ETV Bharat / sports

পেনাল্টি শ্বুটআউটৰ জৰিয়তে গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ ভাৰতীয় হকী দলৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 5:29 PM IST

Updated : Aug 4, 2024, 9:09 PM IST

Paris Olympics 2024 Hockey: পেৰিছ অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী দলৰ ৷ কোৱাৰ্টাৰ ফাইনেলৰ ৰোমাঞ্চকৰ খেলখনত ভাৰতে শ্বুটআউটত গ্ৰেট ব্রিটেইনক ৪-২ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্রৱেশ কৰে ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Hockey
ভাৰতীয় হকী দল (AP)

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: দেওবাৰে পেৰিছ অলিম্পিকত ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত হকীৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হয় । এই ৰোমাঞ্চকৰ খেলখনত ভাৰতে শ্বুটআউটত গ্ৰেট ব্রিটেইনক পৰাস্ত কৰি ছেমি ফাইনেলত প্রৱেশ কৰিছে ৷ অন্তিম সময়লৈকে মেচখন ১-১ গ’লত সমান হৈ থাকে । ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে (২২ মিনিট) গ’ল দিয়ে । একে সময়তে গ্ৰেট বৃটেইনৰ হৈ লি মৰ্টনে (২৭ মিনিট) গ’লটো দিয়ে । ইয়াৰ পিচত মেচখন শ্বুটআউটলৈ যায় ।

শ্বুটআউটত ভাৰতে জয়লাভ কৰে:

ৰোমাঞ্চকৰ শ্বুটআউটত ভাৰতে গ্ৰেট ব্রিটেইনক ৪-২ গ’লত পৰাস্ত কৰে ৷ শ্বুটআউটত ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে প্ৰথমটো আৰু সুখজিত সিঙে দ্বিতীয়টো গ’ল দিয়ে । তৃতীয়টো গ’ল দিয়ে ললিত কুমাৰ উপাধ্যায়ে ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024

প্ৰথম কোৱাৰ্টাৰত ব্ৰিটেইনে আধিপত্য বিস্তাৰ:

গ্ৰেট বৃটেইনে আক্ৰমণাত্মকভাবে খেলখন আৰম্ভ কৰে । তেওঁলোকে প্ৰথম ৫ মিনিটতে পেনাল্টি কৰ্ণাৰ পাইছিল, যিটো ভাৰতে ভালদৰে ৰক্ষা কৰিছিল । প্ৰথম কোৱাৰ্টাৰত বেছিভাগ সময় ব্ৰিটিছ খেলুৱৈৰ হাতত বল আছিল । ভাৰতেও কিছুমান সুক্ষ্ম সুযোগ পাইছিল যাৰ সুযোগ তেওঁলোকে ল’ব পৰা নাছিল । প্ৰথম কোৱাৰ্টাৰত ভাৰতে ডিফেন্সিভ খেলিছিল আৰু অভিজ্ঞ গ’লৰক্ষক পি আৰ শ্ৰীজেশে অতি সুন্দৰভাৱে গ’লকেইটা প্ৰতিহত কৰিছিল । ১৩ মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, কিন্তু হৰমনপ্ৰীত সিঙে গ’ল কৰাত ব্য়ৰ্থ হয় । প্ৰথম কোৱাৰ্টাৰত ০-০ গ’লত খেলখন অন্ত পৰে ।

অৰ্ধ সময়লৈকে ১-১ গ’লত সমতা স্থাপন :

খেলখন আৰম্ভ হোৱাৰ ১৮ মিনিটৰ পাচত ভাৰতৰ তাৰকা ডিফেণ্ডাৰ অমিত ৰোহিদাসক ৰঙা কাৰ্ড দেখুৱাত তেওঁ খেলপথাৰ এৰিব লগা হয় ৷ অমিত ৰোহিদাসে বিপক্ষ খেলুৱৈগৰাকীৰ মূৰত ইচ্ছাকৃতভাৱে হকী ষ্টিক মাৰি দিয়াৰ বাবে ৰঙা কাৰ্ড লাভ কৰে । ইয়াৰ অৰ্থ হ’ল এতিয়া ভাৰতে ১১জন খেলুৱৈৰ পৰিৱৰ্তে ১০জন খেলুৱৈৰে সমগ্ৰ খেলখন খেলিব লাগিব । ইয়াৰ পিছত ভাৰতীয় দলটোৱে অধিক শক্তিৰে খেলি ২২ মিনিটত পেনাল্টি কৰ্ণাৰ লাভ কৰে । এই সুযোগৰ সদব্যৱহাৰ কৰি ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে এটা দৰ্শনীয় গ’ল দি খেলখনত ভাৰতক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ পাচত ২৭ মিনিটত ব্ৰিটেইনৰ লি মৰ্টনে ফিল্ডত এক উজ্জ্বল গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে । আধা সময়লৈকে ১-১ গ’লত সমান হৈ থাকে ।

লগতে পঢ়ক: ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

তৃতীয় কোৱাৰ্টাৰত ব্ৰিটেইনৰ আধিপত্য

তৃতীয় কোৱাৰ্টাৰত গ্ৰেট ব্রিটেইনৰ দলটোৱে ভাৰতৰ ওপৰত আধিপত্য বিস্তাৰ কৰি থাকিল ৷ পেনাল্টি কৰ্ণাৰকে ধৰি গ’ল দিয়াৰ বহু গুৰুত্বপূৰ্ণ সুযোগ ব্ৰিটেইনে লাভ কৰিছিল যদিও ভাৰতৰ শক্তিশালী ডিফেন্সত ব্ৰিটিছৰ সকলো আক্ৰমণত বিফল হৈছিল । এই কোৱাৰ্টাৰতো গ্ৰেট বৃটেইনে আক্ৰমণাত্মক খেল দেখুৱাইছিল । একে সময়তে ভাৰতীয় দলটো ডিফেন্সিভ মোডত দেখা গ’ল গ’লৰক্ষক পি আৰ শ্ৰীজেশক ৷ তেওঁ গোটেই সময়খিনি গ’ল ৰক্ষাত ব্যস্ত হৈ থাকিল । অৱশ্যে তৃতীয় কোৱাৰ্টাৰটো কোনো গ’ল নোহোৱাত খেলখন ১-১ গ’লত অন্ত পৰে ।

চতুৰ্থ কোৱাৰ্টাৰটো আছিল ৰোমাঞ্চকৰ

ভাৰত আৰু গ্ৰেট ব্রিটেইনৰ মাজত চতুর্থ কোৱাৰ্টাৰটো অতি ৰোমাঞ্চকৰ আছিল ৷ এই কোৱাৰ্টাৰত দুয়োটা দলে ১-১ গ্ৰীণ কাৰ্ড লাভ কৰে । যাৰ অৰ্থ আছিল দুয়োটা দলে ১ জন কমকৈ ২-২ মিনিট খেলিবলগীয়া হৈছিল । দুয়োটা দলে ইটোৱে সিটোৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছিল যদিও বিফল হৈছিল । ব্ৰিটেইনে বহু বিপদজনক আক্ৰমণ চলাইছিল যদিও ভাৰতৰ দেৱাল শ্ৰীজেশে সকলোকে বিফল কৰি ব্ৰিটেইনক ১-১ গ’লত ৰাখিছিল । আৰু মেচখন শ্বুটআউটলৈ যায় ।

লগতে পঢ়ক: ভাৰতীয় হকী দলৰ প্ৰথম পৰাজয় : বেলজিয়ামৰ বিৰুদ্ধে ২-১ গ'লত পৰাস্ত - PARIS OLYMPICS 2024

Last Updated : Aug 4, 2024, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.