ETV Bharat / sports

টি 20 বিশ্বকাপৰ চুপাৰ 8 ৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ধৰাশায়ী ৱেষ্ট ইণ্ডিজ - T20 World Cup 2024 - T20 WORLD CUP 2024

WC Super 8 Match : টি 20 বিশ্বকাপৰ দ্বিতীয়খন চুপাৰ 8 ৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে মুখথেকেচা খাইছে ৱেষ্ট ইণ্ডিজে ৷ ফিল চল্টৰ ধুমুহাই সমগ্ৰ মেচখনৰে দিশ সলনি কৰে ৷ খেলুৱৈগৰাকীক আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ সন্মান ৷

T20 WORLD CUP 2024
টি 20 বিশ্বকাপ (AP Photo)
author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 2:18 PM IST

স্প’ৰ্টছ ডেস্ক, 20 জুন: টি 20 বিশ্বকাপৰ দ্বিতীয়খন চুপাৰ 8 ৰ মেচ গ্ৰুপ বি-ৰ ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হয় ৷ এই মেচখনত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত কৰে ।

প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি সংগ্ৰহ কৰে 181 ৰাণ ৷ প্ৰত্যুত্তৰত ইংলেণ্ডে 2.3 অভাৰ বাকী থকা অৱস্থাত এই স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: ছুপাৰ-৮ৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৮ ৰাণত পৰাস্ত আমেৰিকা - ICC T20 World Cup 2024

ৱেষ্ট ইণ্ডিজৰ অধিকাংশ বেটছমেনে মেচখনত স্ক’ৰ সংগ্ৰহত অৰিহণা যোগায় । দলটোৰ হৈ ব্ৰেণ্ডন কিঙে 13 টা বলত 23 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ৷ ইয়াৰোপৰি জনছন চাৰ্লছে 38, নিকোলাছ পুৰাণ আৰু অধিনায়ক ৰোমান পাৱেলে 36 ৰাণ, আন্দ্ৰে ৰাছেলে 1 আৰু ৰাডাৰফৰ্ডে 15 টা বলত 28 ৰাণৰ বৰঙণি আগবঢ়ায় ৷

মেচখনত ইংলেণ্ডৰ হৈ জোফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, মইন আলী আৰু লিয়াম লিভিংষ্টনে লাভ কৰে এটাকৈ উইকেট ৷

লগতে পঢ়ক: ছুপাৰ এইটৰ প্ৰথম মেচত আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান; পিটচ ৰিপোৰ্ট, সম্ভাৱ্য একাদশৰ পূৰ্বানুমান - T20 World Cup 2024

ইংলেণ্ডে 181 ৰাণৰ লক্ষ্য আগত লৈ মেচখনত সুন্দৰ আৰম্ভণি কৰে ৷ 22 টা বলত 25 ৰাণ সংগ্ৰহ কৰি বাটলাৰ আউট হোৱাৰ সময়ত ইংলেণ্ডে 67 ৰাণত প্ৰথমটো উইকেট হেৰুৱায় ।

বাটলাৰৰ পিছত তৃতীয় স্থানত বেটিং কৰিবলৈ অহা মইন আলীয়ে বেছি সময় ক্ৰিজত টিকি থাকিব নোৱাৰিলে ৷ খেলুৱৈগৰাকীয়ে 10 টা বলত 13 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে ৷

দলটোৱে কম সময়ৰ ভিতৰতে দুটাকৈ উইকেট হেৰুওৱাৰ পিছত জনি বেয়াৰষ্টো আৰু ফিল চল্টৰ যুটীয়ে দলটোক এক শক্তিশালী স্থিতিত উপনীত কৰি মেচখনৰ বিজয়ীৰ ভূমিকা গ্ৰহণ কৰে ৷ ইংলেণ্ডে 2.3 অভাৰ বাকী থকা অৱস্থাত মেচখনত বিজয়ী হয় ৷

লগতে পঢ়ক: উন্নত প্ৰদৰ্শনেৰে ভাৰতৰ লক্ষ্য হ'ব ছেমি ফাইনেলত স্থান দখল - T20 World Cup 2024

ফিল চল্টে 185 ৰ ষ্ট্ৰাইক ৰেটত 47 টা বলত সংগ্ৰহ কৰে 87 ৰাণ ৷ ইনিংছটো চল্টে 5 টা ছয় আৰু 7 টা চাৰিৰে সজায় ৷ আনহাতে, জনি বেয়াৰষ্টোৱে 26 টা বলত 48 ৰাণ সংগ্ৰহ কৰে, য’ত আছিল দুটা ছয় আৰু 5 টা চাৰি ৷

ৱেষ্ট ইণ্ডিজৰ হৈ আন্দ্ৰে ৰাছেল আৰু ৰষ্টন চেজে লাভ কৰে এটাকৈ উইকেট ৷

বৰ্তমান ৰাণ ৰেটৰ আধাৰত ইংলেণ্ড আছে গ্ৰুপ 2 ৰ শীৰ্ষস্থানত ৷ আনহাতে দক্ষিণ আফ্ৰিকা তালিকাৰ দ্বিতীয় স্থানত আছে ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ইতিহাসত ডিফেণ্ড কৰা ৫ টা সৰ্বনিম্ন টাৰ্গেট - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.