নগাঁও,৯ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰা নগাঁও জিলাত অৱস্থিত এখন গাঁও হৈছে ৰণথলী । কেঁচা সোণৰ অসমীয়া গহনাৰ বাবে বিখ্যাত এই ৰণথলী গাঁওখন । নগাঁও চহৰৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ নিলগত অৱস্থিত গাঁওখনত মানৰ আক্ৰমণকালত কোনো ৰজাই মানৰ বিৰুদ্ধে ৰণত লিপ্ত হোৱা বাবেই গাঁওখন ৰণথলী গাঁও হিচাপেই নামাকৰণ হোৱা বুলি বিভিন্ন গ্ৰন্থত উল্লেখ আছে ।
অসমীয়া গহনা-গাঁথৰিৰ বুৰঞ্জীত উল্লেখ কৰা অনুসৰি ১৮১৯ খ্ৰীষ্টাব্দৰ পৰা ১৮২৪ খ্ৰীষ্টাব্দলৈ অসমত চলা মানৰ আক্ৰমণকালত ৰণথলী গাঁৱতো চলিছিল মানৰ অমানৱীয় অত্যাচাৰ । কিন্তু মানৰ বিৰুদ্ধে সাহসেৰে ৰজাই কৰা ৰণৰ পাছৰ পৰাই ৰণথলী হিচাপে নামাকৰণ হোৱা গাঁওখন সম্প্ৰতি বিখ্যাত হৈ পৰিছে অসমীয়া কেঁচা সোণৰ গহনাৰ বাবে ।
প্ৰাচীন কালৰ পৰাই কেঁচা সোণৰ অসমীয়া গহনা গঢ়া গাঁওখনত তিনি সহস্ৰাধিক লোক আছে আৰু এশ শতাংশই বণিয়া সম্পদায়ৰ লোকে বাস কৰি আহিছে ইয়াত । বণিয়া সম্প্ৰদায়ৰ লোকৰ বসতিপ্ৰধান গাঁওখনৰ প্ৰায় ৯০ শতাংশ পৰিয়ালেই সম্প্ৰতি জড়িত হৈ পৰিছে কেঁচা সোণৰ গহনাৰ ব্যৱসায়ৰ সৈতে ।
গাঁওখনৰ বহু মহিলা এতিয়া কেঁচা সোণৰ ব্যৱসায়ত জড়িত হৈ পৰিছে । বছৰ বছৰ ধৰি কেঁচা সোণৰ অসমীয়া গহনাৰ ব্যৱসায়ত গাঁওখনৰ বহু পৰিয়াল জড়িত হৈ স্বৰ্ণশিল্পক জীয়াই ৰাখিছে যদিও আজিলৈকে লাভ কৰা নাই কোনো আনুষ্ঠানিক স্বীকৃতি । আহোম যুগৰ পৰাই স্বৰ্ণ শিল্পত জড়িত গাঁওখনৰ বৰ্তমান প্ৰজন্মও স্বৰ্ণশিল্পকৰ্ম তথা কেঁচা সোণৰ অসমীয়া গহনাৰ ব্যৱসায়ৰ প্ৰতি যথেষ্ট আগ্ৰহী বুলি কেইবাজনো যুৱকে ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে ।
কেঁচা সোণৰ অসমীয়া গহনাৰ ব্যৱসায়ত জড়িত হৈ গাঁওখনৰ বহু উচ্চ শিক্ষিত যুৱকে লাভ কৰিছে স্বৱলম্বিতা । শেহতীয়াকৈ কেঁচা সোণৰ অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আগবাঢ়ি আহিছে গাঁওখনৰে এজন উদীয়মান যুৱক উৎপল বণিয়া । জেট এয়াৰৱেইজৰ অভিযন্তাৰ দৰে লোভনীয় চাকৰি এৰি ৰণথলীৰ নিজ বাসগৃহতে অসমীয়া গহনাৰ উৎপাদন আৰু ব্যৱসায়ত জড়িত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবৰো সন্মান বুটলিবলৈ সক্ষম হৈছে উৎপল বণিয়া নামৰ যুৱকজনে ।
২০১৩ চনৰ পৰাই ডুগডুগী নামৰ প্ৰতিষ্ঠান আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী সময়ত সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয় । প্ৰায় দুহেজাৰ বছৰীয়া ইতিহাস থকা কেঁচা সোণৰ অসমীয়া গহনাই আজি পৰ্যন্ত কোনো আনুষ্ঠানিক স্বীকৃতি প্ৰদান নকৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে স্বৰ্ণশিল্পৰ সৈতে জড়িত ৰণথলী গাঁৱৰ বিভিন্নজনে । কেঁচা সোণৰ অসমীয়া গহণাক জি আই টেগ প্ৰদানৰো দাবী উত্থাপন কৰে অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত ৰখা গাঁওখনৰেই যুৱক উৎপল বণিয়াই ।
কেৱল এয়াই নহয়, স্বৰ্ণশিল্পৰ জৰিয়তে বিখ্যাত হৈ পৰা নগাঁৱৰ ৰণথলী গাঁৱক স্বৰ্ণনগৰী হিচাপে চৰকাৰী স্বীকৃতি প্ৰদানৰো দাবী উত্থাপন কৰিছে স্বৰ্ণশিল্পৰ সৈতে জড়িত গাঁওখনৰ বিভিন্নজনৰ লগতে উৎপল বণিয়াই । উল্লেখযোগ্য যে, ৰণথলীত অনুষ্ঠিত হোৱা দুৰ্গা পূজাত প্ৰতিবছৰেই দেৱীৰ প্ৰতিমাক পৰিধান কৰোৱা হয় অসমীয়া গহনা । বজাৰত সম্প্ৰতি ভৰি পৰা নকল অসমীয়া গহনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য ৰণথলীৰ উৎপল বণিয়াৰ ।