ETV Bharat / sports

টি-২০ বিশ্বকাপ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ ঈৰ্ষণীয় পৰিসংখ্যা - T20 World Cup 2024 - T20 WORLD CUP 2024

IND vs PAK WC T20 Match : পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত বিৰাট কোহলীৰ পৰিসংখ্যা যথেষ্ট আকৰ্ষণীয় । পাকিস্তানৰ বলাৰসকলে টি-২০ বিশ্বকাপ ইতিহাসত মাত্ৰ এবাৰহে বিৰাট কোহলীক আউট কৰিবলৈ সক্ষম হৈছে । কোহলীৰ ঈৰ্ষণীয় পৰিসংখ্যা জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

IND vs PAK WC T20 Match
বিৰাট কোহলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:55 PM IST

স্পৰ্টছ ডেস্ক, ৭ জুন : চলিত আইচিচি টি-২০ বিশ্বকাপৰ লীগ পৰ্যায়ৰ দ্বাদশ মেচত ৯ জুন, দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । এই মেচখনত ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব । এইবাৰৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন বিৰাট কোহলীয়ে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'ব পাৰে, কিন্তু সেইবুলি তেওঁক উলাই কৰিব নোৱাৰি । কিয়নো পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ পৰিসংখ্যা অতি ভাল । যেতিয়াই পাকিস্তানৰ বলাৰসকলে টীম ইণ্ডিয়াক বেকফুটলৈ ঠেলি দিয়ে, সেই সময়তে বিৰাট কোহলীয়ে সন্মুখলৈ আহি দলক নেতৃত্ব দিয়ে ।

দেওবাৰে নিউয়ৰ্কৰ নাচাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বিৰাটে পুনৰ এবাৰ পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ দমনীয় প্ৰদৰ্শন অব্যাহত ৰখাৰ সুযোগ লাভ কৰিব । উল্লেখ্য, বিৰাটে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰে যদিও তেওঁ মাত্ৰ ১ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় । কিন্তু সদ্যসমাপ্ত আইপিএলত কোহলীয়ে আৰচিবিৰ হৈ ইনিংছ মুকলি কৰি মুঠ ৭৪১ ৰাণ সংগ্ৰহ কৰিছিল । এতিয়া তেওঁ পাকিস্তানৰ বিৰুদ্ধে পুনৰবাৰ নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিব বিচাৰিব ।

টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বিৰাটৰ পৰিসংখ্যা

  • বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ, ২০১২ত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল । তেওঁ এই মেচখনত ৮টা চাৰি আৰু ২টা ছয়েৰে ৬১ টা বলত অপৰাজিত ৭৮ ৰাণ সংগ্ৰহ কৰে ।
  • টি-২০ বিশ্বকাপ, ২০১৪ ত বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৩২ টা বলত ৪টা চাৰি আৰু এটা ছয়েৰে অপৰাজিত ৩৬ ৰাণ সংগ্ৰহ কৰে ।
  • বিৰাটে টি-২০ বিশ্বকাপ, ২০১৬ ত পাকিস্তানৰ বিৰুদ্ধে ৭টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৭ টা বলত অপৰাজিত ৫৫ ৰাণ কৰিছিল ।
  • টি-২০ বিশ্বকাপ, ২০২১ ত বিৰাটে পাকিস্তানৰ বিৰুদ্ধে ৫টা চাৰি আৰু এটা ছয়েৰে ৪৯ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰে ।
  • বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ, ২০২২ ত ৬টা চাৰি আৰু ৪টা ছয়ৰে ৫৩ টা বলত অপৰাজিত ৮২ ৰাণ কৰিছিল ।

পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ টি-২০ ৰেকৰ্ড যথেষ্ট ঈৰ্ষণীয় । তেওঁ পাকিস্তানৰ বিৰুদ্ধে ১০ খন মেচৰ ১০ টা ইনিংছত ৫টা অৰ্ধশতকৰ সহায়ত ৪৮৮ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে অপৰাজিত 82 ৰাণ । বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে বেটেৰে ৪৮টা চাৰি আৰু ১১টা ছয় সংগ্ৰহ কৰিছে । ইয়াৰ উপৰি বলিঙত তেওঁ পাকিস্তানৰ বিৰুদ্ধে এটা উইকেটো দখল কৰিছে ।

লগতে পঢ়ক :হাৰিছ ৰৌফৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ গুৰুতৰ অভিযোগ আমেৰিকান ক্ৰিকেটাৰৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.