ETV Bharat / sports

মেচ ফিক্সিং ! ক্ৰিকেট জগতত তোলপাৰ লগাই গ্ৰেপ্তাৰ তিনি ক্ৰিকেটাৰ - MATCH FIXING IN CRICKET

cricketers arrested in match fixing: ক্ৰিকেট জগতত তোলপাৰ ৷ মেচ ফিক্সিঙৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন ফাষ্ট বলাৰৰ লগতে তিনি ক্ৰিকেটাৰ ৷

MATCH FIXING IN CRICKET
ক্ৰিকেটাৰৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ (Getty image)
author img

By ETV Bharat Sports Team

Published : Nov 30, 2024, 2:41 PM IST

স্প’ৰ্টছ ডেস্ক: দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হৈছে টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে ডাৰবানত ।

ইতিমধ্যে আয়োজক দল দক্ষিণ আফ্ৰিকাই মেচখনত এক শক্তিশালী স্থিতিত উপনীত হৈছে ৷ মেচখনত বিজয়ৰ বাবে দক্ষিণ আফ্ৰিকাক প্ৰয়োজন মাত্ৰ 5 টা উইকেটৰ ৷

কিন্তু ইয়াৰ মাজতে লাভ কৰা এক দুঃসংবাদে জোকাৰি গৈছে সমগ্ৰ ক্ৰিকেট জগত ৷ দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰায় 100 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা প্ৰাক্তন অভিজ্ঞ এগৰাকী খেলুৱৈক মেচ ফিক্সিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাক্তন ফাষ্ট বলাৰ লোনৱাহো টছটচোবেক শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰিছে । টছটচোবেৰ উপৰিও আন দুজন প্ৰাক্তন খেলুৱৈকো একে অপৰাধতে কৰা হৈছে গ্ৰেপ্তাৰ । এই খেলুৱৈসকলৰ বিৰুদ্ধে 2015/2016 ত অনুষ্ঠিত ঘৰুৱা টি-20 ৰাম শ্লেম প্ৰতিযোগিতাৰ সময়ত মেচ ফিক্সিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ।

দক্ষিণ আফ্ৰিকাই নিষিদ্ধ কৰিছে সাতজন ক্ৰিকেটাৰক

ই এছ পি এন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, 2016 আৰু 2017 চনত টি-20 টুৰ্ণামেণ্টৰ সময়ত ক্ৰিকেট দক্ষিণ আফ্ৰিকাই মেচ ফিক্সিঙৰ অপৰাধত নিষিদ্ধ কৰা সাতগৰাকী ক্ৰিকেটাৰৰ ভিতৰত আছিল লোনৱাবো টছটচোবে, থামি টোচোলকিল আৰু ইথি ম্বালাটিৰ নাম ৷

এই সাত খেলুৱৈৰ ভিতৰত অন্যতম অভিযুক্ত গোলাম বডীক ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে ৷ তদুপৰি জিন চিমছ আৰু পুমি মাৎচিক দোষী সাব্যস্ত কৰি শাস্তি হিচাপে ক্ৰিকেটৰ পৰা নিলম্বন কৰা হৈছিল । শেহতীয়াকৈ একেটা অপৰাধতে গ্ৰেপ্তাৰ কৰা হৈছে লোনৱাবো টছটচোবে, থামি টোচোলকিল আৰু ইথি ম্বালাটিক ৷

অৱশ্যে এই সন্দৰ্ভত আদালতত হ’বলগীয়া শুনানি 2025 চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে । আনহাতে, আলভিৰো পিটাৰছনৰ বিষয়ত নাই কোনো তথ্য ৷

100 ত কৈও অধিক উইকেট দখল লোনৱাবো টছটচোবেৰ

দক্ষিণ আফ্ৰিকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত লোনৱাবো টছটচোবেয়ে 100 তকৈও অধিক উইকেট দখল কৰিছে । তেওঁ 2009 চনত দক্ষিণ আফ্ৰিকাৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল । ক্ৰিকেটাৰগৰাকীয়ে 2013 চনত ভাৰতৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন এদিনীয়াত অংশগ্ৰহণ কৰিছিল ৷ আফ্ৰিকাৰ হৈ লনৱাবোৱে টেষ্টত 9 টা, এদিনীয়াত 94 টা আৰু টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 18 টা উইকেট দখল কৰিছে ৷

শচীন-বিৰাট আৰু ৰোহিতৰ উইকেট দখল কৰিছিল এইগৰাকী খেলুৱৈয়ে

বাওঁহতীয়া ফাষ্ট বলাৰ লোনৱাবো টছটচোবে তিনিওটা ফৰ্মেটত দক্ষিণ আফ্ৰিকাক প্ৰতিনিধিত্ব কৰিছিল । তেওঁ এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি সফলতা লাভ কৰিছিল ।

টছটচোবে 61 খন এদিনীয়াত দখল কৰিছিল 94 টা উইকেট । য’ত তেওঁ ৰোহিত শৰ্মা, বিৰাট কোহলী, এম এছ ধোনীৰ দৰে কিংবদন্তী ভাৰতীয় বেটছমেনসকলক নিজৰ চিকাৰ কৰি তুলিছিল ।

আনকি শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে তাৰকা খেলুৱৈয়ে অংশগ্ৰহণ কৰা 5 খন টেষ্টত 9 টা উইকেট দখল কৰিছিল । ইয়াৰোপৰি তেওঁ 23 খন টি-20 মেচত 18 টা উইকেট দখল কৰিছে । 2015 চনৰ ডিচেম্বৰৰ পৰা টছটচোবে ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ বাবে সুখবৰ; এডিলেইডৰ দ্বিতীয় টেষ্টৰ পৰা বাহিৰ জছ হেজলউড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.