ETV Bharat / sports

বিশ্ব ক্ৰীড়া মহাৰণৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠানত উজলিল ভাৰতীয় দল - PARIS OLYMPICS 2024

PARIS OLYMPICS OPENING CEREMONY : চাই থাকিলেও হেঁপাহ নপলোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুকুৰবাৰে শুভাৰম্ভণি ঘটে পেৰিছ অলিম্পিক, ২০২৪ । ছেইন নদীৰ ঢৌত এখন নাৱেৰে ৬ কিলোমিটাৰ দীঘল 'পেৰেড অব নেচনছ'ত ভাৰতীয় দলটোৱে দেশৰ সন্মান, মৰ্যাদা আৰু গৌৰৱ ত্ৰিৰংগ বহন কৰে ।

author img

By ETV Bharat Sports Team

Published : Jul 27, 2024, 7:11 AM IST

PARIS OLYMPICS OPENING CEREMONY
বিশ্ব ক্ৰীড়া মহাৰণ অলিম্পিকৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৭ জুলাই : এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে শুকুৰবাৰে শুভাৰম্ভণি ঘটিল বিশ্ব ক্ৰীড়া মহাৰণ পেৰিছ অলিম্পিকৰ । ২০৬ খন দেশ আৰু সংগঠনৰ ১০,৫০০ ৰো অধিক খেলুৱৈয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । আনহাতে, এই অনুষ্ঠান উপভোগ কৰিবলৈ ৩ লাখৰো অধিক দৰ্শকে ছেইন নদীৰ পাৰত উপস্থিত থাকে ।

একে সময়তে, লাখ লাখ অনুৰাগীয়ে তেওঁলোকৰ ঘৰৰ বাৰান্দাৰ পৰা এই আকৰ্ষণীয় অনুষ্ঠানটো প্ৰত্যক্ষ কৰে । অৱশ্যে বৰষুণে অনুষ্ঠানটো ব্যাহত কৰিলেও কিন্তু ই লাখ লাখ অনুৰাগী আৰু খেলুৱৈৰ অনুপ্ৰেৰণাক ম্লান কৰিব পৰা নাছিল ।

মহা আড়ম্বৰেৰে আৰম্ভ অলিম্পিক, ২০২৪

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু আই অ' চিৰ সভাপতি থমাছ বাখক পেৰিছৰ ছেইন নদীৰ পাৰত অলিম্পিক, ২০২৪-ৰ উদ্বোধনী অনুষ্ঠানৰ ঠিক পূৰ্বে ট্ৰোকাডেৰোত পৰিচয় কৰাই দিয়া হয় । তাৰ পিচত চেইন নদীৰ ওপৰেৰে এক চমৎকাৰ আতচবাজী প্ৰদৰ্শন আৰু দুয়োপাৰত থিয় হৈ থকা ৩ লাখ দৰ্শকৰ হৰ্ষোল্লাসৰ মাজেৰে অলিম্পিক শিখা অনা হয় । ইয়াৰ পিচত পুনৰ এক আকৰ্ষণীয় আতচবাজীৰ পিচত ধোঁৱাৰে আৱৰি থকা ফৰাচী পতাকাখন এক আকৰ্ষণীয় দৃশ্যলৈ পৰিৱৰ্তিত হয় ।

লগতে পঢ়ক :পেৰিছ অলিম্পিক : ২৭ জুলাইৰ সম্পূৰ্ণ সূচী, জানক ভাৰতীয় খেলুৱৈৰ ইভেণ্ট আৰু সময় - Paris Olympic 2024

পেৰেডত প্ৰথমে আহে গ্ৰীচৰ দল

অলিম্পিকৰ জন্মস্থান বুলি কোৱা দেশ গ্ৰীচৰ দলটোক প্ৰথমে খেলুৱৈসকলৰ সৈতে নাৱত উঠি পেৰেড কৰা প্ৰত্যক্ষ কৰা হয় । খেলুৱৈসকলে হাত জোকাৰি অনুৰাগীসকলৰ শুভেচ্ছা গ্ৰহণ কৰে । ছেইন নদীৰ দুয়োফালে থকা লাখ লাখ অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায় ।

ভাৰতীয় দলটোক বিশাল আদৰণি

পেৰেডত ভাৰতৰ দলটো আছিল ৮৪ নম্বৰ স্থানত । ইয়াত ১২ টা ক্ৰীড়া বিভাগৰ ৭৮ গৰাকী খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰে । বৰষুণৰ মাজতে ভাৰত উপস্থিত হোৱাৰ লগে লগে লাখ লাখ অনুৰাগীয়ে দলটোক আন্তৰিক আদৰণি জনায় । ভাৰতীয় খেলুৱৈসকলে হাত জোকাৰি পেৰিছত উপস্থিত লাখ লাখ অনুৰাগীৰ লগতে টিভিত পোনপটীয়াকৈ চাই থকা ১৪০ কোটি ভাৰতীয়ৰ পৰা তেওঁলোকে শুভেচ্ছা গ্ৰহণ কৰে । ভাৰতৰ ত্ৰিৰংগ সকলো ভাৰতীয় খেলুৱৈৰ হাতত গৌৰৱেৰে উজলি আছিল ।

পি ভি সিন্ধু আৰু শৰথ কমলে বহন কৰে ভাৰতৰ ধ্বজা

পেৰিছত অনুষ্ঠিত অলিম্পিকৰ মনোমোহা উদ্বোধনী অনুষ্ঠানৰ 'পেৰেড অব নেচনছ'ত দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা শ্বাটলাৰ পি ভি সিন্ধু ভাৰতৰ ধ্বজাবাহক আছিল । আনহাতে, পুৰুষ ধ্বজাবাহক আছিল অভিজ্ঞ পেডলাৰ শৰথ কমল । এই দুগৰাকীৰ পৰা ভাৰতে এইবাৰ অলিম্পিক পদকৰ সৰ্বাধিক আশা কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ ধ্বজাবাহক হোৱাটো মোৰ বাবে অন্যতম ডাঙৰ সন্মান : পি ভি সিন্ধু - Paris Olympics 2024

তৃতীয়বাৰ অলিম্পিক আয়োজন কৰা দ্বিতীয় চহৰ

ফ্ৰান্সৰ পেৰিছ চহৰে 100 বছৰৰ পিচত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক গেমছ আয়োজন কৰিছে । ইয়াৰ পূৰ্বে ১৯২৪ চনত ফ্ৰান্সৰ ৰাজধানীত অলিম্পিকৰ আয়োজন কৰা হৈছিল । পেৰিছ এতিয়া লণ্ডনৰ পিচত বিশ্বৰ দ্বিতীয়খন চহৰ হিচাপে পৰিগণিত হৈছে, যিয়ে তৃতীয়বাৰৰ বাবে অলিম্পিক আয়োজনৰ গৌৰৱ অৰ্জন কৰিছে ।

উদ্বোধনী অনুষ্ঠানত কি কি বিশেষত্ব আছিল

অলিম্পিক গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বাহিৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । সমগ্ৰ বিশ্বৰ ১০ হাজাৰ ৫০০ খেলুৱৈয়ে ছেইন নদীৰ ঢৌত নাওৰ সহায়ত ৬ কিলোমিটাৰ দীঘল 'পেৰেড অব নেচনছ'ত যোগদান কৰে । অনুষ্ঠানটোত পপ তাৰকা লেডী গাগাকে ধৰি বহু তাৰকাই তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শনেৰে লাখ লাখ অনুৰাগীক মোহাচ্ছন্ন কৰে ।

প্ৰতিগৰাকী খেলুৱৈ ভাৰতৰ গৌৰৱ : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ ঠিক পূৰ্বে টুইট কৰি ভাৰতীয় দলটোক অভিনন্দন জনায় । তাত তেওঁ লিখিছে, "পেৰিছ অলিম্পিক আৰম্ভণিৰ লগে লগে ভাৰতীয় দলটোলৈ মোৰ শুভকামনা । প্ৰতিগৰাকী খেলুৱৈ ভাৰতৰ গৌৰৱ । তেওঁলোক সকলো উজলি উঠক আৰু খেলুৱৈৰ প্ৰকৃত মনোভাব উপলব্ধি কৰক, তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনেৰে আমাক অনুপ্ৰাণিত কৰক ।"

লগতে পঢ়ক :অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত বোমাৰে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি - OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.