ETV Bharat / sports

টি 20 বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা: গুৰুত্বপূৰ্ণ কিছু তথ্য - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:33 AM IST

T20 World Cup 2024 Final : ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে ২৯ জুনত বাৰ্বাডোছত অনুষ্ঠিত টি 20 বিশ্বকাপৰ বহু প্ৰত্যাশিত ফাইনেল মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখামুখি হ'ব । প্ৰতিযোগিতাখন ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ । সেই সন্দৰ্ভত মীনাক্ষী ৰাৱে লিখিছে এনেদৰে -

T20 WORLD CUP 2024
আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 29 জুন: শনিবাৰে অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল ৷ এই মেচখন অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৷ বিগত 10 বছৰৰ পিছত ভাৰতে টি 20 বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা ৷ সেয়ে মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা: খেল বাতিল হ’লে কোন হ’ব বিজয়ী ? - T20 World Cup 2024 final

এই মেচখনৰ কেইটামান বৈশিষ্ট্য এনেধৰণৰ -

  • দুয়োটা দল এই প্ৰতিযোগিতাত অপৰাজিত
  • ভাৰতে ২০০৭ চনত মাত্ৰ এবাৰ ট্ৰফী জিকিছিল
  • আইচিচি শৃংখলাৰ যিকোনো ফাইনেলত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ দক্ষিণ আফ্ৰিকা
  • কেপ্টেইন হিচাপে ৰোহিত শৰ্মাৰ দুটাকৈ কাৰ্যকালত ভাৰতৰ বাবে এয়া তৃতীয়খন টি 20 ফাইনেল ৷ য’ত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে ৰাহুল দ্ৰাবিড় ৷

লগতে পঢ়ক: লক্ষ্য ফাইনেল : বাৰ্বাডোছত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

  • ফাইনেলত প্ৰৱেশৰ পূৰ্বে ভাৰতে নিউয়ৰ্কৰ এক জটিল পিটছত তিনিখন মেচ খেলি আটাইবোৰ মেচতে জয় লাভ কৰিছিল
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰুপ পৰ্যায়ৰ খেলত আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাজিত কৰে
  • কেৰিবিয়ান পিটছত ভাৰতে আফগানিস্তান, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চুপাৰ 8 ৰ আটাইবোৰ মেচ জিকিছিল
  • ছেমি ফাইনেলত ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটোৱে ৷

দক্ষিণ আফ্ৰিকাৰ হাইলাইট: কেপ্টেইন এডেন মাৰ্ক্ৰাম নেতৃত্বাধীন দলটোৱে প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত আফগানিস্তানক মাত্ৰ 56 ৰাণতে বিদায় দি ফাইনেলৰ পথ প্ৰশস্ত কৰে ৷

ভাৰতৰ হাইলাইট: নিউয়ৰ্কৰ এক কঠিন পিটচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলি 119 ৰাণৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷

অধিনায়কে কি কয়:

আমি এটা দল হিচাপে বহুত শান্ত হৈ আছো । আমি বুজি পাওঁ যে ফাইনেলত শান্ত হৈ থকাটো কিমান গুৰুত্বপূৰ্ণ । আমি ৪০ অভাৰৰ মাজেৰে উৎকৃষ্ট সিদ্ধান্ত ল'ব লাগিব । আমি বুজি পাওঁ যে মেচখন গুৰুত্বপূৰ্ণ, কিন্তু আমি ভাল ক্ৰিকেট খেলিব লাগিব -- ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা

এইটো এক ব্যক্তিগত অনুপ্ৰেৰণা যে ফাইনেলত উপনীত হৈ ট্ৰফী অৰ্জনৰ সুযোগ পাইছো । কিন্তু আমি সকলোৱে বুজি পাওঁ এটা দল হিচাপে এই মেচখন কিমান গুৰুত্বপূৰ্ণ ৷ খেলপথাৰত ই কেনেদৰে কাম কৰে, বস্তুবোৰ আপোনাৰ বাবে কেনেদৰে চলিব পাৰে, বস্তুবোৰ আপোনাৰ বিৰুদ্ধে যাব পাৰে আৰু আপুনি সেইটো আপোনাৰ পদক্ষেপত ল’ব বাধ্য- দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰাম ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.