ETV Bharat / sports

বিৰাট কোহলীৰ বিশেষ দিনটোত কি ক’লে ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰে ? - Virat Kohli

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:37 PM IST

VIRAT KOHLI CAREER : তাৰকা বেটছমেন বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৬ বছৰ সম্পূৰ্ণ কৰিলে ৷ বিৰাটৰ এই বিশেষ দিনটোত তেওঁ সন্দৰ্ভত কি ক’লে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই । পঢ়ক সম্পূৰ্ণ খবৰ।..

INTERNATIONAL CAREER OF VIRAT KOHLI
কোহলীৰ বিষয়ে কি ক’লে ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰে ? (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 18 আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীয়ে আজিৰ দিনটোতে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল ৷ 2008 চনৰ 18 আগষ্টত ভাৰতৰ জাৰ্চি পিন্ধি প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে খেলপথাৰত নামিছিল বৰ্তমানৰ তাৰকা বেটছমেনজন ৷ আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত 16 বছৰ সম্পূৰ্ণ কৰিলে ৷ কিং কোহলীৰ এই বিশেষ দিনটোৰ উপলক্ষে ষ্টাৰ স্প’ৰ্টছে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক গৌতম গম্ভীৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দুয়োজনে বিৰাট কোহলীৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ভোক আৰু আবেগৰ কোনো মিল নাই- ৰোহিত শৰ্মা :

ৰোহিত শৰ্মাই কয়, ‘আমি সকলোৱে জানো, তেওঁৰ ভোক আৰু আবেগৰ কোনো মিল নাই ৷ তেওঁ প্ৰতিবাৰেই বেলেগ বেলেগ শক্তি লৈ আহে আৰু দলৰ বাবে ভাল কাম কৰে ৷ তেওঁ অভিজ্ঞ, ভাৰতৰ হৈ বহু মেচ খেলিছে ৷ এনেকুৱা নহয় যে, খেলপথাৰলৈ গৈ আপুনি যিকোনো কামেই কৰিব, এয়া কেৱল আপোনাৰ অভিজ্ঞতাৰ পৰা হয়, যি সংগ্ৰাম আৰু যিমান কঠিন পৰিস্থিতিৰ মুখামুখি হৈছে তাৰ পৰাই হয় ৷ এই কামত তেওঁ বিশেষজ্ঞ ৷ তেওঁ প্ৰতিবাৰেই নিজৰ খেলখন ওপৰলৈ তুলি লয় ৷ ভৱিষ্যতৰ বাবে তেওঁক অভিনন্দন জনাইছো ৷

বিৰাট কোহলী এজন ডাঙৰ খেলুৱৈ - গৌতম গম্ভীৰ :

গৌতম গম্ভীয়ে কয়, ‘যেতিয়া তেওঁ শ্ৰীলংকাত অভিষেক ঘটাই প্ৰথম এদিনীয়া খেলিছিল, মনত আছে তেওঁ তাত সোনকালে আউট হৈছিল ৷ কিন্তু তেওঁ নেটত যিদৰে বেটিং কৰিছিল, আমি জানিছিলোঁ যে তেওঁ এনে এজন খেলুৱৈ যিয়ে দেশৰ হৈ বহুদিন খেলিব ৷ তেওঁ যি কৰি আছে তাত কোনো আচৰিত কথা নাই ৷ তেওঁ এজন ডাঙৰ খেলুৱৈ ৷ তেওঁ নিজৰ দলটোক মেচখনত জয়ী কৰিবলৈ যুঁজিব জানে ৷ প্ৰথম অৱস্থাত যেতিয়া তেওঁ দলত যোগদান কৰিছিল, তেতিয়া তেওঁ নিজৰ দলটোক মেচখনত জয়ী কৰাইছিল, তেওঁৰ সমগ্ৰ ক্ৰিকেট কেৰিয়াৰৰ এয়া আটাইতকৈ ডাঙৰ ইতিবাচক কথা ৷

লগতে পঢ়ক : কেইবাটাও অভিলেখৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ বিৰাট কোহলীৰ - VIRAT KOHLI 16 YEARS OF CRICKET

এতিয়ালৈকে বিৰাটৰ কেৰিয়াৰ :

ভাৰতৰ হৈ 113খন টেষ্ট মেচত 8848 ৰান সংগ্ৰহ কৰিছে বিৰাটে ৷ এই সময়ছোৱাত তেওঁৰ নামত 29 টা শতক আৰু 30 টা অৰ্ধশতক আছে ৷ এদিনীয়া কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ 295খন এদিনীয়া মেচত 13,906 ৰান সংগ্ৰহ কৰিছে ৷ এই ফৰ্মেটত তেওঁ সৰ্বাধিক 50 টা শতক অৰ্জন কৰিছে ৷ বিৰাটে 125 খন T-২০ মেচত 4188 ৰান সংগ্ৰহ কৰিছে ৷ T-২০ত তেওঁৰ নামত মাত্ৰ 1টা শতক আছে ৷ আনহাতে এই ফৰ্মেটত তেওঁ 38 টা অৰ্ধশতক অৰ্জন কৰিছে ৷

লগতে পঢ়ক : জয় শ্বাহ আৰু আৰ চি বিয়ে স্মৰণীয় কৰি তুলিলে বিৰাট কোহলীৰ বিশেষ দিনটো - VIRAT KOHLI 16 YEARS IN CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.