ETV Bharat / sports

টি 20 মহিলা বিশ্বকাপত অঘটন; ছেমি ফাইনেলৰ পৰাই বিদায় অষ্ট্ৰেলিয়াৰ

South Africa beat australia: দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ বৃহৎ সাফল্য ৷ প্ৰথমবাৰৰ বাবে দলটোৰ হাতত পৰাজিত অষ্ট্ৰেলিয়া ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

ICC WOMENS T20 WORLD CUP 2024
অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা মহিলা দলৰ প্ৰথম ছেমি ফাইনেল (AP Photo)

স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ: আই চি চি মহিলা টি 20 বিশ্বকাপত অঘটন ৷ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছে শক্তিশালী দল হিচাপে গণ্য কৰা অষ্ট্ৰেলিয়া ৷ এই ৰোমাঞ্চকৰ মেচখনত 8 উইকেটৰ বিনিময়ত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে দক্ষিণ আফ্ৰিকাই ৷

উল্লেখ্য যে, মহিলা টি 20 বিশ্বকাপত প্ৰথমবাৰৰ বাবে বিপক্ষৰ হাতত পৰাজিত হয় কেংগাৰু বাহিনী ৷ বিগত 15 বছৰৰ তুলনাত অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে মহিলা টি 20 বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হয় ৷ এইবেলি প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত ভাৰতক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল কেংগাৰু বাহিনীয়ে ৷

দেওবাৰে অনুষ্ঠিত হ’ব ফাইনেল

আই চি চি মহিলা টি 20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল শুকুৰবাৰে নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব । এই মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ ৷ প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন দেওবাৰে অৰ্থাৎ 20 আগষ্টত ডুবাইত অনুষ্ঠিত হ'ব ।

6 বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া দ্বিতীয়বাৰৰ বাবে বাহিৰ

2009 চনৰ পিছত মহিলা টি 20 বিশ্বকাপত এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ৷ 2009 ৰ পৰা 2023 চনলৈ চাৰিটাকৈ দলে অৰ্জন কৰিছিল মহিলা টি 20 বিশ্বকাপৰ খিতাপ ৷ য’ত অষ্ট্ৰেলিয়াই ছয়বাৰকৈ খিতাপ দখল কৰে ৷

অৱশ্যে 2016 চনৰ ফাইনেলত পৰাজিত হৈ অষ্ট্ৰেলিয়াই হেৰুৱাইছিল খিতাপ ৷ তাৰোপৰি 2009 চনত ছেমি ফাইনেলত পৰাজিত হৈ দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল ৷ তাৰপিছত চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে এই ঘটনাৰ পুনৰাবৃত্তি ঘটে ৷

কেংগাৰুবাহিনীক কেনেদৰে পৰাস্ত কৰিলে আফ্ৰিকাই

টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি কেংগাৰুবাহিনীয়া 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 134 ৰাণ ৷ উইকেটকীপাৰ বেটছমেন বেথ মুনিয়ে দলটোৰ হৈ সৰ্বাধিক 44 ৰাণ সংগ্ৰহ কৰে । লগতে এলিজ পেৰীয়ে 31 ৰাণ, অধিনায়ক তাহিলা মেকগ্ৰাথে 27 ৰাণৰ বৰঙণি আগবঢ়ায় ৷

প্ৰত্যুত্তৰত 135 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই 17.2 অভাৰত 2 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ এন বছে 48 টা বলত অপৰাজিত 74 ৰাণৰ ইনিংছ খেলে । দলটোৰ অধিনায়ক লৰা ৱ’লৱাৰ্ডেও সংগ্ৰহ কৰিছিল 42 ৰাণ ৷

টি 20 বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ বৃহৎ জয়

  • 135 ৰাণ - অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে - ডুবাই - 2024
  • 124 ৰাণ - ইংলেণ্ডৰ বিৰুদ্ধে - পাৰ্থ - 2020
  • 119 ৰাণ - ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে - ডুবাই - 2024
  • 115 ৰাণ - নিউজিলেণ্ডৰ বিৰুদ্ধে - শিলহাট - 2014
  • 114 ৰাণ - বাংলাদেশৰ বিৰুদ্ধে - কেপটাউন - 2023

লগতে পঢ়ক: মহিলা টি-20 বিশ্বকাপ: ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতক প্ৰয়োজন চিৰবৈৰী পাকিস্তানৰ সহায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.