ETV Bharat / sports

মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন মনু ভাকৰ-সৰবজোৎ সিঙৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 5:05 PM IST

Paris Olympics 2024 Shootng: ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন কৰিছে । মনু ভাকৰে দেওবাৰে মহিলাৰ একক শাখাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ভাৰতৰ হৈ প্ৰথমটো ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷

Paris Olympics 2024 Shootng
মনু ভাকেৰ আৰু সৰবজোৎ সিং (AP Photos)

স্প’ৰ্টছ ডেস্ক, ২৯ জুলাই: ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ তৃতীয় দিনতো ভাৰতীয় শ্বুটাৰৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে । সোমবাৰে ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত ব্ৰঞ্জৰ পদক মেচৰ বাবে যোগ্যতা অৰ্জন কৰে ।

কোৰিয়ান শ্বুটাৰ চেৰ পেলাই তৃতীয় স্থান দখল ভাৰতৰ:

মনু ভাকৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে প্ৰতিযোগিতাখনৰ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৩ ছিৰিজত ৫৮০ পইণ্ট সংগ্ৰহ কৰি অৰ্হতা ৰাউণ্ডত তৃতীয় স্থান দখল কৰে । ভাৰতীয় দলটোৱে কোৰিয়া ৰিপাব্লিকৰ অহ য়ে জিন আৰু লি ৱনহ’ যুটিক পিছ পেলায় । কোৰিয়া ৰিপাব্লিকে চাৰি নম্বৰত সামৰণি মাৰে ৷

লগতে পঢ়ক: ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024

মঙলবাৰে অনুষ্ঠিত হ’ব ব্ৰঞ্জৰ পদক মেচ:

ভাৰতীয় শ্বুটাৰদ্বয়ে কোৰিয়াৰ অহ য়ে জিন আৰু লি ৱনহ’ৰ যুটিৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক মেচত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব । মঙলবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত দুয়োটা দলে ব্ৰঞ্জৰ পদক মেচত মুখামুখি হ’ব । দেওবাৰে পেৰিছ অলিম্পিকত ভাৰতক প্ৰথমটো পদক প্ৰদান কৰা মনু ভাকৰে এই মেচত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ চেষ্টা কৰিব ।

তুৰস্ক আৰু ছাৰ্বিয়াৰ মাজত হ’ব স্বৰ্ণ পদকৰ মেচ:

ইফালে, ২০২০ চনৰ টকিঅ’ত ভাৰতে স্থাপন কৰা ৫৮২ পইণ্টৰ অলিম্পিকৰ অৰ্হতাৰ অভিলেখ স্পৰ্শ কৰে তুৰস্কৰ চেভাল ইলয়দা তাৰহান আৰু ইউছুফ ডিকেকৰ যুটিয়ে ৷ স্বৰ্ণ পদকৰ খেলখনত তুৰ্কী দলটোৱে ছাৰ্বিয়ান যুটি জোৰানা অৰুনোভিচ আৰু ডামিৰ মাইকৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব । প্ৰতিয়োগিতাখনৰ খিতাপ যাৰ নামতেই নহওক কিয়, দুয়োটা যুটিয়ে ইতিমধ্যে পেৰিছ ২০২৪ত পদক নিশ্চিত কৰিছে ।

লগতে পঢ়ক: জুনিয়ৰ চেম্পিয়নৰ পৰা পেৰিছ অলিম্পিক ২০২৪ লৈ: ছ’চিয়েল মিডিয়াত নিজৰ মনৰ ভাব ব্যক্ত কৰিলে মনুৱে - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.