ETV Bharat / sports

পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো... - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:18 AM IST

OLYMPICS 2024: পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ভাৰতীয় ধনুৰ্বিদসকলে মূল ইভেণ্টত স্থান লাভৰ বাবে চকু ৰাখিব । ২৫ জুলাইৰ পৰা ৰেংকিং ৰাউণ্ডৰ সৈতে আৰম্ভ হ’ব আৰ্চাৰী ইভেণ্ট আৰু ২৮ জুলাইৰ পৰা এলিমিনেচন মেচ আৰম্ভ হ’ব । ভাৰতীয় দলটোত বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ দীপিকা কুমাৰীৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব আৰু এইবাৰো তেওঁলোকে পদক অৰ্জনৰ বাবে ইভেণ্টত অংশগ্ৰহণ কৰিব ৷

PARIS OLYMPICS 2024
বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ ধনুৰ্বিদ দীপিকা কুমাৰী (Etv Bharat)

পেৰিছ অলিম্পিকলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈ আছে ভাৰতৰ ১১৭ গৰাকী খেলুৱৈৰ দল ৷ অন্যান্য ক্ৰীড়াৰ লগতে ভাৰতীয় ধনুৰ্বিদসকলে বিশ্বব্যাপী প্ৰতিযোগিতাত দেখুওৱা ধাৰাবাহিকতাক বিবেচনা কৰিলে আৰ্চাৰী ভাৰতৰ বাবে সদায় আশাৰ ৰশ্মি হৈ আহিছে ।

এইবাৰ ভাৰতে পেৰিছ অলিম্পিকৰ বাবে ছয়জনীয়া ধনুৰ্বিদৰ দলৰ নাম ঘোষণা কৰিছে ৷ ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখিলে এই শাখাত ভাৰতে এটা বা দুটা পদক লাভ কৰাৰ ক্ষেত্ৰত আশাবাদী ৷

খেলবিধৰ ইতিহাস

আৰ্চাৰীক দুটা যুগত ভাগ কৰিব পাৰি- প্ৰাৰম্ভিক যুগ আৰু আধুনিক যুগ । প্ৰাৰম্ভিক যুগত ১৯০০, ১৯০৪, ১৯০৮ আৰু ১৯২০ চনৰ সংস্কৰণত এই খেলবিধ প্ৰদৰ্শিত হৈছিল যদিও প্ৰতিযোগিতাৰ আৰ্হি অধিক সামঞ্জস্যপূৰ্ণ হোৱাৰ প্ৰয়োজন আছিল । ই স্থানীয় নিয়মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল আৰু সেয়েহে এই খেলবিধ অলিম্পিক গেমছৰ ইতিহাসত মাজে মাজেহে দেখা দিছিল । কিন্তু ১৯৩১ চনত পুনৰ গেমছত যোগদান কৰিবলৈ ৱৰ্ল্ড আৰ্চাৰী গঠন কৰা হয় ।

১৯৭২ চনৰ সংস্কৰণত এই ক্ৰীড়াবিধ পুনৰ অলিম্পিক গেমছত অন্তৰ্ভুক্ত কৰা হয় ৷ তেতিয়াৰ পৰাই প্ৰতিটো সংস্কৰণতে ইয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে । ১৯৭২ চনৰ পৰা ১৯৮৪ চনলৈকে ব্যক্তিগত ইভেণ্ট খেলা হৈছিল যদিও ১৯৮৮ চনৰ সংস্কৰণত দলীয় ইভেণ্টো খেলপথাৰত যোগ দিয়া হৈছিল । ২০২০ সংস্কৰণত মিক্সড টিম ইভেণ্ট সংযোজন কৰা হৈছিল যদিও ভাৰতে এতিয়াও এই ক্ৰীড়াত কোনো পদক লাভ কৰিব পৰা নাই ৷ সেয়ে এইবেলি মূল প্ৰতিযোগিতাত স্থান লাভৰ ওপৰতে দৃষ্টি আৱদ্ধ থাকিব ধনুৰ্বিদসকলৰ ৷

গ্ৰেটছ অৱ দ্য গেম

১৯০০ আৰু ১৯২০ চনত অলিম্পিকত ছটা সোণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰি বেলজিয়ামৰ হুবাৰ্ট ভান ইনিছে প্ৰাৰম্ভিক যুগত আধিপত্য বিস্তাৰ কৰিছিল । কোৰিয়াৰ কিম ছু-নিউং আধুনিক যুগৰ আটাইতকৈ সফল ধনুৰ্বিদ, যিয়ে ১৯৮৮, ১৯৯২ আৰু ২০০০ চনত অনুষ্ঠিত অলিম্পিক গেমছত চাৰিটা সোণৰ পদক, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে ।

১৯৭৬ চনত মণ্ট্ৰিয়েল আৰু ১৯৮৪ চনত লছ এঞ্জেলছত দুবাৰকৈ ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয় কৰা একমাত্ৰ ধনুৰ্বিদ হৈছে আমেৰিকাৰ ডেৰেল পেচ । কোৰিয়াই ২৩ টা সোণকে ধৰি মুঠ ৩৯ টা পদক সংগ্ৰহ কৰি এই ক্ৰীড়াৰ আটাইতকৈ সফল দেশ হিচাপে পৰিগণিত হৈছে ৷ এইবেলিও প্ৰতিদ্বন্দ্বী দেশসমূহৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব কোৰিয়া ।

ভাৰতীয় দল

ধীৰাজ বোম্মাদেৱৰা - বিশ্বৰ ১২ নং স্থানত থকা ধীৰাজৰ ২০১৯ চনৰে পৰা বিশ্ব ৰেংকিঙত ব্যাপক উত্থান ঘটা দেখিবলৈ পোৱা গৈছিল । সমান্তৰালকৈ এই ছিজনত তেওঁৰ জয়ৰ শতাংশ আছিল ৮১ ।

২২ বছৰীয়া ধীৰাজে এইবাৰ চাৰিখন টুৰ্ণামেণ্ট খেলি দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে । খেলুৱৈগৰাকীয়ে প্ৰথমে বাগদাদ এছিয়া কাপ লেগ ১ ত সোণৰ পদক লাভ কৰিছিল যদিও তাৰ পিছত চাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ষ্টেজ ১ আৰু য়েচেনত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ষ্টেজ ২ ত ক্ৰমে নৱম আৰু ১৭ সংখ্যক স্থান দখল কৰিছিল । ইয়াৰ পিছতে আণ্টালিয়াত খেলা আৰ্চাৰী বিশ্বকাপৰ তৃতীয় পৰ্যায়ত সোণৰ পদক লাভ কৰে ধীৰাজে ।

লগতে পঢ়ক: অলিম্পিকৰ পৰা নিষিদ্ধ হোৱা অলিম্পিক ইতিহাসৰ আটাইতকৈ অদ্ভুত খেলসমূহ - Paris Olympic 2024

চলিত ছিজনত তেওঁৰ প্ৰদৰ্শন আৰু বছৰ বছৰ ধৰি কৰা অগ্ৰগতিৰ কথা বিবেচনা কৰিলে ধীৰাজে পদক লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত কৰিব পাৰি যদিও চীন আৰু কোৰিয়ান ধনুৰ্বিদৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ভাৰতীয় ধনুৰ্বিদগৰাকী ৷

তৰুণদীপ ৰায় - বিগত সময়ত তিনিখনকৈ অলিম্পিকত অংশগ্ৰহণৰ অভিজ্ঞতা লাভ কৰা তৰুণদীপে কেতিয়াও মূল প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা উন্নীত হ’ব পৰা নাই ৷ সেয়ে চলিত ছিজনত ধনুৰ্বিদগৰাকীৰ পৰা চমকপ্ৰদ ফলাফল আশা কৰিব নোৱাৰি ৷

বিশ্বৰ ৩১ নং স্থানত থকা খেলুৱৈগৰাকীৰ জয়ৰ আশা মাত্ৰ ৬৪ শতাংশ ৷ চলিত ছিজনত তৰুণদীপে চাৰিখনকৈ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে যদিও এছিয়া কাপৰ লেগ ১ ত মাত্ৰ ৰূপৰ পদকহে অৰ্জন কৰে ৷ গতিকে পেৰিছ অলিম্পিকত ধনুৰ্বিদগৰাকীৰ পদক লাভৰ আশা তেনেই ক্ষীণ ৷

প্ৰবীণ যাদৱ - ১১৪ নং স্থানত থকা প্ৰবীণে ২০২১ চনৰ অলিম্পিকত ব্যক্তিগত ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰিছিল যদিও কেৱল দ্বিতীয় ৰাউণ্ডতে ধনুৰ্বিদগৰাকী স্তব্ধ হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল ।

পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে মাত্ৰ ৪৩ শতাংশ জয়ৰহে সম্ভাৱনা আছে ধনুৰ্বিদগৰাকীৰ, যি ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ ৷ কিয়নো চলিত বৰ্ষৰ কোনো প্ৰতিযোগিতাতে পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই ধনুৰ্বিদগৰাকী ৷

দীপিকা কুমাৰী - বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানত থকা দীপিকা কুমাৰীয়ে নিঃসন্দেহে এতিয়ালৈকে সৰ্বাধিক পদক লাভ কৰা ভাৰতীয় ধনুৰ্বিদ ৷ বৰ্তমান ১২ নম্বৰ স্থানত থকা দীপিকাৰ এই ছিজনত জয়ৰ আশা ৭৫ শতাংশ ।

বাগদাদ এছিয়া কাপ লেগ ১ ত সোণৰ পদক আৰু এইবাৰ আৰ্চাৰী বিশ্বকাপ ষ্টেজ ১ ত ৰূপৰ পদক লাভ কৰি খেলুৱৈগৰাকীয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ৷

ভজন কৌৰ- সমগ্ৰ বিশ্বৰ ভিতৰত ৪৫ নম্বৰ স্থান দখল কৰা ১৮ বছৰীয়া ধনুৰ্বিদগৰাকীয়ে এইবেলি প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণৰ সুযোগ পাব । এই বছৰ পাঁচখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কৌৰৰ অলিম্পিক কোৱালিফায়াৰত মাত্ৰ এটা সোণৰ পদকহে লাভ কৰিছিল । এই ছিজনত ধনুৰ্বিদগৰাকীৰ জয়ৰ আশা ৬৪ শতাংশ ৷

অংকিতা ভকত - বিশ্ব ৪০ নং স্থানৰ অংকিতাৰ এই ছিজনত জয়ৰ আশা ৬০ শতাংশ ৷ পেৰিছ অলিম্পিকৰ জৰিয়তে এনেধৰণৰ মেগা ইভেণ্টত খেলুৱৈগৰাকীৰ এয়াই প্ৰথম খেল । ২৬ বছৰীয়া ধনুৰ্বিদগৰাকীৰ পদক লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ ৷

ভাৰতৰ ট্ৰেক ৰেকৰ্ড

১৯৮৮ চনৰ অলিম্পিকত ভাৰতীয় দলটোৰ বাবে আৰ্চাৰীৰ ইভেণ্টটো একপ্ৰকাৰ হতাশাজনক আছিল ৷ পৰৱৰ্তী সময়ত দেশখনে সঘনাই ধনুৰ্বিদৰ দল এনে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বাছনি কৰি পঠিয়াইছিল যদিও কোনো এগৰাকী ধনুৰ্ধৰে ব্যক্তিগত ইভেণ্টত শীৰ্ষ ২০ ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷

২০০৪ চনৰ এথেন্সত সত্যদেৱ প্ৰসাদে পুৰুষৰ ব্যক্তিগত ইভেণ্টত দশম স্থান দখল কৰাৰ বিপৰীতে ৰীনা কুমাৰীয়ে ১৫ নম্বৰ স্থান দখল কৰে । মহিলা দলটোৱে অষ্টম স্থানত গেমছ সমাপ্ত কৰি এক আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায় । অৱশ্যে ভাৰতীয় ধনুৰ্বিদসকলে পৰৱৰ্তী সংস্কৰণত নিজৰ প্ৰদৰ্শন বৃদ্ধি কৰিব পৰা নাই আৰু ভাৰতে এতিয়াও ধনুৰ্বিদ্যাত পদক লাভ কৰিব পৰা নাই ।

মূল নিয়ম

ৰিকাৰ্ভ হৈছে ধনুৰ্বিদ্যাৰ একমাত্ৰ গ্ৰহণযোগ্য ৰূপ, যাৰ অৰ্থ হ’ল ধনুৰ্বিদসকলক গেমছত কেৱল ৰিকাৰ্ভ ধনু ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হয় । প্ৰতিখন খেলতে খেলুৱৈসকলে টেনিছৰ দৰেই বেষ্ট অৱ ফাইভ এণ্ডছ ফৰ্মেটত ইজনে সিজনৰ বিৰুদ্ধে খেলে । প্ৰতিটো মূৰত তিনিটা কাঁড় থাকে ।

দলীয় ইভেণ্টত ছটা কাঁড় (প্ৰতিজন ধনুৰ্বিদৰ বাবে দুটা)কে ধৰি প্ৰতিটো ছেটৰ সৈতে চাৰিটা ছেট খেলা হয় । প্ৰতিটো দলক নিজৰ অনুমোদিত সংখ্যাৰ কাঁড় মাৰিবলৈ দুই মিনিটকৈ সময় দিয়া হয় ।

অলিম্পিকত পাঁচটা ধনুৰ্বিদ্যা ইভেণ্ট অনুষ্ঠিত হয়-

পুৰুষৰ ব্যক্তিগত

মহিলাৰ ব্যক্তিগত

পুৰুষৰ দল

মহিলা দল

মিশ্ৰিত দলৰ ইভেণ্ট

লগতে পঢ়ক: পেৰিছ অলিম্পিক : জানক ড'পিং কি, WADAৰ দ্বাৰা নিষিদ্ধ কৰা পদাৰ্থ আৰু চাঞ্চল্যকৰ ড'পিং কেলেংকাৰী - OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.