ETV Bharat / sports

ৰাজপথত নিজৰ বাহন ৰখাই কি কৰিলে ৰোহিত শৰ্মাই

Rohit's birthday wishes to fan Girl: সামাজিক মাধ্যমত ভাইৰেল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ এক বিশেষ ভিডিঅ’ ৷ কি আছে এই ভিডিঅ’টোত ?

author img

By ETV Bharat Sports Team

Published : 2 hours ago

VIRAL VIDEO OF ROHIT SHARMA
ৰোহিত শৰ্মা (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয় লাভ কৰাৰ পিছত লৈছে সাময়িক বিৰতি ৷ সম্প্ৰতি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে চলাই আছে প্ৰস্তুতি ৷ এই শৃংখলা আৰম্ভ হ’ব 16 অক্টোবৰৰ পৰা ৷

ৰোহিতে এই অৱসৰৰ সময় নিজৰ ইচ্ছানুসৰিয়ে উপভোগ কৰি আছে ৷ শেহতীয়াকৈ তেওঁক প্ৰত্যক্ষ কৰা হৈছিল মুম্বাইৰ ৰাজপথত ৷

এই সময়ছোৱাত এনে কিবা এটা ঘটিছিল, যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে । ৰোহিত শৰ্মাই নিজৰ বাহনৰে গৈ থকা অৱস্থাত ৰাজপথতে বাহনখন ৰখাই এগৰাকী অনুৰাগীক জনাই জন্মদিনৰ শুভেচ্ছা ৷ কেৱল এয়াই নহয়, টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে অনুৰাগীৰ সৈতে তুলিছিল ফটো । তাৰপিছতে হাতেৰে অভিবাদন জনাই ৰোহিতে অনুৰাগীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ এই কাৰ্যত আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগীগৰাকী ৷

বৰ্তমান টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে টি 20 শৃংখলা খেলি আছে । এই শৃংখলাৰ প্ৰথমখন মেচ জিকি ভাৰতে শৃংখলা দখলত দৃষ্টি আৱদ্ধ ৰাখিছে ৷ এই শৃংখলাৰ অন্তিমখন মেচ 12 অক্টোবৰত হায়দৰাবাদৰ উপ্পল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

আনহাতে, নিউজিলেণ্ডে অক্টোবৰ মাহতে ভাৰত ভ্ৰমণ কৰিব । কিৱি দলটোৱে এই ভ্ৰমণত তিনিখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ নিউজিলেণ্ড ব’ৰ্ডে ইতিমধ্যে এই শৃংখলাটোৰ বাবে দল ঘোষণা কৰিছে । টম লাথামৰ অধিনায়কত্বত কিৱি বাহিনীয়ে টীম ইণ্ডিয়াৰ মুখামুখি হ'ব ৷ বি চি চি আইয়ে শীঘ্ৰেই ভাৰতীয় দল ঘোষণা কৰাৰ সম্ভাৱনা আছে । শৃংখলাটো আৰম্ভ হ'ব 16 অক্টোবৰৰ পৰা ৷

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ বাবে সকাহ; টেষ্টৰ পৰা বাদ পৰিল নিউজিলেণ্ডৰ বিপদজনক বেটছমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.