ETV Bharat / sports

অলিম্পিক টেবুল টেনিছৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ শ্ৰীজা আকুলা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 31, 2024, 7:16 PM IST

Paris Olympics 2024 : ভাৰতীয় টেবুল টেনিছ তাৰকা শ্ৰীজা আকুলাই বুধবাৰে ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বী জেং জিয়ানৰ বিৰুদ্ধে এক উজ্জীৱিত খেল প্ৰদৰ্শন কৰে । অৱশ্যে প্ৰথম ছেটত পৰাজিত হ'লেও তেওঁ পৰৱৰ্তী তিনিটা ছেটত পুনৰ যুঁজ দি মেচখন নিজৰ আয়ত্তলৈ আনে ।

Paris Olympics 2024
শ্ৰীজা আকুলা (AFP Photo)

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : মণিকা বাট্ৰাৰ পিচত এইবাৰ শ্ৰীজা আকুলা । টেবুল টেনিছৰ ভাৰতীয় তাৰকা শ্ৰীজা আকুলা অলিম্পিক টেনিছৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে । ছিংগাপুৰৰ জেং জিয়ানৰ বিৰুদ্ধে ৪-২ গেমৰ ব্যৱধানত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ লগে লগে আকুলাই তেওঁৰ নিজ দেশৰে প্ৰতিদ্বন্দ্বীৰ কৃতিত্বৰ সম-অংশীদাৰ হয় ।

উল্লেখ্য যে টেবুল টেনিছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল মণিকা বাত্ৰা । এতিয়া শ্ৰীজা আকুলাও টেবুল টেনিছৰ ৰাউণ্ড অব ১৬ অৰ্থাৎ প্ৰি-কাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি টেবুল টেনিছৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী মহিলা খেলুৱৈ হৈ পৰিছে ।

মেচখনৰ আৰম্ভণিতে আধিপত্য বিস্তাৰ কৰি ছিংগাপুৰৰ খেলুৱৈ জেং জিয়ানে প্ৰথম ছেটত জয়লাভ কৰে । কিন্তু তাৰ পিচত শ্ৰীজা আকুলা নিজৰ ফৰ্মলৈ উভতি আহে । শ্ৰীজাই দ্বিতীয় (১২-১০), তৃতীয় (১১-৪) আৰু চতুৰ্থ ছেটত (১১-৫) একেলেথাৰিয়ে জয়লাভ কৰে।

আনহাতে, পঞ্চম ছেটত জিয়ানে পুনৰ ৰিবাউণ্ড কৰে আৰু ছেটটো 10-12 ত জয়লাভ কৰে । শ্ৰীজা আকুলাই জিয়ানক পুনৰ আক্ৰমণ কৰি ষষ্ঠ ছেটটো ১২-১০ ব্যৱধানত জয়লাভ কৰে আৰু সামগ্ৰিকভাৱে মেচখন ৪-২ ব্যৱধানত নিজৰ দখললৈ আনে । ইয়াৰ লগে লগে তেওঁ ৰাউণ্ড অব 32-ত এক উজ্জীৱিত প্ৰদৰ্শনেৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ।

উল্লেখ্য যে মেচখনত শ্ৰীজা আকুলাই তেওঁৰ প্ৰতিদ্বন্দ্বী জেং জিয়ানৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয় । তেওঁ প্ৰথম ছেটত বহু পিচপৰি গৈছিল । কিন্তু তাৰ পৰা তেওঁ পুনৰ প্ৰত্যাৱৰ্তন কৰে যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল । যাৰ বাবে তেওঁ প্ৰথম ছেটটো হস্তগত কৰিব নোৱাৰিলে । তাৰ পিচত তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ পৰাস্ত কৰে । এতিয়া তেওঁ প্ৰি-কাৰ্টাৰ ফাইনেলত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবৰ বাবে সাজু হৈছে ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিকত শ্বুটিঙত ইতিহাস সৃষ্টিৰ সোণালী সুযোগ ভাৰতৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.