ETV Bharat / sports

পেৰিছ অলিম্পিকত কোন কোন খেলুৱৈৰ পৰা সোণ-ৰূপৰ পদক লাভৰ আশা ভাৰতৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 11:01 PM IST

Paris Olympics 2024: ভাৰতে এতিয়ালৈকে পেৰিছ অলিম্পিক ২০২৪ত মাত্ৰ ব্ৰঞ্জৰ পদকহে লাভ কৰিছে, এতিয়া ভাৰতীয় খেলুৱৈসকলৰ বাবে পদকৰ ৰং ৰূপ আৰু সোণলৈ সলনি কৰাৰ সুযোগ থাকিব । গতিকে আজি আমি আপোনালোকক সেইসকল খেলুৱৈৰ বিষয়ে ক’বলৈ ওলাইছো যিসকলে ভাৰতক সোণ আৰু ৰূপৰ পদক দিব পাৰে । সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024
পেৰিছ অলিম্পিকত এই খেলুৱৈসকলৰ পৰা সোণ আৰু ৰূপৰ পদক লাভৰ আশা ভাৰতৰ (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : ২০২৪ চনৰ পেৰিছ অলিম্পিকত এতিয়ালৈকে ভাৰতীয় খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । অলিম্পিকত ভাৰতে এতিয়ালৈকে মুঠ ৩টা পদক লাভ কৰিছে, তিনিওটা পদকেই ব্ৰঞ্জৰ । এতিয়া ভাৰতীয় অনুৰাগীসকলে নিজৰ খেলুৱৈসকলৰ পৰা ৰূপ আৰু স্বৰ্ণ পদক আশা কৰিছে । গতিকে আজি আমি আপোনালোকক জনাবলৈ ওলাইছো ভাৰতৰ সেইসকল খেলুৱৈ কোন যিয়ে দেশৰ বাবে স্বৰ্ণ বা ৰূপৰ পদক লাভ কৰিব পাৰে ।

Paris Olympics 2024
লক্ষ্য সেন (IANS PHOTOS)

লক্ষ্য সেন: ভাৰতৰ বেডমিণ্টন তাৰকা লক্ষ্য সেনে এই প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । তেওঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেওঁৰ আৰু এটা জয়ে প্ৰত্যক্ষভাৱে ভাৰতৰ লক্ষ্য ৰূপৰ পদক নিশ্চিত কৰিব পাৰে ৷ অৱশ্যে ভাৰতীয় অনুৰাগীসকলেও তেওঁ ফাইনেলত জয়ী হৈ সোণৰ পদক লাভ কৰাৰ আশা কৰিছে । পেৰিছ অলিম্পিকত পুৰুষৰ একক বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা লক্ষ্য প্ৰথমগৰাকী ভাৰতীয় । লক্ষ্যই ৪ আগষ্টত তেওঁৰ ছেমি ফাইনেলৰ মেচ খেলিব আৰু সেইদিনা তেওঁ ভাৰতৰ হৈ ৰূপৰ পদক নিশ্চিত কৰিব পাৰিব । তেওঁ এতিয়ালৈকে অলিম্পিকত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ।

Paris Olympics 2024
নীৰজ চোপ্ৰা (IANS PHOTOS)

নীৰজ চোপ্ৰা: ভাৰতৰ সোণৰ ল'ৰা নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰিব বুলি সকলো ভাৰতীয়ই আশা কৰিছে । টকিঅ’ অলিম্পিক ২০২০ত জেভলিন নিক্ষেপ ইভেণ্টত তেওঁ স্বৰ্ণ পদক লাভ কৰে । এইবাৰ তেওঁ নিজৰ খিতাপ ৰক্ষা কৰিবলৈ আহিব । ৬ আগষ্টৰ পৰা আৰম্ভ হ'ব নীৰজ চোপ্ৰাৰ মেচ, তেওঁ ভাৰতৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰিব বুলি সকলোৱে আশা কৰিছে আৰু তেওঁ দেশৰ হৈ স্বৰ্ণ পদক লাভ কৰিব পাৰে । শেহতীয়াকৈ তেওঁৰ প্ৰদৰ্শন যথেষ্ট উৎকৃষ্ট ।

Paris Olympics 2024
মীৰাবাঈ চানু (IANS PHOTOS)

মীৰাবাঈ চানু: ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৰ পৰা পদক লাভৰ আশা কৰিছে দেশবাসীয়ে । টকিঅ’ অলিম্পিক ২০২০ত তেওঁ ৰূপৰ পদক লাভ কৰিছে । এতিয়া তেওঁৰ পদকৰ ৰং সলনি কৰাৰ সুযোগ পাব । ভাৰতে এইবাৰ তেওঁৰ পৰা স্বৰ্ণ পদক আশা কৰিব । পূৰ্বৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিলে তেওঁ দেশৰ হৈ ৰূপৰ পদক লাভ কৰিব পাৰিব । অহা ৭ আগষ্টত ৪৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত নিজৰ মেচ খেলিব মাৰাবাঈ চানুৱে । বৰ্তমান উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই অলিম্পিকত নিজৰ স্থান নিশ্চিত কৰিছে মীৰাবাঈ চানু ।

লগতে পঢ়ক: পেৰিছত তীব্ৰ গৰমে দহিছে ভাৰতীয় খেলুৱৈক, ক্ৰীড়া মন্ত্ৰালয়ে ল’লে বিশেষ পদক্ষেপ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.