ETV Bharat / sports

কোন জনপ্ৰিয় ফুটবলাৰৰ বিৰুদ্ধে উঠিল ধৰ্ষণৰ অভিযোগ ?

শেহতীয়াকৈ এগৰাকী জনপ্ৰিয় ফুটবলাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ ইতিমধ্যে ফুটবলাৰগৰাকীৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছে ৷

author img

By ETV Bharat Sports Team

Published : 4 hours ago

Kylian Mbappe Rape Case
এমবাপে (AP Photo)

স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ: এগৰাকী ফৰাচী ফুটবল তাৰকাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ ষ্টকহমত সংঘটিত হোৱা এক ধৰ্ষণৰ ঘটনাত নাম সাঙোৰ খাইছে ফুটবলাৰগৰাকীৰ ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান সময়লৈকে ফুটবলাৰগৰাকীৰ নাম ৰাজহুৱা হোৱা নাই যদিও তেওঁ ধৰ্ষণকাণ্ডটোত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

চুইডিছ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ ফুটবলাৰগৰাকীয়ে তেওঁৰ দলৰ আন আন সদস্যসকলৰ সৈতে এটা নাইট ক্লাবলৈ গৈছিল ৷ তাৰ পৰা উভতি অহাৰ পিছতে এগৰাকী 25 বছৰীয়া যুৱতীয়ে ফুটবলাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰিছিল ধৰ্ষণৰ অভিযোগ ৷ স্থানীয় প্ৰশাসনে চৰকাৰী বিবৃতিৰ জৰিয়তে নিশ্চিত কৰিছিল যে ঘটনাটোৰ সৈতে সম্পৰ্কিত এক অভিযোগ দাখিল কৰা হৈছে ।

প্ৰতিবেদনত নিশ্চিত কৰা হৈছিল যে হোটেলখনত 10 অক্টোবৰত এনে এটা ঘটনা সংঘটিত হৈছিল ৷ কিন্তু এই গোচৰটোত কোনো সন্দেহজনক ব্যক্তিৰ নাম উল্লেখ কৰা হোৱা নাছিল । লগতে, বিবৃতিটোত উল্লেখ কৰা হৈছে যে এই সময়ত ঘটনা সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ কৰিব নোৱাৰি ।

উল্লেখ্য যে, ফ্ৰান্স বনাম ইজৰাইলৰ খেলৰ দিনা ছুইডেনৰ এটা নাইট ক্লাবত নিজৰ দলৰ সৈতে যোৱা কাইলিয়ান এমবাপেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ধৰ্ষণৰ অভিযোগ ।

এমবাপে এতিয়াও প্ৰাক্তন ক্লাব পি এছ জিৰ ওচৰত 5 কোটি ডলাৰতকৈ অধিক ঋণী । যাৰ বিৰুদ্ধে আদালতত এতিয়াও চলি আছে গোচৰ ৷ আদালতত বিষয়টোৰ শুনানিৰ ঠিক পূৰ্বে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ অভিযোগ সন্দৰ্ভত টুইট কৰি কয় যে, "এয়া সম্পূৰ্ণ ভুৱা খবৰ ৷ শুনানিৰ ঠিক আগতে এয়া হৈছে ৷"

আনহাতে, ছুইডেনৰ সংবাদ মাধ্যমৰ মতে, যোৱা বৃহস্পতিবাৰে ষ্টকহ’মৰ এটা নাইট ক্লাবত এমবাপে আৰু তেওঁৰ দলটোৱে বহু লোকৰ সৈতে মিলিত হৈছিল । সেই ভ্ৰমণৰ পিছত ছুইডেনৰ আৰক্ষীত ধৰ্ষণৰ অভিযোগ দাখিল কৰা হয় ৷

লগতে পঢ়ক: অনুৰাগীৰ মাজত হ’ব তীব্ৰ যুঁজ; ৰ’নাল্ডোৰ অভিলেখৰ সৈতে সমতা স্থাপন লিঅ’নেল মেছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.