ETV Bharat / sports

জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ সন্দৰ্ভত অমিত শ্বাহক কটাক্ষ ৰাহুল গান্ধীৰ - Rahul Gandhi ON JAY SHAH

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 7:19 PM IST

ICC Chairman Jay Shah: আই চি চিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে জয় শ্বাহক ৷ কিন্তু জয় শ্বাহৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ জয় শ্বাহৰ পিতৃ অমিত শ্বাহকো এই সন্দৰ্ভত কটাক্ষ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

RAHUL GANDHI ON JAY SHAH
ৰাহুল গান্ধী আৰু জয় শ্বাহ (ANS AND ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ(বি চি চি আই) সম্পাদক জয় শ্বাহক শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে আই চি চি-ৰ অধ্যক্ষ হিচাপে ৷ লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীয়ে জয় শ্বাহৰ এই নতুন দায়িত্বৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ পৰিৱৰ্তে কৰিছে কঠোৰ সমালোচনা ৷ তদুপৰি জয় শ্বাহৰ পিতৃ তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহকো কঠোৰ বাক্যবাণেৰে কৰিছে আক্ৰমণ । অৱশ্যে ৰাহুলে জয় শ্বাহৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক সমালোচনা কৰে ।

ৰাহুল গান্ধীয়ে এটা ৰেলীত অংশগ্ৰহণ কৰি কয় যে, "সকলো বস্তু আৰু সকলো ব্যৱসায় এই তিনিৰ পৰা চাৰিজন লোকৰ ওচৰলৈ যায় । অমিত শ্বাহৰ পুত্ৰই কেতিয়াও ক্ৰিকেট বেট উঠোৱা নাই, কিন্তু তেওঁ ক্ৰিকেটৰ দায়িত্বত আছে" ৷

ইয়াৰ পিছত তেওঁ কয় যে, "6-7 জন লোকে দেশখন চলাই আছে আৰু ভাবে যে ভাৰতৰ জনতা, জম্মু-কাশ্মীৰৰ জনতা আৰু ৰাজ্যৰ বাকী অংশৰ লোকসকল নীৰৱ হৈ থাকিব"। ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে এনে মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত কেইছেকেণ্ডমানৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছিল । য’ত ৰাহুল গান্ধীয়ে জয় শ্বাহক আই চি চিৰ অধ্যক্ষ পদত নিৰ্বাচিত হোৱাৰ বাবে তীব্ৰ বাক্যবাণেৰে পৰোক্ষভাৱে আক্ৰমণ কৰা দেখা গৈছে ।

শেহতীয়াকৈ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহক বি চি চি আইৰ সচিবৰ পৰা আই চি চি-ৰ অধ্যক্ষ পদলৈ পদোন্নতি দিয়া হৈছিল । শ্বাহে 2019 চনৰ পৰা 2024 চনলৈ বি চি চি আইৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

জয় শ্বাহক 16 খন ক্ৰিকেট ব’ৰ্ডৰ ভিতৰত 15 খনে সমৰ্থন কৰিছিল ৷ কেৱল পাকিস্তানে এই বিষয়ত কোনো বিৰোধিতা বা সমৰ্থন কৰা নাছিল । যাৰ বাবে জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ।

লগতে পঢ়ক: নতুন ছিজন, নতুন কাম: পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড় - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.