ETV Bharat / sports

প্লে’ অফত প্ৰৱেশৰ আশা : এম চিন্নস্বামী ষ্টেডিয়ামত বাংগালুৰু-দিল্লীৰ যুঁজ - IPL 2024 - IPL 2024

TODAY IPL MATCH : এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মুখামুখি হৈছে দিল্লী কেপিটেলছ ৷ প্ৰথমে বেটিং কৰি বাংগালুৰু দলে দিল্লীক জয়ৰ বাবে 188 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷

IPL 2024 LIVE MATCH
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মুখামুখি হৈছে দিল্লী কেপিটেলছ (ETV BHARAT ENGLISH DESK)
author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:03 PM IST

স্পৰ্টছ ডেস্ক, 12 মে’ : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2024ৰ 62 সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মুখামুখি হৈছে দিল্লী কেপিটেলছ ৷ প্লে’ অফত প্ৰৱেশৰ আশা দুয়োটা দলৰ বাবে অক্ষত আছে ৷ এনে পৰিস্থিতিত আজি দুয়োটা দলৰ মাজত তীব্ৰ যুঁজ হ’ব ৷ কিন্তু দিল্লী কেপিটেলছৰ বাবে দুখৰ খবৰটো হ’ল, শ্ল’ অভাৰ ৰেটৰ বাবে এখন মেচৰ নিষেধাজ্ঞাৰ বাবে আজিৰ মেচখনত খেলাৰ পৰা বঞ্চিত হ’ল অধিনায়ক ঋষভ পন্ত ৷ আনহাতে দিল্লী কেপিটেলছৰ দলটোৱে 12 খন মেচৰ 6 খন খেলত জয়লাভ কৰি 12 পইণ্টেৰে 5ম স্থানত থকাৰ বিপৰীতে একে সংখ্যক মেচত 5খনত জয়লাভ কৰি 10 পইণ্ট লাভ কৰি তালিকাৰ 7ম স্থানত আছে আৰ চি বি ৷

দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে আই পি এলৰ ইতিহাসত দুয়োটা দলৰ মাজত মুঠ 30খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত আৰ চি বিয়ে 18 খন মেচত জয়লাভ কৰিছে আৰু দিল্লীয়ে 11 খন মেচত জয়লাভ কৰিছে ৷ প্লে’ অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ দুয়োটা দলে আজিৰ খেলখনত জয়ী হ’বলৈ নিজৰ সৰ্বোচ্চ উজাৰি দিব ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি বাংগালুৰু দলে দিল্লীক জয়ৰ বাবে 188 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি বেংগালুৰু দলে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই 187 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ ৰজত পাটিদাৰে সাৰ্বাধিক 52 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ উইল জেকছে 41 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কেমেৰুণ গ্ৰীণে 32 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ বিৰাট কোহলীয়ে 27 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ দিল্লীৰ হৈ খলিল আহমেদ আৰু ৰাশিক চালামে 2 টাকৈ উইকেট দখল কৰে ৷ কুলদীপ যাদৱ, মুকেশ কুমাৰ আৰু ইশান্ত শৰ্মাই 1টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : প্লে’ অফলৈ এখোজ, ৰাজস্থানক 5 উইকেটত পৰাস্ত চেন্নাই চুপাৰ কিংছৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.