতি আৱশ্যকীয় ।

দলটোৱে চলিত টি-২০ বিশ্বকাপ ২০২৪ ৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ খেলখনত জয়ী হ'ব লাগিব ৷ আফগানিস্তান আত্মবিশ্বাসী হৈ আছে, কিয়নো ইয়াৰ পূৰ্বে দলটোৱে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰিছিল ।

ইফালে, বাংলাদেশ দলটোৱেও টি-২০ বিশ্বকাপ ২০২৪ ৰ যাত্ৰা বিজয়ৰ সৈতে সামৰিব বিচাৰিব । আফগানিস্তানৰ অধিনায়ক ৰছিদ খানে কয় যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ে তেওঁলোকক শক্তি প্ৰদান কৰিছে ৷

খেলখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰিছে । আফগানিস্তানৰ হৈ গুৰবাজে সৰ্বাধিক ৪৩ ৰাণ সংগ্ৰহ কৰে । গুৰবাজৰ বাহিৰে বাকীবোৰ বেটছমেনে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে । একেদৰে ৰিছাদ হুছেইনে ৪ অভাৰত ২৬ ৰাণ দি ৩ টা উইকেট লাভ কৰিছে । একেদৰে মুস্তাফিজুৰ ৰহমান আৰু তাস্কিন আহমেদে এটাকৈ উইকেট লাভ কৰে ।

আফগানিস্তানে বান্ধি দিয়া স্ক’ৰক লৈ বাংলাদেশৰ চিন্তাৰ কাৰণ নাই । কিন্তু বতৰে বাংলাদেশৰ উদ্বেগ বঢ়াইছে । খেলখনত বতৰে বিধি-পথালি দিয়া দেখা গৈছে । বাংলাদেশে ১১৬ ৰাণ লক্ষ্য অনুসৰণ কৰিবলৈ বেটিং কৰিবলৈ ওলাই আহিছে যদিও বৰষুণে খেল স্থগিত ৰাখিবলৈ বাধ্য কৰিছে । বাংলাদেশে ৩.২ অভাৰত ৩ টা উইকেট হেৰুৱাই ৩১ ৰাণ সংগ্ৰহ কৰিছে । ইফালে বৰষুণ বন্ধ হোৱাৰ লগে লগে বাংলাদেশ-আফগানিস্তানৰ মাজৰ খেলখন পুনৰ আৰম্ভ হৈছে ।

লক্ষণীয়ভাৱে বাংলাদেশে যদি ১২ অভাৰ বা তাৰ পূৰ্বে টাৰ্গেট সম্পূৰ্ণ কৰি খেলখনত জয়ী হয়, তেনেহ'লে ছেমি ফাইনেলত দলটোৱে প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে । আফগানিস্তানৰ এই বিজয়ে অষ্ট্ৰেলিয়াক নিৰাশ কৰিব ।

লগতে পঢ়ক :অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ; অধিনায়ককোচিত ইনিংছ উপহাৰ ৰোহিতৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.