ETV Bharat / sports

অলিম্পিকৰ একাদশ দিনটোৰ ভাৰতৰ সূচী জানি লওক : দৃষ্টি নিবদ্ধ থাকিব নীৰজ চোপ্ৰা আৰু হকী দলৰ ওপৰত - Paris Olympics 2024 - PARIS OLYMPICS 2024

6 August India Olympics Schedule: পেৰিছ অলিম্পিকৰ দশম দিনটো ভাৰতৰ বাবে হতাশাজনক আছিল, ভাৰতৰ লক্ষ্য সেনে বেডমিণ্টনত আৰু স্কীট মিক্সড টিম ইভেণ্টত অনন্তজিৎ সিং নাৰুকা আৰু মহেশ্বৰী চৌহানে ব্ৰঞ্জৰ পদক লাভৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি আপোনালোকক জনাবলৈ ওলাইছো ভাৰতৰ একাদশ দিনৰ সম্পূৰ্ণ সূচী। সম্পূৰ্ণ খবৰ পঢ়ক...

6 August India Olympics Schedule
একাদশ দিনটোৰ ভাৰতৰ সূচী (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 12:06 AM IST

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ দশম দিনটো ভাৰতৰ বাবে হতাশাজনক আছিল ৷ ভাৰতে আজি 2 টা পদক লাভ কৰাৰ সুযোগ পাইছিল যদিও বেডমিণ্টনত লক্ষ্য সেন আৰু অনন্তজিৎ সিং নাৰুকা আৰু মহেশ্বৰী চৌহানে স্কীট মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হয় ৷ এতিয়া এই প্ৰতিযোগিতাৰ একাদশ দিনটোত সকলোৰে দৃষ্টি থাকিব ভাৰতীয় হকী দলটোৰ ওপৰত ৷ যিয়ে ছেমি ফাইনেলত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰি সোণৰ পদক দখলৰ লক্ষ্য ৰাখিব ৷ গতিকে আমি আপোনালোকক ভাৰতৰ পেৰিছ গেমছৰ একাদশ দিনটোৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে জনাবলৈ ওলাইছো ৷

6 আগষ্টত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা আৰু সময় :

টেবুল টেনিছ : 2024 চনৰ পেৰিছ অলিম্পিকৰ একাদশ দিনটোত ভাৰতীয় পুৰুষ খেলুৱৈয়ে টেবুল টেনিছ দলৰ প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব ৷ মানৱ ঠাক্কৰ, শৰথ কমল আৰু হৰমীত দেশাইক এই মেচত খেলা দেখা যাব ৷ পুৰুষৰ দলীয় ইভেণ্টৰ 16 ৰাউণ্ডত চীনৰ দলৰ সৈতে ভাৰতীয় দলৰ এখন মেচ অনুষ্ঠিত হ’ব ৷

  • 16 নং পুৰুষৰ দলীয় ৰাউণ্ড - (মানৱ ঠক্কাৰ, শৰথ কমল আৰু হৰমীত দেশাই) - 1.30 বজাত ৷

এথলেটিকছ : অলিম্পিক গেমছৰ একাদশ দিনটোত ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাক জেভেলিন থ্ৰ’ প্ৰতিযোগিতাৰ অৰ্হতা মেচত খেলা দেখা যাব ৷ তেওঁৰ বাহিৰেও ভাৰতৰ কিশোৰ কুমাৰ জৈনক একেখন প্ৰতিযোগিতাতে দেখা যাব ৷

  • পুৰুষৰ জেভেলিন থ্ৰ’ অৰ্হতা (নীৰজ চোপ্ৰা আৰু কিশোৰ কুমাৰ জৈন) - দুপৰীয়া 1.50 বজাত ৷

এথলেটিকছ : মহিলাৰ 400 মিটাৰ ষ্টীপলচেজ ৰাউণ্ডত দেখা যাব ভাৰতৰ কিৰণ পহলক ৷ ভাৰতৰ হৈ তেওঁক পদক দাবী কৰা দেখা যাব ৷

  • মহিলাৰ 400 মিটাৰ ষ্টীপলচেজ ৰাউণ্ড - দুপৰীয়া 2.20 বজাত ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকত দৃশ্যমান ভাৰতীয় হকীৰ শক্তি : ৪৪ বছৰৰ পাচত সোণৰ আশা দেশবাসীৰ - Paris Olympics 2024

মল্লযুঁজ : পেৰিছ অলিম্পিক 2024 ৰ একাদশ সংখ্যক দিনত ভাৰতৰ তাৰকা মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটক একচনত দেখা যাব ৷ বিনেশে মহিলাৰ 50 কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ অৰ্হতাৰ পৰা ছেমি ফাইনেললৈকে খেলত অংশগ্ৰহণ কৰিব তেওঁ ৷ ইয়াৰ উপৰিও 68 কেজি শাখাতো ৰেপেচেজ আৰু পদক মেচ অনুষ্ঠিত হ’ব ৷ এই শিতানত খেলিছে ভাৰতৰ নিশা দহিয়াই ৷ বৰ্তমান তেওঁ কোৱাৰ্টাৰ ফাইনেল খেলি আছে, যদি তাই ফাইনেলত প্ৰৱেশ কৰে তেন্তে আজি একাদশ দিনচটোত তেওঁ পদকৰ বাবে খেলিব পাৰিব ৷

  • মহিলাৰ 50 কেজি (বিনেশ ফ’গাট) - দুপৰীয়া 2.30 বজাত ৷
  • মহিলাৰ 68 কেজি পদক মেচ - পুৱা 12.30 বজাত ৷
  • মহিলাৰ 68 কেজি ৰিপেচেজ - দুপৰীয়া 2.30 বজাত ৷

হকী : হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত ভাৰতীয় হকী দলটোক জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেল খেলত দেখা যাব ৷ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত পেনাল্টি শ্বুট আউটত গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ এতিয়া দলটোৰ লক্ষ্য হ’ব ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণ পদক লাভ কৰা ৷

  • পুৰুষৰ হকী ছেমি ফাইনেল (ভাৰত বনাম জাৰ্মানী) - নিশা 10.30 বজাত ৷

লগতে পঢ়ক : হকীৰ ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীতৰ স্পষ্ট বক্তব্য, সকীয়ালে জাৰ্মানীক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.