ETV Bharat / sports

বেলজিয়ামৰ প্ৰতিদ্বন্দ্বীক পোনপটীয়া ছেটত পৰাস্ত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 8:27 PM IST

Paris Olympics 2024 Badminton: ভাৰতৰ বেডমিণ্টন তাৰকা লক্ষ্য সেনে নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচত বেলজিয়ামৰ খেলুৱৈ জুলিয়েন কাৰাগীক পোনপটীয়া ছেটত পৰাস্ত কৰে । লক্ষ্যই তেওঁ প্ৰতিদ্বন্দ্বীৰ সকলো প্ৰচেষ্টা ধূলিসাৎ কৰি একপক্ষীয়ভাৱে মেচখনত নিজৰ অধিপত্য অক্ষুন্ন ৰাখে ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024 Badminton
ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৯ জুলাই: পেৰিছ অলিম্পিকৰ তৃতীয় দিনা ভাৰতৰ বেডমিণ্টন তাৰকা লক্ষ্য সেনে পুৰুষৰ একক গ্ৰুপ পৰ্যায়ৰ মেচত বেলজিয়ামৰ জুলিয়ন কাৰাগীক ২-০ প্ৰত্যক্ষ ছেটত পৰাস্ত কৰে । তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীক ২১-১৯, ২১-১৪ ছেটত পৰাস্ত কৰে । পেৰিছ অলিম্পিকত এইটো লক্ষ্য সেনৰ একেৰাহে দ্বিতীয়টো জয় ৷

প্ৰথম ছেটত জয়লাভ লক্ষ্য সেনৰ:

মেচখনৰ প্ৰথম ছেটত লক্ষ্য আৰু জুলিয়ানৰ মাজত প্ৰৱল প্ৰতিদ্বন্দ্বিতা হয় । দুয়োজনে উজ্জ্বল খেল প্ৰদৰ্শন কৰি মেচখনত প্ৰায় সমান পইণ্টেৰে আগবাঢ়ি যায় । কিন্তু শেষত লক্ষ্য সেনে ২১-১৯ ত প্ৰথম ছেটটো জয়লাভ কৰে । এই ছেটত লক্ষ্যক কঠোৰ যুঁজ দিছিল বেলজিয়ামৰ জুলিয়েনে ।

লগতে পঢ়ক: বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024

দ্বিতীয় ছেটতো জয়লাভ লক্ষ্যৰ :

লক্ষ্য সেনে পুনৰবাৰ দ্বিতীয় ছেটত এক সুন্দৰ আৰম্ভণি কৰে আৰু তেওঁ বিপক্ষ খেলুৱৈৰ দুৰ্বলতাক ব্যৱহাৰ কৰি নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিলে ৷ মেচৰ দ্বিতীয় ছেটৰ মিড ব্ৰেকলৈকে তেওঁ ১১-৫ ত অগ্ৰগতি লাভ কৰে ৷ ইয়াৰ পিচত লক্ষ্য সেনে জুলিয়ানৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰি দ্বিতীয় ছেটটো ২১-১৪ ছেটত জয়লাভ কৰে ।

পোনপটীয়া ছেটত জয়লাভ লক্ষ্যৰ:

লক্ষ্যই মেচখন ২১-১৯ আৰু ২১-১৫ পোনপটীয়া ছেটত জয়লাভ কৰে । ২০২৪ চনৰ পেৰিছ অলিম্পিকত লক্ষ্যৰ এয়া দ্বিতীয়টো জয় । ইয়াৰ পূৰ্বে গুৱেটামালাৰ খেলুৱৈ কেভিন কৰ্ডনৰ বিৰুদ্ধে প্ৰথমটো জয় পঞ্জীয়ন কৰিছিল যদিও কৰ্ডনে আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে । ইয়াৰ পিচত তেওঁৰ সৈতে লক্ষ্যৰ মেচখন বাতিল কৰা হয় । এতিয়া সেই মেচৰ পইণ্ট লক্ষ্যৰ বৰ্তমানৰ পইণ্টৰ লগত যোগ নহ’ব ।

লগতে পঢ়ক: লক্ষ্যৰ আশাত চেঁচাপানী : জয়ী হৈও নাপালে স্বীকৃতি - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.