ETV Bharat / sports

টি-২০ বিশ্বকাপৰ ইতিহাসত ডিফেণ্ড কৰা ৫ টা সৰ্বনিম্ন টাৰ্গেট - T20 World Cup 2024 - T20 WORLD CUP 2024

T20 World Cup 2024: টি-২০ বিশ্বকাপৰ ইতিহাসত বিভিন্ন ধৰণৰ অভিলেখ দেখা গৈছে । চলিত ছিজনত তেনে কিছুমান অভিলেখ দেখা গৈছে । টি-২০ বিশ্বকাপৰ ইতিহাসৰ ৫ টা সৰ্বনিম্ন টাৰ্গেটৰ ভিতৰত ৪ টা এই বিশ্বকাপতে দেখা গৈছে ।

T20 World Cup 2024
টি-২০ বিশ্বকাপৰ ইতিহাসত ডিফেণ্ড কৰা ৫ টা সৰ্বনিম্ন টাৰ্গেট (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : Jun 18, 2024, 9:35 AM IST

স্পৰ্টছ ডেস্ক, ১৮ জুন : চলিত আইচিচি টি-২০ বিশ্বকাপ ২০২৪ কেইবাটাও অভিলেখৰ সাক্ষী হৈছে । যিবোৰ বিশ্বাস কৰাটো সহজ নহয় । এই বিশ্বকাপত বেটছমেনসকলে নিউয়ৰ্কৰ পিটছত ৰাণ সংগ্ৰহ কৰাৰ সময়ত প্ৰত্যাহ্বান সন্মুখীন হৈছে । যাৰ বাবে বিভিন্ন দলে সৰ্বনিম্ন টাৰ্গেটতে সন্তুষ্ট হ'বলগীয়া হৈছে । ইয়াৰ উপৰিও একাংশ দলে সৰ্বনিম্ন টাৰ্গেট ডিফেণ্ড কৰি অভিলেখ ৰচনা কৰিছে । লগতে ৰোমাঞ্চকৰ বিজয়ো সাব্যস্ত কৰিছে ।

টি-২০ বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ ৫ টা সৰ্বনিম্ন টাৰ্গেটৰ ভিতৰত ৪ টা এই বিশ্বকাপতে দেখা গৈছে । টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন টাৰ্গেট আৰু ডিফেণ্ড কৰা টাৰ্গেটৰ জানো আহক ।

টি-২০ বিশ্বকাপত ৫ টা সৰ্বনিম্ন টাৰ্গেট ডিফেণ্ড

  • বাংলাদেশে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন স্ক'ৰ কৰিছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপত ১৭ জুনত নেপালৰ বিৰুদ্ধে বাংলাদেশে ১০৬ ৰাণ কৰিছিল । ইয়াৰ পিচত বাংলাদেশে নেপালক দিয়া ১০৭ ৰাণৰ টাৰ্গেট ডিফেণ্ড কৰিছে । এয়া টি-২০ বিশ্বকাপৰ ইতিহাসৰ সৰ্বনিম্ন টাৰ্গেট আছিল যাক বাংলাদেশে ডিফেণ্ড কৰিছে ।
  • দক্ষিণ আফ্ৰিকাইও টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ কৰিছে । দক্ষিণ আফ্ৰিকাই চলিত টি-২০ বিশ্বকাপত ১০ জুনত বাংলাদেশৰ বিৰুদ্ধে ১১৩ ৰাণ সংগ্ৰহ কৰিছিল । বাংলাদেশক ১১৪ ৰাণৰ টাৰ্গেট দিয়াৰ পিচত দক্ষিণ আফ্ৰিকাই ইয়াক ডিফেণ্ড কৰিবলৈ সক্ষম হৈছে । এয়া টি-২০ বিশ্বকাপৰ ইতিহাসৰ দ্বিতীয় সৰ্বনিম্ন টাৰ্গেট আছিল যাক ডিফেণ্ড কৰা হৈছে ।
  • দক্ষিণ আফ্ৰিকাই টি-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয় সৰ্বনিম্ন স্ক'ৰ কৰিছে । দক্ষিণ আফ্ৰিকাই চলিত টি-২০ বিশ্বকাপত ১৫ জুনত নেপালৰ বিৰুদ্ধে ১১৫ ৰাণ কৰিছিল । নেপালক ১১৬ ৰাণৰ লক্ষ্য দিয়াৰ পিচত দক্ষিণ আফ্ৰিকাই ইয়াক ডিফেণ্ড কৰে ।
  • শ্ৰীলংকাই টি-২০ বিশ্বকাপৰ ইতিহাসত চতুৰ্থ সৰ্বনিম্ন স্ক'ৰ কৰিছিল । শ্ৰীলংকাই ৩১ মাৰ্চত টি-২০ বিশ্বকাপ ২০১৪ত নিউজীলেণ্ডৰ বিৰুদ্ধে ১১৯ ৰাণ সংগ্ৰহ কৰিছিল । নিউজীলেণ্ডক ১২০ ৰাণৰ টাৰ্গেট দিয়াৰ পিচত শ্ৰীলংকাই ৬০ ৰাণতে দলটোক অলআউট কৰে । এয়া টি-২০ বিশ্বকাপৰ ইতিহাসৰ চতুৰ্থ সৰ্বনিম্ন টাৰ্গেট আছিল যাক ডিফেণ্ড কৰা হৈছে ।
  • টি-২০ বিশ্বকাপৰ ইতিহাসত ভাৰতে পঞ্চমটো সৰ্বনিম্ন স্ক'ৰ কৰিছিল । টি-২০ বিশ্বকাপ ২০২০ত ভাৰতে ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে ১১৯ ৰাণ সংগ্ৰহ কৰিছিল । ১২০ ৰাণৰ টাৰ্গেট দিয়াৰ পিচত পাকিস্তানক ভাৰতে ১১৩ ৰাণতে বান্ধি ৰাখে আৰু এই টাৰ্গেট ডিফেণ্ড কৰে ।
লগতে পঢ়ক :কেৰিবিয়ান পিটছত এইসকল ভাৰতীয় বেটছমেনৰ ওপৰত থাকিব সকলোৰে দৃষ্টি... - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.