ETV Bharat / sports

ছুপাৰ এইটৰ প্ৰথম মেচত আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান; পিটচ ৰিপোৰ্ট, সম্ভাৱ্য একাদশৰ পূৰ্বানুমান - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 9:46 AM IST

India vs Afghanistan Match Preview : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত বৃহস্পতিবাৰে ভাৰত আৰু আফগানিস্তানৰ মাজত এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে । মেচখনৰ পূৰ্বে পিটচ ৰিপোৰ্ট আৰু দুয়োটা দলৰ সম্ভাৱ্য একাদশৰ বিষয়ে এক আলোকপাত ।

India vs Afghanistan Match Preview
ছুপাৰ এইটত ভাৰত-আফগানিস্তানৰ প্ৰতিদ্বন্দ্বিতা (AP Photo)

স্পৰ্টছ ডেস্ক, ২০ জুন : বুধবাৰৰ পৰা আৰম্ভ হৈছে চলিত টি-২০ বিশ্বকাপৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ ছুপাৰ-৮ পৰ্যায়ৰ মেচ । আনহাতে, বৃহস্পতিবাৰে ভাৰতে এই পৰ্যায়ৰ অভিযান আৰম্ভ কৰিব আফগানিস্তানৰ বিৰুদ্ধে । ভাৰত আৰু আফগানিস্তানৰ মাজত এই মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ আশা কৰা হৈছে । মেচখন ভাৰতীয় সময়মতে নিশা ৮ বজাৰ পৰা বাৰ্বাডোজৰ ব্ৰিজটাউনৰ কেনিংটন অভেলত অনুষ্ঠিত হ'ব । ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল আৰু ৰছিদ খানৰ নেতৃত্বত আফগানিস্তান দলে মেচখনত জয়লাভৰ বাবে যে আপ্ৰাণ চেষ্টা চলাব তাত কোনো সন্দেহ নাই । মেচখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ'ব আৰু ডিজনী প্লাছ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং কৰা হ'ব । মেচখনৰ পূৰ্বে দুয়োটা দলৰ জয়-পৰাজয়ৰ পৰিসংখ্যা, পিটচ ৰিপোৰ্ট আৰু দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশৰ বিষয়ে জানো আহক ।

ভাৰত বনাম আফগানিস্তানৰ পৰিসংখ্যা

ভাৰত আৰু আফগানিস্তানৰ মাজত এতিয়ালৈকে মুঠ ৮ খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে 7 খন মেচত জয়লাভ কৰাৰ বিপৰীতে আফগানিস্তানে 7 খন মেচত পৰাস্ত হৈছে । আনহাতে, দুয়োটা দলৰ মাজত এখন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছে । অৰ্থাৎ আফগানিস্তানে এতিয়ালৈকে ভাৰতৰ বিৰুদ্ধে এখনো মেচত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

কেনিংটন অভেলৰ পিটচ ৰিপোৰ্ট

কেনিংটন অভেলৰ পিটচখন দ্ৰুত গতি আৰু বাউন্সৰ বাবে জনাজাত । এই পিটচ ফাষ্ট বলাৰসকলৰ সহায়ক । পিটচত থকা বাউন্স হোৱাৰ বাবে বল বেটলৈ ভালদৰে আহে আৰু বেটছমেনসকলে ইয়াৰ সুবিধা ল'ব পাৰে । এবাৰ এই পিটচত থিতাপি লোৱাৰ পিচত এক ডাঙৰ ইনিংছৰ দিশে সহজে অগ্ৰসৰ হ'ব পাৰি । কিন্তু মেচখন আগবাঢ়ি যোৱাৰ লগে লগে পিটচখন ক্ৰমান্বয়ে লেহেমীয়া হৈ যাব আৰু স্পিন বলাৰসকলেও পুৰণি বলেৰে কাৰ্যকৰী প্ৰমাণিত হ'ব ।

এতিয়ালৈকে ইয়াত মুঠ ৪৭ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত ডিফেণ্ডিং দলে অৰ্থাৎ পিচত বেটিং কৰি 30 খন মেচত জয়লাভ কৰিছে । এই পিটচত প্ৰথম ইনিংছৰ গড় স্ক'ৰ হৈছে ১৫৫ আৰু দ্বিতীয় ইনিংছৰ গড় স্ক'ৰ হৈছে ১৪৬ ৰাণ । পিটচখনত সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে ২২৪ । এইবাৰে ইয়াতেই অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ত ২০১ ৰাণৰ এক বৃহৎ স্ক'ৰ সংগ্ৰহ কৰিছিল ।

ভাৰতৰ এই খেলুৱৈসকলৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব

ঋষভ পণ্ট আৰু সূৰ্যকুমাৰ যাদৱে আফগানিস্তানৰ বিৰুদ্ধে দ্ৰুততাৰে ৰাণ সংগ্ৰহ কৰিব বুলি আশা কৰা হ'ব । এই দুয়োগৰাকী বেটছমেনে বিস্ফোৰক শৈলীত খেলি ইতিমধ্যে এটাকৈ অৰ্ধশতক অৰ্জন কৰিছে । পণ্টৰ 3 টা ইনিংছত সংগ্ৰহ 96 ৰাণ । আনহাতে, সূৰ্যৰ 3 টা ইনিংছত সংগ্ৰহ 59 ৰাণ । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়েও আফগান দলৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে । অৱশ্যে ৰোহিতে ৩ খন মেচত ৬৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাটে মাত্ৰ ৫ ৰাণ সংগ্ৰহ কৰিছে ।

আনহাতে, বলিং বিভাগত অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে দলটোৰ হৈ উইকেট দখল কৰিব বুলি আশা কৰা হৈছে । অৰ্শদীপে ইতিমধ্যে 3 খন মেচত 7 টা উইকেট দখল কৰিছে । আনহাতে, বুমৰাহে 3 খন মেচত 5 টা উইকেট দখল কৰিছে । ইয়াৰ উপৰি হাৰ্দিক পাণ্ডিয়াই বল আৰু বেটেৰে আফগানিস্তানৰ বিৰুদ্ধে উজলি উঠিব পাৰে । হাৰ্দিকে ইতিমধ্যে 3 খন মেচত 7 টা উইকেট দখল কৰিছে ।

আফগানিস্তানৰ এই খেলুৱৈসকলৰ ওপৰত চকু থাকিব

ভাৰতৰ বাবে ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদৰান আফগানিস্তানৰ তৰফৰ পৰা বিপজ্জনক হ'ব পাৰে । গুৰবাজে ইতিমধ্যে 4 খন মেচত 167 ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, জাদৰানে 4 খন মেচত 152 ৰাণ সংগ্ৰহ কৰিছে । এই দুগৰাকীৰ উপৰি গুলবাদিন নাইবেও দলটোৰ হৈ ৬০ ৰাণৰ অৱদান আগবঢ়াইছে । ফজলহক ফাৰুকী আফগানিস্তানৰ বলাৰ ইউনিটৰ হৈ বিপজ্জনক প্ৰমাণিত হ'ব পাৰে । তেওঁ ইতিমধ্যে ৪ খন মেচত ১২ টা উইকেট দখল কৰিছে । তেওঁ হৈছে প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী । একে সময়তে ৰছিদ খানেও ভাৰতীয় বেটছমেনসকলক তেওঁৰ হাতৰ স্পিন যাদুৰে নীৰৱ কৰি ৰাখিব বিচাৰিব । ৰছিদ খানে ইতিমধ্যে একেসংখ্যক মেচত ৬ টা উইকেট লাভ কৰিছে ।

ভাৰত বনাম আফগানিস্তানৰ সম্ভাৱ্য একাদশ

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পণ্ট (উইকেটৰক্ষক), সূৰ্যকুমাৰ যাদৱ, শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ ।

আফগানিস্তান : ৰছিদ খান (অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদৰান, নাজিবুল্লাহ জাদৰান, আজমতুল্লাহ ওমৰজাই, মহম্মদ নবী, নুৰ আহমেদ, নবীন-উল-হক, ফজলহক ফাৰুকী, গুলবাদিন নাইব, মহম্মদ ইছাক ।

লগতে পঢ়ক :ছুপাৰ ৮ ত আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব পাৰিবনে ভাৰতে ? - T20 World Cup 2024

লগতে পঢ়ক :উন্নত প্ৰদৰ্শনেৰে ভাৰতৰ লক্ষ্য হ'ব ছেমি ফাইনেলত স্থান দখল - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.