ETV Bharat / sports

ছুপাৰ-৮ৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৮ ৰাণত পৰাস্ত আমেৰিকা - ICC T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:21 AM IST

ICC T20 World Cup 2024: ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ-৮ৰ খেলত দক্ষিণ আফ্ৰিকাৰ বিজয় । ৰোমাঞ্চকৰ জয়ৰ দিশে আগবাঢ়িও পৰাজয় স্বীকাৰ আমেৰিকাৰ । আমেৰিকাৰ হৈ এণ্ড্ৰিজ গৌছে ৮০ ৰাণৰ ইনিংছ খেলে । কুইণ্টন ডি ককক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান ।

ICC T20 World Cup 2024
চুপাৰ-৮ৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৮ ৰাণত পৰাস্ত আমেৰিকা (AP)

স্পৰ্টছ ডেস্ক,২০ জুন : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ প্ৰথমখন খেল দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হয় । ৰোমাঞ্চকৰ খেলখনত দক্ষিণ আফ্ৰিকাই আমেৰিকাক ১৮ ৰাণত পৰাস্ত কৰে । আমেৰিকা দলটোৰ এণ্ড্ৰিজ গৌছে এক উত্তেজনাপূৰ্ণ যুঁজৰ নেতৃত্ব দিছিল যদিও অভিজ্ঞ দক্ষিণ আফ্ৰিকাই খেলখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

দক্ষিণ আফ্ৰিকাতে জন্মগ্ৰহণ কৰা গৌছে আমেৰিকাৰ হৈ ৪৭ বলত ৮০ ৰাণৰ নট আউট ইনিংছ খেলে । অন্তিম অভাৰলৈকে প্ৰতিযোগিতাখনত নিজৰ দলটোক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছিল ।

ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত বেটিং-অনুকূল পিচত ১৯৫ ৰাণৰ লক্ষ্যৰ পিচত গৈ দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণৰ বিৰুদ্ধে আমেৰিকাৰ বাবে এক স্মৰণীয় প্ৰচেষ্টা আছিল । হৰমিত সিঙৰ ২২ টা বলত ৩৮ ৰাণৰ সৈতে ষষ্ঠ উইকেটৰ বাবে ৯১ ৰাণৰ এক অবিশ্বাস্য পাৰ্টনাশ্বিপ খেলে ।

আমেৰিকাৰ ষ্টিভেন টেইলৰেও ১৪ টা বলত ২৪ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । অৱশ্যে বাকী বেটছমেন নীতিশ কুমাৰ (৮), অধিনায়ক এৰন জোনছ (০), কোৰী এণ্ডাৰছন (১২) আৰু শ্যান জাহাংগীৰ (৩) বেটিঙত ফ্লপ হৈছিল । যিয়ে দলটোক সমস্যাত পেলাইছিল ।

দ্বাদশ অভাৰত আমেৰিকাৰ স্ক'ৰ ৫ টা উইকেট হেৰুৱাই ৭৬ ৰাণ আছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ হৈ অনুৰ্ধ-১৯ খেলা গৌছ আৰু হৰমিতে যিমান সম্ভৱ খেলখন দলটোৰ পক্ষলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছিল । এসময়ত দক্ষিণ আফ্ৰিকাৰ বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে দুয়োগৰাকী বেটছমেন । কিন্তু শেষত, অভিজ্ঞ কাগিচো ৰাবাডাই পাৰ্টনাৰ্শ্বিপ ভংগ কৰাৰ লগে লগে খেলখন দক্ষিণ আফ্ৰিকাৰ পক্ষলৈ আহে । একেদৰে ৰাবাডাই তেওঁৰ অন্তিম অভাৰত মাত্ৰ ২ ৰাণ দিয়ে ।

দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি ককে ৪০ বলত ৭৪ ৰাণৰ এক দায়িত্বশীল ইনিংছ খেলে । শীৰ্ষ অৰ্ডাৰৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে আফ্ৰিকাই ৪ উইকেটত ১৯৪ ৰাণৰ স্ক'ৰ কৰিবলৈ সক্ষম হয় । শেষৰ ফালে হেনৰিখ ক্লাছেন ৩৬ ৰাণ আৰু ট্ৰিষ্টান ষ্টবছে ২০ ৰাণৰ ইনিংছ খেলে । ৭৪ ৰাণৰ বিজয়ী ইনিংছৰ বাবে কুইন্টন ডি ককক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক :ছুপাৰ এইটৰ প্ৰথম মেচত আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান; পিটচ ৰিপোৰ্ট, সম্ভাৱ্য একাদশৰ পূৰ্বানুমান - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.