ETV Bharat / sports

সূৰ্যকুমাৰ যাদৱৰ সুন্দৰ প্ৰদৰ্শনৰে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন মুম্বাই - SYED MUSHTAQ ALI TROPHY 2024

Mumbai vs MP final: চৈয়দ মুস্তাক আলী ট্ৰফীৰ ফাইনেল মেচত মুম্বাইৰ বিৰুদ্ধে 5 উইকেটত পৰাস্ত মধ্যপ্ৰদেশ ৷

Syed Mushtaq Ali Trophy 2024
সূৰ্যকুমাৰ যাদৱ (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : 3 hours ago

স্প’ৰ্টছ ডেস্ক: চৈয়দ মুস্তাক আলী ট্ৰফী 2024 ৰ ফাইনেলত জয়লাভ মুম্বাইৰ ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত মুম্বাইয়ে মধ্যপ্ৰদেশক 5 উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে এই খিতাপ জয় কৰে ।

বেংগালুৰুত অনুষ্ঠিত ফাইনেল মেচখনত 175 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা মুম্বাইয়ে 17.5 অভাৰত 5 টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

সূৰ্যাংশ শ্বেগড়েৰ বিস্ফোৰক ইনিংছ

যুৱ বেটছমেন সূৰ্যাংশ শ্বেগড়ে 15 টা বলত তিনিটা চাৰি আৰু তিনিটা ছয়েৰে অপৰাজিত 36 ৰাণৰ মেচ বিজয়ী ইনিংছ খেলিছিল । তাৰোপৰি সূৰ্যকুমাৰ যাদৱে 48 ৰাণ আৰু আজিংক্য ৰাহানে 37 ৰাণ সংগ্ৰহ কৰে ৷ সূৰ্যাংশ শ্বেগড়েক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰাৰ বিপৰীতে ৰাহানেক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য চিৰিজৰ বঁটা ৷

মধ্যপ্ৰদেশৰ দলটোৱে প্ৰথমে বেটিং কৰি 20 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 174 ৰাণ । দলটোৰ অধিনায়ক ৰজত পাতিদাৰে 40 টা বলত 81 ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইৰ বলাৰসকলৰ ভিতৰত শাৰ্দুল ঠাকুৰ, দিয়াছ চেৰোৰ প্ৰত্যেকে দুটাকৈ উইকেট দখল কৰে ৷ আনহাতে, আনকোলেকাৰ, শিৱম দুবে, সূৰ্যাংশ শ্বেগড়ে লাভ কৰে এটাকৈ উইকেট ৷

দ্বিতীয়বাৰৰ বাবে খিতাপ দখল মুম্বাইৰ

মুম্বাইয়ে দ্বিতীয়বাৰৰ বাবে চৈয়দ মুস্তাক আলী ট্ৰফীৰ চূড়ান্ত খিতাপ অৰ্জন কৰে ৷ মুম্বাইয়ে 2022-23 ছিজনত প্ৰথমবাৰৰ বাবে এই ট্ৰফী জয় কৰিছিল ।

একেদৰে দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় মধ্যপ্ৰদেশ ৷ 2010 চনৰ ফাইনেলত উপনীত হোৱা মধ্যপ্ৰদেশে এইবাৰো ৰাণাৰ্ছ আপতে সন্তুষ্ট থাকিবলগা হয় ।

সৰ্বাধিক বাৰৰ বাবে খিতাপ জয় কৰা দলটো

এই প্ৰতিযোগিতাত সৰ্বাধিকবাৰৰ বাবে খিতাপ দখল কৰা দলসমূহৰ তালিকাৰ শীৰ্ষত আছে তামিলনাডুৰ নাম ৷ তামিলনাডুৱে আন যিকোনো দলৰ তুলনাত তিনিবাৰকৈ (2006, 2021, 2022 চনত) এই ট্ৰফী জয় কৰিছে ৷ আনহাতে, বৰোদা, গুজৰাট আৰু কৰ্ণাটকে দুবাৰকৈ চূড়ান্ত বিজয়ী দলৰ সোৱাদ লাভ কৰিছে ৷

মুম্বাই ক্ৰিকেট এছ'চিয়েশ্যনৰ শুভেচ্ছা জ্ঞাপন

মুম্বাই ক্ৰিকেট এছ'চিয়েছনৰ সভাপতি আজিংক্য নাইকে বিজয়ী দলটোক অভিনন্দন জ্ঞাপন কৰে ৷ নাইকে ইটিভি ভাৰতৰ আগত মুম্বাইৰ জয় সন্দৰ্ভত এনেদৰে কয়, "বি চি চি আই চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম এ টি) 2024 জয় কৰাৰ বাবে মুম্বাইক অভিনন্দন ! এয়া এক উল্লেখযোগ্য সাফল্য, যিয়ে প্ৰকৃত সাহস আৰু দলবদ্ধ কামক প্ৰদৰ্শন কৰে" ৷

লগতে পঢ়ক: আজিক্যং ৰাহানেৰ বিস্ফোৰক ইনিংছৰে ফাইনেলত মুম্বাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.