স্পৰ্টস ডেস্ক, 29 জুলাই : পেৰিছ অলিম্পিক 2024ত প্ৰথমটো পদক দখল কৰিলে ভাৰতে ৷ প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে এই কৃতিত্ব অৰ্জন কৰাৰ পাচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনু ভাকৰেক ফোনযোগে অভিন্নদন জনায় ৷ চলিত পেৰিছ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদক দেশৰ বাবে উৎসৰ্গা কৰি মনুৱে কয়, "এই পদক লাভৰ দ্বাৰা কেৱল তেওঁৰেই নহয় সমগ্ৰ দেশৰেই সপোন বাস্তৱায়িত হৈছে ।"
ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকেৰক ফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাকৰৰ সৈতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ’ X যোগে শ্বেয়াৰ কৰে । হাৰিয়ানাৰ যুৱ শ্বুটাৰগৰাকীক মোদীয়ে কয়, ‘‘0.1 পইণ্টৰ বাবে ৰূপৰ পদক লাভৰ সুযোগ হেৰুৱাইছে যদিও ব্ৰঞ্জৰ পদক লাভৰ দ্বাৰাও আপুনি দেশক গৌৰৱান্বিত কৰিছে । ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে শ্বুটিঙত দেশৰ বাবে পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে আপুনি ।"
#WATCH | Prime Minister Narendra Modi interacts with Olympic Bronze Medalist Manu Bhaker and congratulated her on winning a Bronze medal in Women’s 10 M Air Pistol at #ParisOlympics2024 pic.twitter.com/IHrumNS5yv
— ANI (@ANI) July 28, 2024
মনুৰ পৰা পৰ্যাপ্ত সা-সুবিধাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘টকিঅ’ অলিম্পিকত আপুনি সঁজুলি বিকল হোৱাৰ বাবে পদক হেৰুৱাবলগীয়া হৈছিল ৷ কিন্তু আপুনি সকলো পৰিস্থিতি অতিক্ৰম কৰিলে আৰু ভৱিষ্যতে আপুনি আৰু ভাল প্ৰদৰ্শন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ কাৰণ এই জয়ে আপোনাক প্ৰেৰণা দিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷ লগতে দেশ উপকৃত হ’ব ।"
Manu Bhaker takes us through her thought process during the nerve-racking 10m pistol shooting final!
— JioCinema (@JioCinema) July 28, 2024
Watch more Olympic action LIVE on #Sports18 & stream FREE on #JioCinema#Paris2024#OlympicsonJioCinema #OlympicsonSports18#JioCinemaSports#Cheer4Bharat pic.twitter.com/Xdq4ryZt8F
কেন্দ্ৰীয় চৰকাৰে সকলো খেলুৱৈয়ে যাতে উন্নত সুবিধা আৰু পৰ্যাপ্ত বিশ্ৰাম পোৱাটো নিশ্চিত কৰিছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছৰ ব্যৱস্থা সন্দৰ্ভত পদক বিজয়ী মনু ভাকৰক সোধাত ভাকৰে কয়, "ইয়াত সকলো ঠিকেই আছে । আমি ভাল সুবিধা পাইছো আৰু এতিয়ালৈকে আপোনালোকৰ সকলো প্ৰচেষ্টা সফল হৈছে ।"
উল্লেখ কৰা প্ৰয়োজন যে, টকিঅ’ অলিম্পিকত মনু ভাকৰে সঁজুলি বিকল হোৱাৰ বাবে তেওঁৰ ইভেণ্টত অংশ ল’ব নোৱাৰিলে আৰু পদক লাভৰ সুযোগ হেৰুৱাইছিল । চলিত অলিম্পিকত মনুৱে সঠিক সঁজুলি বাছি লোৱাৰ বাবে উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ’ল ।
বিস্ফোৰক প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে
দেওবাৰে পেৰিছ অলিম্পিক 2024 ত মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় ভাকৰে । এই পদক লাভৰ দ্বাৰা তেওঁ অলিম্পিকৰ ইতিহাসৰ 12 বছৰীয়া এক অপেক্ষাৰ অন্ত পেলায় ৷ প্ৰথম পাঁচটা শ্বটত মুঠ 50.4 পইণ্ট সংগ্ৰহ কৰি ইভেণ্টত মনু ভাকৰেই শক্তিশালী আৰম্ভণি কৰে ।
দ্বিতীয় স্থান হেৰুৱাই কোৰিয়ান শ্বুটাৰ কিম য়েজিয়ে নিজৰ স্ক’ৰ 101.5 লৈ বৃদ্ধি কৰি দ্বিতীয় ছিৰিজৰ শেষলৈকে ভাৰতীয় শ্বুটাৰগৰাকীক অতিক্ৰম কৰে । ইয়াৰ পিছত দ্বিতীয় স্থানৰ বাবে মনু আৰু কোৰিয়ান প্ৰতিদ্বন্দ্বীগৰাকীৰ মাজত কঠোৰ প্ৰতিদ্বন্দ্বিতা আৰম্ভ হয় । মাত্ৰ 0.1 পইণ্টেৰে ৰূপৰ পদক হেৰুৱায় মনুৱে ।
স্মৰ্তব্য যে, ভাৰতীয় মহিলা শ্বুটাৰ এগৰাকীয়ে শেষবাৰৰ বাবে 2004 চনত ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ভাৰতীয় সুমা শ্বিৰুৰে 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল ।