ETV Bharat / sports

পেৰিছ পেৰালিম্পিকত স্বৰ্ণজয় ভাৰতীয় হাই জাম্পাৰ প্ৰবীণ কুমাৰৰ - Paris Paralympics 2024

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 10:48 PM IST

Praveen Kumar wins Gold: শুকুৰবাৰে পেৰিছ পেৰালিম্পিক ২০২৪ ৰ পুৰুষৰ হাই জাম্পৰ ফাইনেলত ভাৰতৰ প্ৰবীণ কুমাৰে স্বৰ্ণ পদক অৰ্জন কৰে । তেওঁ নিজৰ কেৰিয়াৰৰ দ্বিতীয়টো পেৰালিম্পিক পদক লাভ কৰাৰ লগতে প্ৰতিযোগিতাখনত ভাৰতৰ পদকৰ সংখ্যা ২৬ লৈ বৃদ্ধি কৰে । পঢ়ক সম্পূৰ্ণ খবৰ...

Praveen Kumar wins Gold
Paris Paralympics 2024 (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাই জাম্প টি-৬৪ ইভেণ্টত ভাৰতৰ প্ৰবীণ কুমাৰে স্বৰ্ণ পদক অৰ্জন কৰে । ভাৰতীয় খেলুৱৈগৰাকীয়ে ২.০৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰি পেৰালিম্পিকত একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক অৰ্জন কৰে । ইয়াৰ পূৰ্বে ২১ বছৰীয়া প্ৰবীনে টকিঅ’ গেমছত ৰূপৰ পদক লাভ কৰিছিল, য’ত তেওঁ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া পেৰালিম্পিয়ান হিচাপে পৰিগণিত হৈছিল । স্বৰ্ণ পদক লাভ কৰি তেওঁ পেৰালিম্পিকৰ যিকোনো সংস্কৰণত ভাৰতৰ হৈ সৰ্বাধিক পদক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় ।

লগতে পেৰালিম্পিকত হাই জাম্প প্ৰতিযোগিতাত প’ডিয়ামৰ শীৰ্ষত স্থান দখল কৰা মৰিয়প্প্ন থাংগাভেলুৰ পিছত দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয় প্ৰবীণ । জন্মতে ভৰি চুটি হোৱা নয়ডাৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত ছয়গৰাকী প্ৰতিযোগীৰ ভিতৰত শীৰ্ষস্থান দখল কৰে ।

আমেৰিকাৰ ডেৰেক লচিডেণ্টে ২.০৬ মিটাৰ বেষ্ট জাম্প কৰি ৰূপৰ পদক লাভ কৰে । একেদৰে উজবেকিস্তানৰ টেমুৰবেক গিয়াজোভে ২.০৩ মিটাৰ জাম্প কৰি তৃতীয় স্থান লাভ কৰে । প্ৰবীণ টি-৬৪ শ্ৰেণীৰ অন্তৰ্গত, যিটো ভৰিৰ তলৰ অংশত মধ্যমীয়া গতিৰ অভাৱ থকা বা আঁঠুৰ তলত এখন বা দুয়োখন ভৰি নোহোৱা খেলুৱৈৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ।

পেৰিছ গেমছত প’ডিয়ামত স্থান লাভ কৰা তৃতীয়জন ভাৰতীয় হাই জাম্পাৰ হিচাপে পৰিগণিত হয় প্ৰবীণ । পুৰুষৰ হাই জাম্প টি-৬৩ ইভেণ্টত শৰদ কুমাৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে মৰিয়প্প্ন থাংগাভেলুৱে ব্ৰঞ্জৰ পদক লাভ কৰে ।

২০১৯ চনত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ জুনিয়ৰ চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে । ইয়াৰ উপৰিও তেওঁ এছিয়ান অভিলেখ গঢ়িছিল আৰু ২০২১ চনত ডুবাইত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ FAZZA গ্ৰেণ্ড প্ৰিক্সত সোণৰ পদক লাভ কৰিছিল । ২০২৩ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰে প্ৰবীণে ।

লগতে পঢ়ক: পেৰা আৰ্চাৰীত এটা বিশেষ সোণ... প্ৰধানমন্ত্ৰীয়ে কাক অভিনন্দন জনাই লিখিলে এনেদৰে - PARIS PARALYMPICS 2024

টকিঅ’ৰ পৰা পেৰিছলৈ অব্যাহত সুমিতৰ জয়যাত্ৰা : অভিলেখৰ সৈতে অৰ্জন কৰিলে সোণৰ পদক - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.