ETV Bharat / sports

পেৰিছ অলিম্পিকত শ্বুটিঙৰ ব্যক্তিগত শাখাত ফাইনেললৈ অৱতীৰ্ণ মনু ভাকৰ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:50 PM IST

Paris Olympics 2024: অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত শাখাত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ল মনু ভাকৰে । ৫৮০ পইণ্ট আৰু ২৭ টা বুলছআইৰ সৈতে অৰ্হতা ৰাউণ্ডত তৃতীয় স্থান লাভ । পঞ্চদশ স্থানতে অভিযান সামৰিলে ৰিদম চাংৱানে ।

Paris Olympics 2024
পেৰিছ অলিম্পিকত শ্বুটিঙৰ ব্যক্তিগত শাখাত ফাইনেললৈ অৱতীৰ্ণ মনু ভাকৰ (AP Photo)

স্পৰ্টছ ডেস্ক,২৭ জুলাই : পেৰিছ অলিম্পিকৰ পৰা আহিল এক ভাল খবৰ । ভাৰতৰ শীৰ্ষ শ্বুটাৰ মনু ভাকৰে অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । শ্বুটাৰগৰাকীয়ে ৫৮০ পইণ্ট আৰু ২৭ টা বুলছআইৰ সৈতে অৰ্হতা ৰাউণ্ডত তৃতীয় স্থান লাভ কৰে ।

মনু ভাকৰে ৬ টা শৃংখলাত ক্ৰমে ৯৭, ৯৭, ৯৮, ৯৬, ৯৬ আৰু ৯৬ পইণ্ট অৰ্জন কৰে । প্ৰথম তিনিটা শৃংখলাত তেওঁৰ প্ৰদৰ্শনে তেওঁক শীৰ্ষ দ্বিতীয় স্থানলৈ লৈ যায় আৰু তাৰ পিচত তেওঁ তৃতীয় স্থান লাভ কৰিবলৈ নিজৰ গতি অব্যাহত ৰাখে । পেৰিছ অলিম্পিক ২০২৪ ত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ অৰ্হতা ৰাউণ্ডত সকলো শ্বুটাৰৰ ভিতৰত তেওঁ সৰ্বাধিক ২৭ টা বুলছআই লাভ কৰে ।

মনু ভাকৰে ৰচিলে ইতিহাস :

যোৱা ২০ বছৰত ব্যক্তিগত শাখাত অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে মনু ভাকৰ । অন্তিমবাৰৰ বাবে সুমা শিৰুৰে ২০০৪ চনত এথেন্সত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টৰ ফাইনেলত উপনীত হৈছিল ।

নিৰাশ ৰিদম চাংৱান :

একে সময়তে, ভাৰতৰ ৰিদম চাংৱান ফাইনেলত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হয় । প্ৰতিযোগিতাখনত তেওঁ গতি বজাই ৰাখিব নোৱাৰিলে আৰু দ্বিতীয় শৃংখলাত কেৱল ৯২ পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয় । প্ৰতিযোগিতাত ৰিদমে ৫৭৩ পইণ্ট আৰু ১৪ টা বুলছআইৰ সৈতে পঞ্চদশ স্থান লাভ কৰিবলৈ সক্ষম হয় । খেলুৱৈগৰাকীয়ে ৬ টা শৃংখলাত ক্ৰমে ৯৭, ৯২, ৯৭, ৯৬, ৯৫ আৰু ৯৬ পইণ্ট লাভ কৰে । ফলস্বৰূপে তেওঁ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয় ।

লগতে পঢ়ক :অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে বিহাৰৰ বিধায়িকাই ! - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.