ETV Bharat / sports

অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক জয়: অভিনন্দন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ - PARIS OLYMPICS 2024

author img

By ANI

Published : Aug 9, 2024, 6:56 AM IST

Neeraj Chopra wins Silver: পেৰিছ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাৰ পদক জয় ৷ ৰূপৰ পদক জয় কৰা খেলুৱৈগৰাকীক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনোৱাৰ সমান্তৰালকৈ আন বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে জনাই শুভেচ্ছা ৷

PARIS OLYMPICS 2024
নীৰজ চোপ্ৰা (AP)

স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট: বৃহস্পতিবাৰে পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক জয়ৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অভিনন্দন ৷ ভাৰতীয় জেভলিন থ্ৰ’য়াৰগৰাকীক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁৰ এই কৃতিত্বই নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব ।

PARIS OLYMPICS 2024
ৰাষ্ট্ৰপতিৰ অভিনন্দন (ANI)

26 বছৰীয়া চোপ্ৰাই 89.45 মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰে খেলখনৰ সামৰণি মাৰে যদিও সোণৰ পদকৰ সলনি ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ খেলুৱৈগৰাকীৰ স্বৰ্ণ জয়ৰ দ্বিতীয় প্ৰচেষ্টাত শক্তিশালী প্ৰদৰ্শন কৰা স্বত্বেও তেওঁ একেৰাহে চাৰিটা ফাউল থ্ৰ’ৰ সৈতে যুঁজ দিবলগীয়া হৈছিল ৷ যাৰ ফলত স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হয় ।

লগতে পঢ়ক: হকীত ব্ৰঞ্জ জয় ভাৰতৰ: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনৰ অভিনন্দন ভাৰতীয় দলক - Paris Olympics 2024

দেশৰ স্বাধীনতাৰ পিছত ভাৰতৰ হকে ব্যক্তিগত প্ৰতিযোগিতাত দুটাকৈ অলিম্পিক পদক জয় কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈত পৰিণত হয় নীৰজ । ৰাষ্ট্ৰপতি মুৰ্মুৱে নীৰজ চোপ্ৰাক অভিনন্দন জনাই কৈছিল যে ভাৰতে তেওঁক লৈ গৌৰৱান্বিত ।

"পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় আৰু ইতিহাস ৰচনা কৰাৰ বাবে নীৰজ চোপ্ৰাক আন্তৰিক অভিনন্দন জনাইছো । তেওঁ ক্ৰমাগত দুটা অলিম্পিক গেমছত স্বৰ্ণ আৰু ৰূপৰ পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ । ভাৰতে তেওঁক লৈ গৌৰৱান্বিত । তেওঁৰ কৃতিত্বই আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিব । ভাৰতে ভৱিষ্যতে নীৰজ চোপ্ৰাই অধিক পদক আৰু গৌৰৱ কঢ়িয়াই অনাৰ বাবে অপেক্ষা কৰি আছে" ৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে এক্সত প্ৰকাশ পোৱা পোষ্ট এটাত এনেদৰে কয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খেলুৱৈগৰাকীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰে ৷ মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰে ৷

"নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তি । বাৰে বাৰে তেওঁ নিজৰ উজ্জ্বলতা দেখুৱাইছে । ভাৰত উৎফুল্লিত যে, তেওঁ আন এটা অলিম্পিকত সফলতা লৈ উভতি আহিছে । ৰূপ জয়ৰ বাবে তেওঁক অভিনন্দন । আগন্তুক সময়ত তেওঁ অগণন খেলুৱৈক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব"- বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে চলিত পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীৰজক প্ৰশংসা কৰে । গাডকাৰীয়ে সামাজিক মাধ্যম এক্সত শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈগৰাকীক ৷ ভাৰতীয় জেভলিন থ্ৰ'য়াৰগৰাকীৰ নিষ্ঠা আৰু ব্যতিক্ৰমী দক্ষতাই দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

"পেৰিছ অলিম্পিক 2024 ত পুৰুষৰ জেভেলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে @Neeraj_chopra1 অভিনন্দন ! আপোনাৰ নিৰলস নিষ্ঠা আৰু ব্যতিক্ৰমী দক্ষতাই আকৌ এবাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে । আপোনাৰ কৃতিত্বই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰক আৰু সমগ্ৰ বিশ্বত আপুনি জিলিকি থাকক । এইক্ষেত্ৰত আগলৈ আৰু বহুতো সফলতা আছে"- নীতিন গাডকাৰীয়ে এক্সত এনেদৰে লিখিছিল ।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে চলিত গ্ৰীষ্মকালীন ক্ৰীড়াত ৰূপৰ পদক নিশ্চিত কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে কিৰেন ৰিজিজুৱে এক্সত লিখিছিল, "আমাৰ চেম্পিয়ন @Neeraj_chopra1 থ্ৰ’ 89.45 মিটাৰত ৰূপৰ পদক বিজয়ী" ৷

নীৰজৰ প্ৰথম আৰু তৃতীয় প্ৰচেষ্টা ৰঙা পতাকাৰ দ্বাৰা অবৈধ ঘোষণা কৰা হৈছিল আৰু খেলুৱৈগৰাকীৰ অন্তিম তিনিটা প্ৰচেষ্টাও ফাউল আছিল । অৰ্হতা ৰাউণ্ডত শক্তিশালী প্ৰদৰ্শন স্বত্বেও তেওঁ 89.34 মিটাৰ দলিয়াইছিল । চোপ্ৰাৰ 89.45 মিটাৰ থ্ৰ’ আছিল তেওঁৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ দুৰ্ভাগ্যবশতঃ নীৰজে ক্ৰমাগতভাৱে অলিম্পিকত দ্বিতীয়টো সোণৰ পদক জয়ী কৰাত ব্যৰ্থ হয় ৷

থ্ৰ’ৰ পূৰ্বে খেলুৱৈগৰাকীক অত্যন্ত চাপত থকা দেখা গৈছিল ৷ ভাৰতীয় জেভলিন থ্ৰ'য়াৰগৰাকীয়ে আকৌ এবাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে তেওঁৰ পঞ্চম প্ৰচেষ্টাত ৰঙা পতাকা প্ৰদৰ্শন কৰা হৈছিল ৷ নীৰজৰ অন্তিম আৰু ষষ্ঠ প্ৰয়াসটোও অযোগ্য ঘোষণা কৰা হৈছিল । যাৰ বাবে খেলুৱৈগৰাকী ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

লগতে পঢ়ক: পুৰুষ কুস্তিৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰামৰ ছেমি ফাইনেলত ভাৰতৰ অমন চেহৰাৱাত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.