ETV Bharat / sports

ইতিহাস সৃষ্টি ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ, ৰোমানিয়াক 3-2 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 6:29 PM IST

Paris Olympics 2024 Table Tennis : ভাৰতীয় মহিলা টেবুল টেনিছ দলটোৱে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ কৰিছে। সোমবাৰে দক্ষিণ পেৰিছ এৰিনাত অনুষ্ঠিত হোৱা ১৬ ৰাউণ্ডৰ ৰোমাঞ্চকৰ খেলখনত ভাৰতীয় দলটোৱে ৰোমানিয়াক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Paris Olympics 2024 Table Tennis
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ (AP Photo)

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ভাৰতীয় মহিলা টেবুল টেনিছ দলটোৱে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ কৰিছে ৷ সোমবাৰে চাউথ পেৰিছ এৰিনাত অনুষ্ঠিত হোৱা 16 ৰাউণ্ডৰ ৰোমাঞ্চকৰ খেলখনত ভাৰতীয় দলটোৱে ৰোমানিয়াক 3-2 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷

কামথ আৰু আকুলাই এক সুন্দৰ আৰম্ভণি কৰে :

16 নং ৰাউণ্ডৰ মহিলাৰ প্ৰথমখন খেলত ভাৰতৰ অৰ্চনা কামাথ আৰু শ্ৰীজা আকুলাই ভাৰতক এক সুন্দৰ আৰম্ভণি কৰি আদিনা ডায়েকনু আৰু এলিজাবেথ সমৰাক 11-9, 12-10, 11-7 ব্যৱধানত পৰাস্ত কৰি 1-0ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি মেচখনত আগবাঢ়ি যায় ৷

মণিকা বাট্ৰাই ভাৰতক 2-0 ব্যৱধানত আগুৱাই নিয়ে :

ভাৰতীয় টেবুল টেনিছ তাৰকা মণিকা বাট্ৰাই 16 ৰাউণ্ডৰ টেবুল টেনিছ মেচখনৰ দ্বিতীয়খন মেচত বিশ্বৰ 10 নম্বৰ স্থানত থকা ৰোমানিয়াৰ বাৰ্নাডেট শ্বোকছৰ বিৰুদ্ধে 11-5, 11-7, 11-7 ব্যৱধানত জয়লাভ কৰি ভাৰতক মেচখনত 2-0 ব্যৱধানত আগুৱাই লৈ যায় ৷

লগতে পঢ়ক : অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকৰ - Paris Olympics 2024

তৃতীয়খন খেলত পৰাস্ত হয় শ্ৰীজা আকুলা :

ৰোমাঞ্চকৰ তৃতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতৰ তাৰকা পেডেলাৰ শ্ৰীজা আকুলা ৷ 5খন খেলৰ ৰোমাঞ্চকৰ মেচত ৰোমানিয়াৰ এলিজাবেটা ছামাৰাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আকুলা ৷ ইউৰোপীয় চেম্পিয়ন ছামৰাই 8-11, 11-4, 7-11, 11-6, 11-8 ব্যৱধানত জয়লাভ কৰি ৰোমানিয়াক প্ৰতিযোগিতাত থাকিবলৈ সহায় কৰি ভাৰতৰ অগ্ৰগতি 2-1 ত লৈ যায় ৷

ৰোমানিয়াই 2-2 ৰ সমান স্ক’ৰ কৰে :

মহিলা দলৰ 16 ৰাউণ্ডৰ মেচখনৰ চতুৰ্থখন খেলত ৰোমানিয়াৰ বাৰ্নাডেট শ্ব’কছে অৰ্চনা কামাথৰ বিৰুদ্ধে 11-5, 8-11, 11-7, 11-9 ব্যৱধানত জয়লাভ কৰে ৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি ৰোমানিয়াৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে 2-2 ব্যৱধানত সমতা স্থাপন কৰে ৷ এতিয়া এডিনা ডাইকনু বনাম মণিকা বাট্ৰাৰ 5ম খেলৰ বিজয়ী দলে সিদ্ধান্ত ল’ব কোনটো দলে মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব ৷

এতিয়া ভাৰতে কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা বা জাৰ্মানীৰ বিৰুদ্ধে খেলিব ৷

লগতে পঢ়ক : লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয় কৰিব লক্ষ্য সেনে : ভিক্টৰ এক্সেলছেনৰ ভৱিষ্যদ্বাণী - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.