ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পি চি বিৰ নতুন পৰামৰ্শ

খেল শেষ কৰি চাৰ্টাৰ্ড বিমানেৰে স্বদেশলৈ উভতি আহিব পাৰিব ভাৰতীয় দল । বি চি চি আইক মৌখিক পৰামৰ্শ পি চি বিৰ ।

author img

By ETV Bharat Sports Team

Published : 2 hours ago

India vs Pakistan
চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পিচিবিৰ নতুন পৰামৰ্শ (IANS Photos)

নতুন দিল্লী : পাকিস্তানে আয়োজন কৰিব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী । কিন্তু নিৰাপত্তাজনিত কাৰণত ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব বিচৰা নাই । একেদৰে পাকিস্তানে বিচাৰিছে যাতে যিকোনো পৰিস্থিতিত ভাৰতে পাকিস্তান ভ্ৰমণ কৰে । আনহাতে চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত নোহোৱাটোও কামনা কৰিছে পাকিস্তানে ।

ভাৰতীয় দলে পাকিস্তানত থাকিব নালাগে

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান ক্ৰিকেট ব'ৰ্ডে এতিয়া প্ৰতিযোগিতাখনত ভাৰতৰ অংশগ্ৰহণৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) সৈতে যোগাযোগ কৰিছে । যদি ভাৰতীয় দলটোৱে নিৰাপত্তাৰ উদ্বেগৰ বাবে পাকিস্তান থাকিব নিবিচাৰে, তেন্তে তেওঁলোকক খেলৰ পিছত নতুন দিল্লী বা চণ্ডীগড়লৈ উভতি আহিবলৈ চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ'ব ।

পি চি বিয়ে এইক্ষেত্ৰত মৌখিক পৰামৰ্শ দিছে । পি চি বিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক নিশ্চিত কৰিছে যে দুয়োপক্ষৰ মাজত কোনো লিখিত চুক্তি নাই, কিন্তু বিকল্পবোৰৰ ওপৰত মৌখিকভাৱে আলোচনা হৈছে । বিষয়াগৰাকীয়ে কৈছে,"এইটো সঁচা যে ভাৰতে পাকিস্তানত খেলাটো নিশ্চিত কৰিবলৈ বিষয়াসকলৰ মাজত মৌখিক আলোচনা হৈছে ।"

হাইব্ৰীড মডোলত হ'ব নেকি চেম্পিয়নছ ট্ৰফী ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অহা বছৰ ফেব্ৰুৱাৰী-মাৰ্চত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । খেলবোৰ লাহোৰ, ৰাৱালপিণ্ডি আৰু কাৰাচীত অনুষ্ঠিত হ'ব । ইয়াৰ উপৰিও, পি চি বিয়ে ভাৰতৰ সীমান্তৰ সমীপত থকা লাহোৰত ভাৰতৰ আটাইকেইখন খেল আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ।

একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখন হাইব্ৰীড মডেলৰ ভিত্তিত আয়োজন কৰিব পাৰে । ভাৰতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা কম, কিয়নো তেওঁলোকে ২০০৮ চনৰ পৰা পাকিস্তান ভ্ৰমণ কৰা নাই । ইয়াৰ উপৰিও, আই চি চিয়ে প্ৰতিযোগিতাৰ খেলসমূহ আয়োজন কৰিবলৈ ডুবাই বা শ্ৰীলংকাৰ দৰে বিকল্প স্থানৰ অন্বেষণ কৰি আছে ।

লগতে পঢ়ক :বেংগালুৰু টেষ্টত ছৰফৰাজ খানৰ প্ৰথমটো টেষ্ট শতক অৰ্জন, নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰাম অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.