ETV Bharat / sports

T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ মেন ইন ব্লুৰ শিৰত; ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 30, 2024, 10:02 AM IST

Stars Congratulate Indian Team : অপেক্ষা ১৭ বছৰৰ ৷ অৱশেষত অপেক্ষাৰ অন্তত টি-২০ বিশ্বকাপ ২০২৪ ত বিজয়ৰ মুকুট ভাৰতীয় দলৰ শিৰত ৷ ভাৰতীয় দলটোক টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু প্ৰবীণ ৰাজনৈতিক নেতাই ক্ৰিকেটাৰসকলক অভিনন্দন জনাইছে ।

Stars Congratulate Indian Team
T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ মেন ইন ব্লুৰ শিৰত (IANS)

স্পৰ্টছ ডেস্ক, ৩০ জুন : ২৯ জুন, শনিবাৰে বাৰ্বাডোছত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ ২০২৪ ৰ খিতাপ দখল কৰে । ভাৰতৰ এই বিজয়ৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ আনন্দ প্ৰকাশ কৰি টিম ইণ্ডিয়াক অভিনন্দন জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে এটা পোষ্ট শ্বেয়াৰ কৰে ৷ তেওঁ পোষ্টটোত লিখে, ‘‘চেম্পিয়নছ ! আমাৰ দলটোৱে টি-২০ বিশ্বকাপত সফলতা লাভ কৰিছে ! ভাৰতীয় ক্ৰিকেট দলটোক লৈ আমি গৌৰৱান্বিত । এই মেচখন আছিল ঐতিহাসিক ।’’

প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও টুইটাৰযোগে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰিছে । তেওঁ লিখিছে, ‘‘বিশ্বকাপত জয় আৰু সমগ্ৰ প্ৰতিযোগিতাখনত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে টিম ইণ্ডিয়াক অভিনন্দন । সূৰ্য, চমকপ্ৰদক কেটছ ! ৰোহিত, এই জয় আপোনাৰ নেতৃত্বৰ প্ৰমাণ । ৰাহুল, মই জানো যে টিম ইণ্ডিয়াই আপোনাৰ গাইডেন্স মিছ কৰিব । Men in Blue য়ে আমাৰ দেশক গৌৰৱান্বিত কৰিছে ।’’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিজয়ৰ পাচত লিখিছে, ‘‘টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে টিম ইণ্ডিয়ালৈ মোৰ আন্তৰিক অভিনন্দন । কেতিয়াও ক’ব নোৱাৰা মনোভাৱেৰে দলটোৱে কঠিন পৰিস্থিতি অতিক্ৰম কৰি সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট দক্ষতা প্ৰদৰ্শন কৰে । চূড়ান্ত মেচখনত এয়া আছিল এক অসাধাৰণ জয় । ভাল লাগিল, টিম ইণ্ডিয়া ! আপোনালোকক লৈ আমি গৌৰৱান্বিত ।’’

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ এটা পোষ্টত লিখে, ‘‘WORLD T20 CHAMPIONS ! 🏆🏆 ঘৰলৈ পুনৰ ঘূৰি আহিল ট্ৰফী৷

১৭ বছৰৰ অপেক্ষাৰ অন্তত টি-২০ বিশ্বকাপ ২০২৪ ৰ শীৰ্ষত উঠা টিম ইণ্ডিয়ালৈ অভিনন্দন । এই জয়ে সঁচাকৈয়ে অপৰাজিত আৰু নিৰ্বিবাদ চেম্পিয়ন দল হিচাপে সমগ্ৰ প্ৰতিযোগিতাখনৰ উৎকৃষ্ট অভিযানক ন্যায্যতা প্ৰদান কৰিছে ।’’

ইয়াৰ উপৰিও কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড৹ মনসুখ মাণ্ডবিয়াইও টুইটাৰত লিখিছে, ‘‘আমি চেম্পিয়ন । টি-২০ বিশ্বকাপ জয়ৰ বাবে টিম ইণ্ডিয়ালৈ অভিনন্দন । এটা ডাঙৰ দলীয় প্ৰচেষ্টা আছিল । আমাৰ হৃদয়ৰ প্ৰতিটো স্পন্দনৰ লগে লগে ১.৪ বিলিয়ন ভাৰতীয়ই উদযাপন কৰিছে এই বিজয় ! সমগ্ৰ দেশ গৌৰৱেৰে জিলিকি উঠিছে ।’’

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে লিখিছে, ‘‘ভাৰতীয় ক্ৰিকেট দলে আজি ইতিহাসৰ সৃষ্টি কৰিছে । ১৭ বছৰৰ পাচত সন্মানীয় টি-২০ বিশ্বকাপ জয়ৰ সপোন পূৰণ কৰাৰ বাবে ৰোহিত শৰ্মা, সমগ্ৰ দল আৰু সহযোগী কৰ্মচাৰীলৈ মোৰ আন্তৰিক অভিনন্দন । আমাৰ দেশক আনন্দ আৰু উদযাপন কৰিবলৈ দিয়াৰ বাবে ধন্যবাদ ।’’

আন্নামলাই লিখিছে, ‘‘আইচিচি টি-২০ বিশ্বকাপত দৰ্শনীয় জয়ৰ বাবে টিম ইণ্ডিয়াক অভিনন্দন । আনকি যেতিয়া খেলৰ এটা পৰ্যায়ত অ’ডছ আমাৰ বিৰুদ্ধে আছিল, তেতিয়াও দলটোৱে হাৰ নামানিছিল, অবিৰতভাৱে উইকেট দখল কৰিছিল আৰু শেষত এটা উৎকৃষ্ট কেটচে জয় নিশ্চিত কৰিলে ।’’

দেৱেন্দ্ৰ ফাদনবীছে লিখিছে, ‘‘সাৰে জাহান ছে আটচ্ছা, হিন্দোস্তান হামাৰা ।’’ উত্তেজনাপূৰ্ণ, কল্পনাতীত, আচৰিত, বিশাল ! আইচিচি টি-২০ বিশ্বকাপত ভাৰতৰ উল্লেখযোগ্য জয় । ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰে । এয়া এক স্মৰণীয় সাফল্য যিটো দেশে সদায় অন্তৰত মনত থাকিব । আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ অবিশ্বাস্য প্ৰদৰ্শনে তেওঁলোকৰ অপৰিসীম সামৰ্থ আৰু প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে । চেম্পিয়নৰ খিতাপ পুনৰ লাভৰ বাবে তেওঁৰ সংকল্প সঁচাকৈয়ে উল্লেখযোগ্য ।’’

‘‘ৰোহিত শৰ্মাৰ অধিনায়কত্ব আৰু সমগ্ৰ দলৰ দলীয় কাম-কাজলৈ প্ৰণাম, পুনৰবাৰ অভিনন্দন, শুভেচ্ছা আৰু বহুত শুভেচ্ছা ।’’

লগতে পঢ়ক : ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

টি-20 ৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে - India vs South Africa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.