ETV Bharat / sports

জৈৱিক পুৰুষ ! অলিম্পিকৰ মহিলা বক্সাৰক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 1:44 PM IST

Imane Khelif Controversy : বক্সাৰ ইমান খালিফ কোন ? তেওঁ সঁচাকৈয়ে এজন জৈৱিক পুৰুষ নেকি ? বৃহস্পতিবাৰে তেওঁ 46 ছেকেণ্ডত বাউট জয়ৰ পিচত ছ'চিয়েল মিডিয়াত এতিয়া তেওঁৰ বিষয়ে এক 'লিংগ বিতৰ্ক' আৰম্ভ হৈছে ।

Imane Khelif Controversy
অলিম্পিকৰ মহিলা বক্সাৰক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া (AP Photo)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : চলিত পেৰিছ অলিম্পিকত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্ক হৈছে এগৰাকী মহিলা বক্সাৰক কেন্দ্ৰ কৰি । অভিযোগ উঠিছে, বক্সাৰ ইমান খালিফ এগৰাকী জৈৱিক পুৰুষ হোৱা সত্ত্বেও মহিলা বক্সাৰ হিচাপে অলিম্পিক খেলি আছে । যাৰ বাবে ইমান খালিফ বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে ।

লগতে ইউজাৰসকলে এই বিষয়ত আগ্ৰহ দেখুৱাইছে যে এই বক্সাৰগৰাকী কোন । কিছুমানে তেওঁক এগৰাকী মহিলা হিচাপে অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে আকৌ তেওঁক এগৰাকী জৈৱিক পুৰুষ বুলি কয় । কিয়নো তেওঁৰ এক্স ৱাই ক্ৰম'জম আছে ।

  • বিতৰ্কটো কি ?

এই বিতৰ্ক আৰম্ভ হয় বৃহস্পতিবাৰে । পেৰিছ অলিম্পিকত ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনিয়ে ইমান খালিফৰ মুখামুখি হৈছিল । কিন্তু বাউট আৰম্ভ হোৱাৰ মাত্ৰ 46 ছেকেণ্ডৰ পিচতে কেৰিনীয়ে 'নিজৰ জীৱন ৰক্ষা' কৰিবলৈ মেচখন ত্যাগ কৰিবলৈ সিদ্ধান্ত লয় ।

খালিফে মাত্ৰ 46 ছেকেণ্ডতে মেচখনত জয়লাভ কৰে । আনহাতে, মেচৰ সিদ্ধান্ত ঘোষণাৰ পিচত ইটালীৰ বক্সাৰ কেৰিনিয়ে খালিফৰ সৈতে হাত মিলোৱা নাছিল আৰু নিজৰ আঁঠুত মুখ গুজি ৰিঙতে কান্দিছিল । তাৰ পিচত চকুপানী টুকি কেৰিনিয়ে কৈছিল যে প্ৰাৰম্ভিক পাঞ্চৰ পিছত নাকত তীব্ৰ বিষ হোৱাৰ বাবে তেওঁ বাউট এৰিছিল । তেওঁ কয় মেচখনত তেওঁ পৰাস্ত হোৱা নাই, কিন্তু নিজকে জয়ী হোৱা বুলি বিবেচনা কৰে ।

  • 2023 বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হৈছিল

অৱশ্যে ইমান এনে বিতৰ্কৰ কেন্দ্ৰত থকাটো এইটোৱে প্ৰথম নহয় । পূৰ্বেও লিংগ যোগ্যতাৰ চৰ্ত পূৰণ নকৰাৰ বাবে তেওঁক বিশ্ব চেম্পিয়নশ্বিপ, 2023-ত অংশগ্ৰহণ কৰাৰ বাবে অযোগ্য ঘোষণা কৰিছিল । তৎসত্ত্বেও তেওঁ কেনেকৈ পেৰিছ অলিম্পিকত খেলিবলৈ অনুমতি লাভ কৰিলে সেয়াও এক ডাঙৰ প্ৰশ্ন । অৱশ্যে ইয়াৰ কোনো উত্তৰ কাৰো ওচৰত নাই ।

  • পেৰিছ অলিম্পিকত যোগ্যতা অৰ্জন সন্দৰ্ভত আই অ' চি

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখপাত্ৰ মাৰ্ক এডামছে ইমান খালিফ বিতৰ্কৰ বিষয়ে কয় যে যিহেতু খালিফে তেওঁৰ পাছপোৰ্টত 'মহিলা' লিখিছে, তেওঁ 66 কিলোগ্ৰাম শাখাত মহিলাৰ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰিছে । "মহিলা শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰা সকলো মহিলায়ে প্ৰতিযোগিতাৰ যোগ্যতাৰ নিয়ম অনুসৰণ কৰি আহিছে । তেওঁৰ পাছপোৰ্টত মহিলা লিখা আছে আৰু সেয়েহে এইটো কোৱা হৈছে যে তেওঁ মহিলা ।" তেওঁ কয় ।

  • কোন এইগৰাকী ইমান খালিফ

25 বছৰীয়া ইমান খালিফ আলজেৰিয়াৰ টিয়াৰেটৰ বাসিন্দা আৰু বৰ্তমান ইউনিচেফৰ ৰাষ্ট্ৰদূত । খালিফৰ পিতৃয়ে 'ছোৱালীৰ বাবে বক্সিং' অনুমোদন কৰা নাছিল । কিন্তু তেওঁ সবাতোকৈ ডাঙৰ মঞ্চত স্বৰ্ণ জয় কৰি পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব বিচাৰিছিল ।

খালিফে 2018 চনৰ বিশ্ব চেম্পিয়নশ্বিপত পেছাদাৰীভাৱে আত্মপ্ৰকাশ কৰি 17 সংখ্যক স্থান লাভ কৰে । ইয়াৰ পিচত তেওঁ 2019 বিশ্ব চেম্পিয়নশ্বিপত 19 সংখ্যক স্থান লাভ কৰে ।

তাৰ পিচত খালিফে 2021 চনৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি কোৱাৰ্টাৰ ফাইনেলত আয়াৰলেণ্ডৰ কেলি হেৰিংটনৰ হাতত পৰাজিত হয় । একে বছৰতে খালিফে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে । ইয়াৰ পিচত খালিফে 2022 চনৰ আফ্ৰিকান চেম্পিয়নশ্বিপ, মেডাৰেনিয়ান গেমছ আৰু 2023 চনৰ আৰব গেমছত সোণৰ পদক জয় কৰিছিল ।

  • 2023 বিশ্ব বক্সিং চেম্পিয়নশ্বিপ বিতৰ্ক

2023 চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ইমান খালিফে লিংগ বিতৰ্কৰ সন্মুখীন হৈছিল । 2023 চনত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খালিফক আই বি এৰ সভাপতি ওমৰ ক্ৰেমলেভে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰিছিল ।

নিজৰ বিবৃতিত ক্ৰেমলেভে কৈছিল, "ডি এন এ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি আমি এনে কেইবাগৰাকীও খেলুৱৈক চিনাক্ত কৰিছোঁ, যিসকলে তেওঁলোকৰ সংগীসকলক মহিলা হিচাপে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰিছিল । এনে খেলুৱৈসকলক প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হৈছে ।"

অৱশ্যে আলজেৰিয়ান অলিম্পিক কমিটীয়ে খালিফক বৰ্জন সন্দৰ্ভত অলপ বেলেগ স্থিতি গ্ৰহণ কৰি কয় যে তেওঁক 'চিকিৎসাজনিত কাৰণত' অযোগ্য ঘোষণা কৰা হৈছিল । আনহাতে, আলজেৰিয়াৰ সংবাদ মাধ্যমসমূহে কৈছিল যে উচ্চ টেষ্টোষ্টেৰনৰ স্তৰৰ বাবে খালিফক অযোগ্য ঘোষণা কৰা হৈছিল ।

অৱশ্যে এই ঘটনাত খালিফ সুখী হোৱা নাছিল আৰু তেওঁ কৈছিল, "কিছুমান দেশ আছে যিয়ে আলজেৰিয়াই সোণৰ পদক জিকাটো নিবিচাৰে । এইটো এক ষড়যন্ত্ৰয়েই নহয়, এক বৃহত্তৰ ষড়যন্ত্ৰ । আৰু মই এই বিষয়ত নীৰৱ হৈ নাথাকো ।"

লগতে পঢ়ক :এখন হাত পকেটত ভৰাই পেৰিছ অলিম্পিকত ৰূপৰ পদক দখল: সামাজিক মাধ্যমত ভাইৰেল এই ষ্টাইল - Paris Olympics 2024
লগতে পঢ়ক :ৰে’লৱেত টিকট পৰীক্ষকৰ পৰা অলিম্পিক পদক বিজয়ীলৈ : ধোনীৰ দৰে প্ৰেৰণাদায়ক কাহিনী স্বপ্নীল কুছালেৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.