ETV Bharat / sports

পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 5:34 PM IST

Olympics 2024 Hockey quarterfinals : পেৰিছ অলিম্পিকৰ পুৰুষ হকীৰ কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ’ব। ভাৰতীয় হকী দলে কেতিয়া আৰু কোন দলৰ বিৰুদ্ধে নিজৰ কোৱাৰ্টাৰ ফাইনেল মেচ খেলিব ? জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

Olympics 2024 Hockey quarterfinals
হকী কোৱাৰ্টাৰ ফাইনেল কেতিয়া (AP Photo)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ৷ শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ এই বাতৰিত আমি আপোনালোকক জনাবলৈ ওলাইছো যে কোৱাৰ্টাৰ ফাইনেল মেচত কোন দলৰ বিৰুদ্ধে ভাৰতীয় দলটো মুখামুখি হ’ব ?

গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল :

পেৰিছ অলিম্পিকত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় পুৰুষ হকী দলটোৱে কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইন দলৰ বিৰুদ্ধে খেলিব ৷ এই খেলখন 4 আগষ্ট দেওবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ 1.30 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷

অন্তিমখন পুল-বি (B) মেচত 52 বছৰৰ পাচত অলিম্পিকত তীব্ৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াক 3-2 গলত পৰাস্ত কৰি ভাৰতৰ মনোবল উত্থান ঘটিছে ৷ ভাৰতৰ 140 কোটি দেশবাসীয়েও এইবাৰ নিজৰ দলৰ পৰা স্বৰ্ণ পদক আশা কৰিছে ৷ ভাৰতীয় দলটোৱে বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰিছিল ৷

পেৰিছ অলিম্পিক হকী কোৱাৰ্টাৰ ফাইনেল মেচ :

  • 4 আগষ্ট দেওবাৰে পুল এ (A) বিজয়ী জাৰ্মানীয়ে কোৱাৰ্টাৰ ফাইনেলত পুল বি-ত চতুৰ্থ স্থান দখল কৰা আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব ৷
  • পুল বি টেবুল টপাৰ আৰু বর্তমানৰ অলিম্পিক চেম্পিয়ন বেলজিয়ামে পুল এ-ৰ চতুর্থ স্থানত থকা দল স্পেইনৰ বিৰুদ্ধে খেলিব ৷
  • পুল এ-ত দ্বিতীয় স্থান দখল কৰি নেদাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত পুল বি-ত তৃতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৷
  • পুল বি-ৰ ৰানাৰ্ছ আপ ভাৰতীয় দলটোৱে পুল এ-ত তৃতীয় স্থানৰ গ্ৰেট ব্ৰিটেইন দলৰ বিৰুদ্ধে খেলিব ৷

শেষবাৰৰ বাবে হকীত সোণৰ পদক লাভ কৰিছিল 1980 চনত :

ভাৰতীয় পুৰুষ হকী দলটোৱে শেষবাৰৰ বাবে 1980 চনৰ মস্কো অলিম্পিকত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল ৷ পেৰিছত কেংগাৰুৰ বিৰুদ্ধে খেলখনত 2 টা উজ্জ্বল গল দি জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে কয় যে, ‘আমি অলিম্পিকত আমাৰ অভিযান এটা জয়ৰে আৰম্ভ কৰিছিলো আৰু আমি সিদ্ধান্ত লৈছিলো যে আমি বিজয়ী মেচৰ সৈতে ইয়াক সমাপ্ত কৰিম ৷'

৬ আগষ্টত অনুষ্ঠিত হ’ব ছেমি ফাইনেল :
উল্লেখ্য যে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৬ আগষ্টত কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলৰ মাজত পুৰুষৰ হকী ছেমি ফাইনেল অনুষ্ঠিত হ’ব।

লগতে পঢ়ক : ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.