ETV Bharat / sports

পেৰিছ অলিম্পিক পুৰুষ হকী : আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ ব্যৱধানত ড্ৰ ভাৰতৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 8:25 PM IST

Paris Olympics 2024 Hockey : পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । সোমবাৰে এক কঠিন মেচত ভাৰতে আৰ্জেণ্টিনাৰ বিৰুদ্ধে মেচত ১-১ গ'লত ড্ৰ খেলে ।

Paris Olympics 2024 Hockey
ভাৰতীয় হকী দলৰ একাংশ সদস্য (AP Photo)

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় । হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলে সোমবাৰে এক কঠিন প্ৰতিযোগিতাত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় । মেচখনত ভাৰতে ১-১ গ'লৰ ব্যৱধানত ড্ৰ খেলে । আৰ্জেণ্টিনাৰ হৈ খেলৰ ২২ মিনিটত একমাত্ৰ গ'লটো দিয়ে লুকাছ মাৰ্টিনেজে । আনহাতে, মেচখন সমাপ্ত হোৱাৰ মাত্ৰ 1 মিনিট পূৰ্বে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে এক পেনাল্টি কৰ্ণাৰক সুন্দৰভাৱে গ'ললৈ ৰূপান্তৰ কৰি স্ক'ৰ 1-1 ব্যৱধান কৰে ।

মেচখনৰ দ্বিতীয় কোৱাৰ্টাৰত আৰ্জেণ্টিনাই গ'লটো কৰে । আনহাতে, ভাৰতে মেচখনত আৰম্ভণিৰে পৰা আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে । অৱশ্যে প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলে গ'ল কৰাৰ সুযোগ লাভ কৰে যদিও সেই সুযোগ গ'ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয় । ফলস্বৰূপে মেচৰ প্ৰথম কোৱাৰ্টাৰ গ'লশূন্যভাৱে অন্ত পৰে । আনহাতে, দ্বিতীয় কোৱাৰ্টাৰত ভাৰতীয় খেলুৱৈসকলে কেইবাটাও সুযোগ সৃষ্টি কৰে যদিও সেয়া গ'ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে । তাৰ পিচত ২২ মিনিটত লুকাছ মাৰ্টিনেজৰ এটা সুন্দৰ গ'লৰ সহায়ত আৰ্জেণ্টিনাই হাফ টাইমৰ ভিতৰতে ভাৰতৰ বিৰুদ্ধে ১-০ ৰ অগ্ৰগতি লাভ কৰে ।

আনহাতে, মেচখনৰ তৃতীয় কোৱাৰ্টাৰতে তীব্ৰ আক্ৰমণ আৰম্ভ কৰে । কিন্তু আৰ্জেণ্টিনাৰ গ'লৰক্ষকে সেয়া সুন্দৰভাৱে প্ৰতিহত কৰে । তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় খেলুৱৈসকলে কেইবাবাৰো প্ৰতি-আক্ৰমণ কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰথম মেচখনত শনিবাৰে ভাৰতীয় পুৰুষ হকী দলে নিউজীলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰি পেৰিছ অলিম্পিক অভিযান আৰম্ভ কৰে । মনদীপ সিং (২৩ মিনিট), বিবেক সাগৰ প্ৰসাদ (৩৪ মিনিট) আৰু হৰমনপ্ৰীত সিঙে (৫৯ মিনিট) ভাৰতৰ হৈ গ'ল কৰে ।

লগতে পঢ়ক :বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024
লগতে পঢ়ক :মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন মনু ভাকৰ-সৰবজোৎ সিঙৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.