ETV Bharat / sports

ফ্ৰান্সৰ পেডলাৰৰ হাতত হৰমিতৰ শোচনীয় পৰাজয় : সামৰিলে অলিম্পিকৰ অভিযান - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 11:06 AM IST

Paris Olympics 2024: টেবুল টেনিছত আন এক আঘাতৰ সন্মুখীন ভাৰত । শৰৎ কমলৰ পিচত হৰমিত দেশাইও পৰাজিত পুৰুষৰ ছিংগলছত । ফ্ৰান্সৰ ফেলিক্স লেব্ৰানৰ বিৰুদ্ধে ০-৪ পইণ্টত পৰাজয়ৰ সন্মুখীন । টেবুল টেনিছৰ পুৰুষৰ ছিংগলছত ভাৰতৰ অভিযান সমাপ্ত ।

Paris Olympics 2024
ফ্ৰান্সৰ পেডলাৰৰ হাতত হৰমিতৰ শোচনীয় পৰাজয় (AP)

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনা ভাৰতে টেবুল টেনিছত আন এক বিফলতাৰ সন্মুখীন হয় । প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় পেডেলাৰ দেওবাৰে পুৰুষৰ ছিংগলছত আয়োজক ফ্ৰান্সৰ পেডলাৰৰ বিৰুদ্ধে পৰাজিত হয় । ভাৰতীয় খেলুৱৈ হৰমিত দেশাইয়ে বিশ্বৰ ৫ নম্বৰ স্থানত থকা ফেলিক্স লেব্ৰানৰ বিৰুদ্ধে ০-৪ পইণ্টত পৰাজয়ৰ সন্মুখীন হয় । ইয়াৰ লগে লগে তেওঁৰ পেৰিছ অলিম্পিক অভিযানৰ সমাপ্তি ঘটে ।

নিৰাশাজনক প্ৰদৰ্শন হৰমিতৰ :

হৰমিত দেশাইয়ে আৰম্ভণিৰে পৰাই লেব্ৰানৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয় । খেলুৱৈগৰাকীয়ে এটা ৰাউণ্ডো নিজৰ নামত কৰিব নোৱাৰিলে । প্ৰথম ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকী ১১-৮ পইণ্টত পৰাজিত হয় । তাৰ পিচত দ্বিতীয় ৰাউণ্ডত আৰম্ভণিতে কিছু ভাল খেলিছিল যদিও ১১-৮ত পুনৰ পৰাজিত হয় । তৃতীয় ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকীয়ে ফ্ৰান্স খেলুৱৈগৰাকীৰ সন্মুখত ধৰাশায়ী হয় আৰু ১১-৭ পইণ্টত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় । ইফালে চতুৰ্থ ৰাউণ্ডতো ভাৰতীয় পেডলাৰ হৰমিত ১১-৮ পইণ্টত পৰাজিত হয় ।

আনহাতে লেব্ৰানে জয়ী হ'বলৈ চাৰিওটা ৰাউণ্ডতে মাত্ৰ ২৮ মিনিট সময় লৈছিল । ভাৰতৰ দ্বিতীয় দিনা টেবুল টেনিছত এইটো একেৰাহে দ্বিতীয়টো পৰাজয় আছিল । ইয়াৰ পূৰ্বে, শৰৎ কমলে টেবুল টেনিছৰ পুৰুষৰ ছিংগলছত ৪-২ পইণ্টত পৰাজয়ৰ সন্মুখীন হয় ।

অলিম্পিকৰ অভিযান সমাপ্ত :

হৰমিত দেশাইৰ পৰাজয়ৰ লগে লগে টেবুল টেনিছৰ পুৰুষৰ ছিংগলছত ভাৰতৰ অভিযান সমাপ্ত হয় । ইয়াৰ পূৰ্বে শনিবাৰে প্ৰথম ৰাউণ্ডত হাৰমিতে জৰ্ডানৰ আবু জাইদ আবো য়েমেনক ৪-০ত পৰাস্ত কৰে । তাৰ পিচত তেওঁ ফ্ৰান্সৰ বিৰুদ্ধে তেনে ধৰণৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল । ২০১৮ আৰু ২০২২ চনত কমনৱেলথ গেমছত দলীয় শাখাত স্বৰ্ণ পদক জয় কৰা দলটোৰ অংশ আছিল হৰমিত দেশাই ।

প্ৰস্তুতিৰ বাবে তিনিখন টুৰ্ণামেণ্টত খেলি আৰু জাৰ্মানীত ব্যক্তিগত প্ৰশিক্ষণ লৈ হৰমিত অলিম্পিকলৈ আহিছিল । কিন্তু ভাৰতীয় অনুৰাগীক নিৰাশ কৰি অলিম্পিকৰ অভিযান সামৰিলে হৰমিতে ।

লগতে পঢ়ক :লক্ষ্যৰ আশাত চেঁচাপানী : জয়ী হৈও নাপালে স্বীকৃতি - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.