ETV Bharat / sports

শীঘ্ৰেই বিয়াত বহিব এইগৰাকী তাৰকা খেলুৱৈ, পিছে কাক কৰি ল’ব জীৱন লগৰী ! - PV SINDHU WEDDING

দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা শ্বাটলাৰ পি ভি সিন্ধু 22 ডিচেম্বৰত বিবাহপাশত আবদ্ধ হ'ব।

ETV Bharat
পি ভি সিন্ধু-ফাইল ছবি (AFP)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 10:52 AM IST

নতুন দিল্লী: সোনকালেই বিবাহপাশত আবদ্ধ হ‘ব ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু । অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকী চলিত মাহৰ 22 তাৰিখে হায়দৰাবাদস্থিত আইটি পেছাদাৰী ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ সাজু হৈছে। তেওঁ পোচিডেক্স টেকন'লজিছৰ কাৰ্যবাহী সঞ্চালক। তেওঁলোকৰ বিবাহ অনুষ্ঠান ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ'ব। বিবাহ উদযাপন অনুষ্ঠান এই মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব।

বিবাহ সম্পৰ্কে কি ক’লে সিন্ধুৰ পিতৃয়ে ?

এই সন্দৰ্ভত সিন্ধুৰ দেউতাকে পিটিআইক কয় যে বিবাহখন এমাহ আগতে চূড়ান্ত কৰা হৈছে আৰু পৰিয়ালটোৱে বিচাৰিছে যে বিয়াখন এই মাহতে অনুষ্ঠিত হওক কিয়নো জানুৱাৰীৰ পৰা সিন্ধুয়ে 2025 চনৰ ব্যস্ত চিজন আৰম্ভ কৰাৰ কথা । সিন্ধুৰ দেউতাক পি ভি ৰমনাই পিটিআইক কয়, "দুয়োটা পৰিয়ালে পূৰ্বৰে পৰা পৰস্পৰক চিনি পায় কিন্তু এমাহ আগতে সকলো চূড়ান্ত কৰা হৈছে। এইটোৱেই একমাত্ৰ সম্ভৱ সময় আছিল কিয়নো জানুৱাৰীৰ পৰা তেওঁৰ সময়সূচী যথেষ্ট ব্যস্ত হৈ পৰিব"। ৰমনাই লগতে কয় "সেয়েহে দুয়োটা পৰিয়ালে 22 ডিচেম্বৰত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অভ্যৰ্থনা অনুষ্ঠানটো 24 ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হ'ব।

সিন্ধুৰ হ’বলগীয়া স্বামী কোন?

ভেংকট দত্ত সাই হৈছে পোচিডেক্স টেকন'লজিছৰ কাৰ্যবাহী সঞ্চালক, যাৰ নতুন লোগো যোৱা মাহত সিন্ধুৱে মুকলি কৰিছিল। সাই হৈছে পোচিডেক্স টেকন'লজিছৰ পৰিচালন সঞ্চালক জি টি ভেঙ্কটেশ্বৰ ৰাওৰ পুত্ৰ। সাইয়ে লিবাৰেল এণ্ড মেনেজমেণ্ট এডুকেশ্বন ফাউণ্ডেশ্যনৰ পৰা লিবাৰেল আৰ্টছ এণ্ড চাইন্সেছ/লিবাৰেল ষ্টাডিজত ডিপ্ল’মা গ্ৰহণ কৰিছে। তেওঁ 2018 চনত ফ্লেম বিশ্ববিদ্যালয়ৰ বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা বিবিএ একাউণ্টিং এণ্ড ফাইনান্সৰ শিক্ষা সম্পূৰ্ণ কৰে আৰু তাৰ পিছত বাংগালোৰৰ আন্তৰ্জাতিক তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা ডাটা চাইন্স এণ্ড মেচিন লাৰ্ণিংত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

পি ভি সিন্ধুৰ সাফল্যমণ্ডিত কেৰিয়াৰ

পি ভি সিন্ধুক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়। তেওঁ একেৰাহে অলিম্পিকত পদক জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয়। সিন্ধুৱে প্ৰথমে 2016 ৰিঅ' অলিম্পিকত ৰূপৰ পদক জিকিছিল আৰু তাৰ পিছত 2020 টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ ওপৰিও সিন্ধুৱে 2017 চনত প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত উপনীত হৈছিল।

ইফালে, সোমবাৰে পি ভি সিন্ধু চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় চুপাৰ 300 টুৰ্ণামেণ্টৰ ফাইনেলত বিজয়ী হয়। সিন্ধুৰ কেৰিয়াৰত এইটো তৃতীয়বাৰৰ বাবে চৈয়দ মোদী খিতাপ জয় । ইয়াৰ পূৰ্বে, তেওঁ 2017 আৰু 2022 চনত এই খিতাপ জয় কৰিছে। শেষবাৰৰ বাবে সিন্ধুৱে 2022 চনৰ জুলাইত ছিংগাপুৰ অপেন জয় কৰি ইতিহাস ৰচনা কৰিছিল। তাৰ পিছত তেওঁ 2023 চনত স্পেইন মাষ্টাৰ্ছ 300 আৰু 2024 চনত মালয়েছিয়া মাষ্টাৰ্ছ 500ৰ ফাইনেলত উপনীত হৈছিল যদিও চূড়ান্ত মেচত পৰাস্ত হৈছিল।

লগতে পঢ়ক: সুন্দৰ যাত্ৰা কিন্তু কঠিন পৰাজয় : অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পিচত পি ভি সিন্ধুৰ প্ৰতিক্ৰিয়া - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.