ETV Bharat / sports

মিচেল মাৰ্শ্বৰ নেতৃত্বত টি-২০ বিশ্বকাপৰ যুঁজত নামিব টীম অষ্ট্ৰেলিয়া; দলত নাই ষ্টিভ স্মিথ - T20 WC 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:08 PM IST

T20 WC 2024
AUSTRALIAN SQUAD FOR T20 WC

T20 WC 2024: আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে বুধবাৰে অষ্ট্ৰেলিয়াই ১৫ জনীয়া দল ঘোষণা কৰিছে । অষ্ট্ৰেলিয়াৰ তাৰকাৰে ভৰা দলটোৰ নেতৃত্ব দিব মিচেল মাৰ্শ্বে ।

স্প’ৰ্টছ ডেস্ক, ১ মে': আমেৰিকা আৰু কেৰিবিয়ানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে তাৰকাৰে ভৰা অষ্ট্ৰেলিয়া দলৰ অধিনায়ক হ’ব মিচেল মাৰ্শ্ব । ক্ৰিকেট অষ্ট্ৰেলিয়াই বুধবাৰে নিজৰ অফিচিয়েল এক্সৰ জৰিয়তে ঘোষণা কৰে, ১৫ জনীয়া দলটো । অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে দলটোৰ অধিনায়কৰ দায়িত্ব মিচেল মাৰ্শ্বক দিছে, যিয়ে প্ৰথমবাৰৰ বাবে খেলখনৰ আটাইতকৈ চুটি ফৰ্মেটত নিজৰ দলটোৰ অধিনায়কত্ব কৰিব ।

চাৰি সপ্তাহৰ এই প্ৰতিযোগিতাখনৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা নাই প্ৰবীণ বেটছমেন ষ্টিভ স্মিথ, যুৱ খেলুৱৈ জেক ফ্ৰেজাৰ-মেকগাৰ্ক, অভিজ্ঞ ছিমাৰ জেছন বেহৰেণ্ডৰ্ফ আৰু অল ৰাউণ্ডাৰ মেট শ্বৰ্ট ।

এদিনীয়া আৰু টেষ্টৰ অধিনায়ক পেট কামিন্সে পেচ আক্ৰমণৰ নেতৃত্ব দিব । য’ত আছে প্ৰবীণ বাওঁহাতৰ পেচাৰ মিচেল ষ্টাৰ্ক । বিষ্ফোৰক অ’পেনাৰ আৰু অভিজ্ঞ খেলুৱৈ ডেভিদ ৱাৰ্ণাৰৰ ওপৰতো নিৰ্বাচকসকলে বিশ্বাস প্ৰকাশ কৰিছে ।

চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত উজ্জ্বল ফৰ্মত থকা আৰু বলাৰক আক্ৰমণ কৰা ৱাৰ্নাৰ আৰু ট্ৰেভিছ হেডৰ সৈতে অষ্ট্ৰেলিয়াই আৰম্ভণি কৰিব পাৰে নিজৰ বেটিং ইনিংছ ।

অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টয়নিছ আৰু কেমেৰন গ্ৰীণক দলত অন্তৰ্ভুক্ত কৰা হৈছে । উইকেটকীপাৰ মেথিউ ৱেডৰ নামো দলত আছে আৰু স্পিন বিভাগৰ নেতৃত্ব দিব ছিনিয়ৰ প্ৰ’ এডাম জাম্পাই । অহা জুন মাহৰ ২ তাৰিখৰ পৰা ২৯ তাৰিখলৈ অনুষ্ঠিত হ'ব এই মহাৰণ ।

অষ্ট্ৰেলিয়াৰ দল: মিচেল মাৰ্শ্ব (অধিনায়ক), এষ্টন আগৰ, পেট কামিন্স, টিম ডেভিদ, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, গ্লেন মেক্সৱেল, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্ট’ইনিছ, মেথিউ ৱেড, ডেভিদ ৱাৰ্নাৰ আৰু এডাম জাম্পা ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ বাবে ইংলেণ্ডৰ দল ঘোষণা, নেতৃত্বত বাটলাৰ, দললৈ প্ৰত্যাৱৰ্তন আৰ্চাৰৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.