ETV Bharat / sports

চুপাৰ-8ৰ মহাৰণ : কেংগেৰুৰ সন্মুখত 206 ৰাণৰ বিজয় লক্ষ্য, ৰোহিতৰ অধিনায়কোচিত 92 - T20 World Cup 2024 - T20 WORLD CUP 2024

IND vs AUS: টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। অধিনায়ক ৰোহিত শৰ্মাই 92 ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে। এই মেচত অষ্ট্ৰেলিয়াই মূল একাদশত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। সম্পূৰ্ণ খবৰ পঢ়ক...

T20 World Cup 2024
ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:45 PM IST

স্পৰ্টছ ডেস্ক, 24 জুন : ছেইণ্ট লুছিয়াৰ ডেৰেন ছেমি ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে চুপাৰ-8ৰ মেচ ৷ মেচখনত প্ৰথমে বেটিং কৰি অধিনায়ক ৰোহিত শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 206 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছে ৷ মাত্ৰ আঠ ৰাণৰ বাবে শতক বঞ্চিত হোৱা ৰোহিত শৰ্মাই 92 ৰাণৰ এক অধিনায়কোচিত ইনিংছ খেলে ৷

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াৰ অধিনায়ক মিছেল মাৰ্শ্বে ৷ প্ৰথমে বেটিং কৰি ভাৰতীয় দলে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে ৷ দলীয় স্ক’ৰ ছয়তে ভাৰতে বিৰাট কোহলীৰ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক বেটিঙেৰে দলক শক্তিশালী স্থিতিত উপনীত কৰে ৷ হিটমেনে মাত্ৰ 41 টা বলতে 92 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ অধিনায়কগৰাকীয়ে 8 টা ছয় আৰু 7 টা চাৰিৰে এই ইনিংছ সজায় ৷ তাৰকা বেটছমেন বিৰাট কোহলীয়ে অনুৰাগীকক হতাশ কৰি 5 টা বলত কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰে মোকাবিলা : ছেইণ্ট লুচিয়াত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

ৰোহিত শৰ্মাৰ উইকেট পতনৰ পিচত ঋষভ পন্ট, সূৰ্য কুমাৰ যাদৱ, শিভম ডুবে আৰু হাৰ্দিক পাণ্ডিয়াই দলক আগুৱাই নিয়ে ৷ ঋষভ পন্টে 15 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে 16 টা বলত 31 ৰাণৰ এক ইনিংছ খেলে ৷ শিভম ডুবেই 22 টা বলত 28 ৰাণ খেলি পেভিলিয়নমুখী হয় ৷ আনহাতে হাৰ্দিক পাণ্ডিয়াই 17 টা বলত 27 ৰাণ সংগ্ৰহ কৰাৰ লগতে ৰবীন্দ্ৰ জাডেজাই 9 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ অষ্ট্ৰেলিয়াৰ হৈ মিছেল ষ্টাৰ্ক আৰু মাৰ্কাছ ষ্টইনিছে 2 টাকৈ উইকেট দখল কৰে ৷ জছ হেজেলউডে 1 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, ভাৰতত অনুষ্ঠিত হৈ যোৱা এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ পাচত ভাৰতীয় দলে আজিৰ মেচত জয়লাভ কৰাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে ৷ ইতিমধ্যে কেংগেৰু বাহিনীয়ে নিজৰ ইনিংছ আৰম্ভ কৰি 8 অভাৰত 1 টা উইকেট হেৰুৱাই 83 ৰাণ সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয়ে ছেমিত ভাৰতৰ প্ৰৱেশ ৰুদ্ধ কৰিব নেকি ! - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.