স্প’ৰ্টছ ডেস্ক, 11 ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, প্ৰবীণ বাওঁহাতৰ বেটছমেন তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি (2019-2022) সৌৰভ গাংগুলীয়ে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈক লৈ এক চাঞ্চল্যকৰ বক্তব্য কৰিছে । দেখা গৈছে যে কিছুদিনৰ পৰা পাকিস্তান ক্ৰিকেটৰ অৱস্থা বেয়া হৈ আছে । বহু ডাঙৰ ডাঙৰ খেলুৱৈ দলত অন্তৰ্ভুক্ত হয় যদিও তেওঁলোকে নিজৰ দলটোক জয়ী কৰোৱাত সফল নহয় । পাকিস্তান ক্ৰিকেটৰ বেয়া দিন অব্যাহত আছে এদিনীয়া বিশ্বকাপ ২০২৩ৰ পৰা । এতিয়া সৌৰভ গাংগুলীয়ে নিজৰ বক্তব্যৰে পাকিস্তানী খেলুৱৈসকলক এটা ডাঙৰ বাৰ্তা দিছে ।
পাকিস্তানী খেলুৱৈ সন্দৰ্ভত বিবৃতি দিলে সৌৰভ গাংগুলীয়ে
পিটিআইৰ সৈতে হোৱা কথা-বতৰাত সৌৰভ গাংগুলীয়ে কয়, ‘‘পাকিস্তানত প্ৰতিভা আৰু আশাব্যঞ্জক খেলুৱৈৰ অভাৱ দেখিছোঁ । সেই দিনবোৰ মনত আছে যেতিয়া আমি পাকিস্তান ক্ৰিকেট দলত জাভেদ মিঞাদাদ, ছৈয়দ আনোৱাৰ, ৱাছিম আক্ৰাম, ৱাকাৰ ইউনিছ, মহম্মদ ইউছুফ আৰু ইউনিছ খানৰ দৰে খেলুৱৈক দেখা পাইছিলোঁ । এই খেলুৱৈসকল আগতে দলৰ মেৰুদণ্ড আছিল ।’’
Sourav Ganguly gives his take on the current state of Pakistan cricket 🇵🇰👀
— Jerry Bach (@JerryBach333066) September 10, 2024
Let's see now pic.twitter.com/g3fvaB5JEK
‘‘এখন মেচত জয়ী হ’বলৈ হ’লে প্ৰতিটো প্ৰজন্মই নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব । পাকিস্তানত ভাল আৰু উৎকৃষ্ট খেলুৱৈ উৎপাদন কৰিব লাগে । বিশ্ব ক্ৰিকেটলৈ চালে টি-২০ বিশ্বকাপ ২০২৪ আৰু পাকিস্তানে বাংলাদেশৰ হাতত পৰাস্ত হোৱা দেখিবলৈ পাওঁ ।’’ গাংগুলীয়ে লগতে কয় ৷
পাকিস্তানৰ দল আৰু তেওঁলোকৰ বেগী বলাৰসকলে খেলপথাৰত ত্ৰাস সৃষ্টি কৰিছিল । এতিয়া পাকিস্তান দলীয় সংঘাত আৰু হতাশাজনক খেলৰ বাবে পৰিচিত হৈছে । এনে পৰিস্থিতিত গাংগুলীয়ে পাকিস্তানক দিয়া সতৰ্কবাণী আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ভাল খেলুৱৈ উৎপাদন কৰিবলৈ দিয়া অনুৰোধ বহু পৰিমাণে সঠিক যেন লাগে ।