ETV Bharat / sports

কামাখ্যা ধামত কলকাতাৰ বিস্ফোৰক বেটছমেন ৰিংকু সিং - IPL MATCH GUWAHATI

KKR VS RR Guwahati : কামাখ্যা ধাম দৰ্শন কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ ৰিংকু সিঙৰ ৷ 19 মে’ত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অন্তিমখন লীগ মেচত অংশগ্ৰহণ কৰিব কলকাতা নাইট ৰাইডাৰ্ছ দলে ৷

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 5:36 PM IST

KKR VS RR Guwahati
কামাখ্যা ধামত কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ (RINKU SINGH FB ACCOUNT)

গুৱাহাটী, 18 মে’ : ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মেচৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ক্ৰিকেটাৰ ৰিংকু সিঙে ৷ ভাৰতীয় ক্ৰিকেটাৰ তথা আই পি এল দল কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) বেটাৰ ৰিংকু সিঙে শনিবাৰে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ঐতিহাসিক কামাখ্যা ধাম দৰ্শন কৰি পূজা-অৰ্চনা কৰে ৷ তেওঁৰ সৈতে ক্ৰিকেটাৰ অনুকুল ৰয়ৰ লগতে কলকাতা নাইট ৰাইডাৰ্ছৰ কেবাজনো সহায়ক-কৰ্মচাৰীয়ে দৰ্শন কৰে কামাখ্যা ধাম ৷

19 মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো ৷ দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ (RR) বিৰুদ্ধে আই পি এল 2024ৰ অন্তিমখন লীগ মেচৰ পূৰ্বে কে কে আৰৰ খেলুৱৈসকলে আশীৰ্বাদ বিচাৰি কামাখ্যা ধামত উপস্থিত হয় ৷ কামাখ্যা ধাম দৰ্শন কৰি ফেচবুকত ফটো শ্বেয়াৰ কৰে ক্ৰিকেটাৰ ৰিংকু সিঙে ৷

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ তাৰকা স্পীনাৰ কেশৱ মহাৰাজেও শুকুৰবাৰে শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে ৷ আই পি এলৰ অন্তিম দুখন লীগ মেচত অংশ লোৱাৰ বাবে গুৱাহটীলৈ অহা ৰাজস্থান ৰয়েলছৰ দলটোৱে কাজিৰঙা ভ্ৰমণ কৰাৰ লগতে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰীত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দর্য উপভোগ কৰে ৷ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগত দলটোৰ দেশী-বিদেশী খেলুৱৈ তথা বিষয়াসকলক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হয় ৷

আই পি এলৰ মেচৰ বাবে 13 মে’ৰ পৰা গুৱাহাটীত বাহৰ পাতি আছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে ৷ 19 মে’, দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বৰ্ষাপাৰাত চলিত আই পি এলৰ অন্তিখন লীগ মেচত অংশ ল’ব ৰাজস্থান ৰয়েলছ দলে ৷

লগতে পঢ়ক : কামাখ্যা ধামত সেৱা ল’লে দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ কেশৱ মহাৰাজে - Keshav Maharaj Visits Kamakhya

লগতে পঢ়ক : কাজিৰঙাৰ মনোৰম পৰিৱেশত ৰাজস্থান ৰয়েলছ দলৰ প্ৰমোদ বিহাৰ - RR TEAM IN Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.