ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব এইসকল ভাৰতীয় বলাৰ - India vs South Africa Final

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:18 PM IST

India vs South Africa Final: টি-২০ বিশ্বকাপ ২০২৪ ৰ অন্তিমখন খেল দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব । এনে পৰিস্থিতিত ভাৰতৰ ৫ গৰাকী বলাৰে ভাবুকি মাতি আনিব পাৰে আফ্ৰিকান বেটছমেনসকললৈ ৷ এইকেইজন বলাৰ কোন, চাওক আমাৰ এই প্ৰতিবেদনত ৷

India vs South Africa Final
দক্ষিণ আফ্ৰিকাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব এইসকল ভাৰতীয় বলাৰ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৮ জুন : ২৯ জুনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেল । বাৰ্বাডোছৰ কেনিংটন অভেল ব্ৰিজটাউন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ মেচখন । এই ফাইনেল খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব ।

এই খেলখনত দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে ভাৰতৰ তীব্ৰ বলিং আক্ৰমণৰ সন্মুখীন হ'ব লাগিব । চলিত প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ হৈ অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই উন্নত প্ৰদৰ্শন দাঙি ধৰিছে । এতিয়া এইসকল বলাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সকলো উজাৰি দিবলৈ প্ৰস্তুতি চলাইছে ।

টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

  1. ভাৰতৰ হৈ টি-২০ বিশ্বকাপ ২০২৪ত অৰ্শদীপ সিঙে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ আছে । অৰ্শদীপে এতিয়ালৈকে ৭ খন খেলত ১৫ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৯ ৰাণত ৪ টা উইকেট । তেওঁ এই ছিজনত দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী । আফ্ৰিকান দলৰ বিৰুদ্ধে ৫ খন টি-২০ খেলত অৰ্শদীপে ৮ টা উইকেট দখল কৰিছে ।
    India vs South Africa Final
    অৰ্শদীপ সিং (IANS PHOTOS)
  2. যশপ্ৰীত বুমৰাহ হৈছে টি-২০ বিশ্বকাপ ২০২৪ ত সৰ্বাধিক উইকেট লোৱা ভাৰতৰ দ্বিতীয়গৰাকী সফল বলাৰ । বুমৰাহে ৭ খন খেলত ১৩ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৭ ৰাণত ৩ টা উইকেট । বুমৰাহৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২ খন টি-২০ খেলত মাত্ৰ ১ টা উইকেট আছে । এতিয়া তেওঁ এই পৰিসংখ্যা উন্নত কৰিব বিচাৰিব ।
    India vs South Africa Final
    যশপ্ৰীত বুমৰাহ (IANS PHOTOS)
  3. কুলদীপ যাদৱে ভাৰতৰ হৈ গ্ৰুপ পৰ্যায়ত এখনো খেল খেলিব পৰা নাছিল । তেওঁ চুপাৰ-৮ আৰু তাৰ পিচত ছেমি ফাইনেলত আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছে আৰু ভাৰতৰ হৈ টি-২০ বিশ্বকাপ ২০২৪ ত তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ পৰিছে । কুলদীপৰ ৪ খন খেলত ১০ টা উইকেট আছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৯ ৰাণত ৩ টা উইকেট । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২ খন টি-২০ খেলত কুলদীপৰ নামত ৬ টা উইকেট আছে ।
    India vs South Africa Final
    কুলদীপ যাদৱ (IANS PHOTOS)
  4. হাৰ্দিক পাণ্ডিয়া টি-২০ বিশ্বকাপ ২০২৪ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী পঞ্চমগৰাকী বলাৰ । হাৰ্দিকে ৭ খন খেলত মুঠ ৮ টা উইকেট দখল কৰিছে । তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১১ খন টি-২০ খেলত ৬ টা উইকেট লৈছে ।
    India vs South Africa Final
    হাৰ্দিক পাণ্ডিয়া (IANS PHOTOS)
  5. টি-২০ বিশ্বকাপ ২০২৪ত অক্ষৰ পেটেল ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ আছে । অক্ষৰে ৭ খন খেলত ৮ টা উইকেট দখল কৰিছে । তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১১ খন টি-২০ খেলত ৬ টা উইকেট অৰ্জন কৰিছে ।
    India vs South Africa Final
    অক্ষৰ পেটেল (IANS PHOTOS)

ভাৰতৰ এই ৫ গৰাকী বলাৰে এতিয়া ফাইনেলত দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক, এডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ আৰু হেনৰিখ ক্লাছেনৰ দৰে বিস্ফোৰক বেটছমেনৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বিচাৰিব । তেওঁলোকৰ উৎকৃষ্ট পৰিসংখ্যা দেখি দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলো চিন্তিত হ'ব ।

লগতে পঢ়ক :2022 ৰ মধুৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু - T 20 WORLD CUP 2024

লগতে পঢ়ক :টি 20 বিশ্বকাপ : সৰ্বকালৰ সৰ্বাধিক সফল অধিনায়কত পৰিণত ৰোহিত শৰ্মা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.