ETV Bharat / sports

নতুন ছিজন, নতুন কাম: পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড় - IPL 2025

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 6:50 PM IST

Rajasthan Royals: পুনৰ এবাৰ প্ৰশিক্ষকৰ ৰূপত দেখা যাব প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক ৷ ৰাহুল দ্ৰাবিড়ৰ সৈতে একেটা দলতে দেখা যাব শ্ৰীলংকাৰ কিংবদন্তী কুমাৰ ছাংগাকাৰাকো ৷ পঢ়ক সবিশেষ...

IPL 2025
প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ সৈতে ভাৰতীয় ক্ৰিকেট দল (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক আৰু অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ ৷ পুনৰ এবাৰ গুৰু দায়িত্ব ল’বলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ৷

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আই পি এলৰ পৰৱৰ্তী ছিজনত দ্ৰাবিড়ক এই নতুন দায়িত্ব বহন কৰা দেখিবলৈ পোৱা যাব ৷ সূত্ৰ অনুসৰি, আই পি এলৰ 2025 ছিজনত ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰূপে দেখিবলৈ পোৱা যাব ৰাহুল দ্ৰাবিড়ক ৷ ৰাহুলৰ সহায়ক আৰু প্ৰাক্তন ভাৰতীয় বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰক দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে ৷

ৰাহুল, বিক্ৰম ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক নিযুক্ত

ৰাহুল দ্ৰাবিড় আৰু বিক্ৰম ৰাথোৰৰ পিছতে দলটোত দেখিবলৈ পোৱা যাব শ্ৰীলংকাৰ কিংবদন্তি উইকেটকীপাৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাক ৷ ছাংগাকাৰাই দলটোৰ সঞ্চালকৰ দায়িত্বত থাকিব ৷

আই পি এল 2025 ত এই যুটিটোৱে কি প্ৰদৰ্শন কৰে, সেয়া লক্ষণীয় হ’ব ৷ উল্লেখ্য যে, ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণতে ভাৰতীয় ক্ৰিকেট দলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত খেলা টি-20 বিশ্বকাপ 2024 ৰ খিতাপ দখল কৰিছিল ।

টীম ইণ্ডিয়াৰ ক্ষেত্ৰত ৰাহুলৰ যাত্ৰা আছিল চমকপ্ৰদ

2022 চনত টীম ইণ্ডিয়াক টি-20 বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত কৰোৱাৰ ক্ষেত্ৰত ৰাহুল দ্ৰাবিড়ৰ ভূমিকা আছিল অপৰিসীম ৷ আনহাতে, ৰাহুলৰ প্ৰশিক্ষণতে এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলত উপনীত হৈছিল টীম ইণ্ডিয়া ৷ অৱশ্যে ঘৰুৱা দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই মেচত পৰাজিত হৈছিল ৷ দ্ৰাবিড়ৰ প্ৰশিক্ষণতে ভাৰতীয় দলটোৱে একেৰাহে 10 খন মেচত জয়ী হোৱাৰো অভিলেখ স্থাপন কৰি থৈছে ।

সঞ্জু আৰু ৰাহুলৰ যুটিৰে খিতাপ জয়ৰ আশা

ৰাহুল দ্ৰাবিড়ক শীঘ্ৰে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা দেখা যাব । পৰৱৰ্তী আই পি এলত ৰাজস্থানৰ অধিনায়ক হিচাপে ইতিমধ্যে নিযুক্ত কৰা হৈছে সঞ্জু চেমছনক ৷ চেমছনৰ অধিনায়কত্বত ৰাজস্থানে বিগত কেইটামান আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই শীৰ্ষ 4 দলৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু দলটো বঞ্চিত হৈ ৰৈছে খিতাপ জয়ৰ পৰা ৷ এতিয়াৰে পৰা ৰাহুল দ্ৰাবিড়ৰ লগতে সঞ্জু চেমছনে দলটোক আকাংক্ষিত জয় প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিব ৷

লগতে পঢ়ক: ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী ! খেলুৱৈগৰাকীয়ে পাৰিবনে ভাৰতৰ হৈ খেলিব ! - VIRAT KOHLI UK CITIZENSHIP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.